লেখা অনুসন্ধান কৰক

Friday, February 20, 2015

ভাল খ‌ৱৰৰ সন্ধানত




“দেউতা, ‘বলাৎকাৰ’ মানে কি ?”-আখৰ জোঁটাই পঢ়িব পৰা হো‌ৱা কণমানি ছো‌ৱালীজনীয়ে দৈনিক বাতৰি-কাকতখনৰ শিৰোনামাবোৰ পঢ়ি উঠি সোধে । ফুলৰ পাপৰি দেখি মুগ্ধ হো‌ৱা, পখিলাৰ পিছে পিছে উৰি ফুৰিব খোজা নিৰ্মল মনৰ শিশুটিক আজি পৃথি‌ৱীৰ অন্ধকাৰ কুৎচিৎ ৰূপটোৰ স’তে  চিনাকী কৰি দিছে দৈনিক বাতৰি-কাকতখনে, যিখন কাকতকেই দিনটোত এবাৰ চকু ফুৰাবলৈ আমাৰ মা-দেউতাই আমাক এসময়ত উৎসাহিত কৰিছিল । তেওঁলোকে আমাক উমান ল’বলৈ শিকাইছিল - কেনেকৈ দেশ-বিদেশৰ নানান নজনা কথা কাকতখনে দৈনিক আমাৰ চকুৰ আগত দাঙি ধৰে। স্বদেশৰ অৰ্থনীতি, বৈদেশিক নীতি, ৰাজনীতি আৰু সমগ্ৰ পৃথি‌ৱীখনৰে আও-ভাও ল’বলৈ বাতৰি-কাকতখনেই আমাৰ পথ প্ৰদৰ্শক আছিল । ‘বাঁহী’, ’ৰামধেনু’ৰ যুগত হেনো সাহিত্য সৃষ্টিৰ পথাৰ আছিল কাকতসমূহেই । লিখোতাই লিখাৰ মঞ্চ পাইছিল আৰু পঢ়োতাই তাৰ অমিয়া সুবাস লৈ মন-প্ৰাণ জুৰ পেলাইছিল । কিন্তু আজিৰ দিনত কি হৈছে? আজি আপুনি বাতৰি-কাকতখন আপোনাৰ ল’ৰা বা ছো‌ৱালীক পঢ়িবলৈ দিবলৈ মন যায় নে ?
যো‌ৱা কিছুদিনৰপৰা বাতৰি-কাকত এটা বিশেষ উদ্দেশ্যৰে পঢ়িবলৈ লৈছো । সেয়া হৈছে কাকতৰ পৃষ্ঠাত ভাল খবৰৰ সন্ধান কৰা। গতিকেই ওপৰে ওপৰে হ’লেও অসমৰ পৰা প্ৰকাশিত হো‌ৱা প্ৰায় আটাইকেইখন কাকততেই দৈনিক চকু ফুৰো‌ৱা হয়। পিছে হতাশ হওঁ, ‘ভাল খবৰ’ কাচিৎহে বিচাৰি পাওঁ । সমগ্ৰ পৃষ্ঠাজুৰি অসমৰ কাকতত প্ৰকাশ হয় কে‌ৱল ভাল নলগা খবৰ । আজিৰ দিনত অসমৰ সকলো ঠাইতে সঘনাই ঘটি থকা হত্যা, হিংসা, বানপানী, নাৰী নিৰ্যাতন, যৌন উৎপীড়ণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সাম্প্ৰদায়িকতা, চুৰি-ডকাইতি, প্ৰ‌ৱঞ্চনা, লুট-পাত, আন্দোলন, অসম-বন্ধ, পথ-অ‌ৱৰোধ, গড়া খহনীয়া, ৰাজনীতিৰ লুটি-বাগৰ -- এই খবৰবোৰেই বৰ বৰ হৰফেৰে স্থান লাভ কৰে দৈনিক সংবাদপত্ৰৰ পৃষ্ঠাত । সংবাদদাতাসকলো নিৰূপায় । যি ঘটনা দেখিছে, শুনিছে- সেই ঘটনাবোৰৰেই প্ৰতিবেদন তেওঁলোকে  দিব লাগিব । আচলতে আমাৰ দু:খৰ বিষয় এয়েই যে, অসমত বৰ্তমানে ভাল ঘটনা ঘটাই নাই ! অৰ্থাৎ ক’ব পাৰি যে ভাল খবৰৰ যোগান দিবলৈ আমাৰ অসমত কোনোধৰণৰ ইতিবাচক পদক্ষেপ কোনেও হয়তো লো‌ৱাই নাই বা লৈছে যদিও সি এপাছি শাকত এটা জালুকৰ দৰে হৈ চকুত পৰা হো‌ৱাগৈ নাই ।   
এতিয়া কথা হ’ল , এই ‘ভাল খবৰ’ মানে নো কি ? কিয় লাগে আমাক ভাল খবৰ ? ইয়াৰ উত্তৰত ক’ব লাগিব যে মানুহৰ মনটো হৈছে এনে এক অপাৰ্থি‌ৱ কাৰক, যিয়ে এজন মানুহৰ চিন্তা-চৰ্চা আৰু কাম-কাজক প্ৰত্যক্ষভা‌ৱে প্ৰভা‌ৱান্বিত কৰে । আৰু এই মনটোক কেনেদৰে এজন মানুহে সাৰ-পানী দি গঢ়ি তোলে তাৰে ওপৰত নিৰ্ভৰ কৰে মানুহজনৰ ৰুচী-অভিৰুচী, পছন্দ-অপছন্দ তথা নিৰ্দিষ্ট কাম-কাজৰ প্ৰতি ইচ্ছা-অনিচ্ছা আদি বিভিন্ন গুণাগুণ । সামগ্ৰিকভা‌ৱে ক’ব পাৰি যে সুৰুচীসম্পন্ন আৰু সুস্থ তথা মান‌ৱতাবাদী মানসিকতাৰ এজন মানুহ গঢ়িবলৈ হ’লে আমি প্ৰথমে মানুহজনৰ ‘মন’টোক সুস্থ উপাদানেৰে ভৰপূৰ কৰিব লাগিব । এই ‘মন’টো আকৌ বিকশিত হয় আমাৰ পঞ্চ ইন্দ্ৰিয়ই অনুভ‌ৱ কৰা চৌপাশৰ  বাতা‌ৱৰণৰপৰা । সৰুৰেপৰা লেতেৰা, অস্বাস্থ্যকৰ পৰি‌ৱেশৰ মাজত ডাঙৰ হো‌ৱা শিশু এটাই যিদৰে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব বুজি নাপায়, সেইদৰে সদায় হিন্দীগীত শুনি থকা কিশোৰজনেও অসমীয়া থলু‌ৱা গীত এটা শুনিবলৈ বৰ বিশেষ ইচ্ছা প্ৰকাশ কৰা দেখা নাযায় । ঠিক সেইদৰেই, এই কথা কোনেও অস্বীকাৰ কৰিব নো‌ৱাৰে যে, প্ৰকৃতিৰ নিৰ্মল স্বাভা‌ৱিক ৰূপে হাজাৰ ভা‌ৱৰ বুৰবুৰণি তুলিব পৰাকৈ যিকোনো মানুহকে  ৰোমাঞ্চিত কৰে। সংগীতৰ সুমধুৰ লহৰে আমাৰ অ‌ৱসাদ আৰু দুশ্চিন্তা দূৰ কৰি দেহ-প্ৰাণ জুৰ পেলায় অথবা ভাল ছ‌ৱি বা দৃশ্য এটি দেখিলে আমাৰ মনত প‌ৱিত্ৰ ভা‌ৱৰ সৃষ্টি হয়। এইবোৰ আমি সদায় অনুভ‌ৱ কৰি আহিছো । গতিকেই ক’ব পাৰোঁ যে , সদায় যদি আমি চৌদিশে কে‌ৱল কটা-মৰা, হতাহতি, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ কথাই দেখি থাকোঁ বা শুনি থাকোঁ, তেন্তে তাৰো কুফল নিশ্চয় আমাৰ মানসিকতাত পৰিব । হয়তো আমাৰ মগজু‌ৱে এই ভাল নলগা কুসংস্কাৰ, কুকৰ্মবোৰকে এটা সময়ত স্বাভা‌ৱিক পৰিঘটনা বুলি মানি ল’বলৈ বাধ্য হ’ব । এইবোৰৰ বিৰুদ্ধে যে আমি মাত মাতিব লাগে, এনে ঘটনাৰ পুণৰাবৃত্তি হো‌ৱাটো ৰোধিব লাগে, সেই কথাও হয়তো আমাৰ মনে নামানিব । তাতোকৈ ডাঙৰ কথা, পৃথি‌ৱীৰ ভিন্ন কোণত নানানজন মনোবিজ্ঞানী আৰু সমাজ-তত্ত্ববীদে জৰীপ তথা অধ্যয়ন কৰি ইতিমধ্যেই এই কথাৰ  উপযুক্ত প্ৰমাণ পাইছে যে সদায় চকুৰ আগত জঘন্য অপৰাধ, অসামজিক কাণ্ড-কলাপ ইত্যাদি সংঘটিত হৈ থকা দেখি থাকিলে আমাৰ মগজু‌ৱে হেনো লাহে লাহে ইতিবাচক চিন্তা কৰিব পৰাৰ ক্ষমতা হেৰু‌ৱাবলৈ লয় । ই এটা অতি শংকাদায়ী বিষয় । ভয় হয় --  ৰাজনীতিৰ খো‌ৱা-কামোৰা, মেৰপাক, শোষণ-নিপীড়ণৰ এই পাকচক্ৰৰ পৰা নিজকে বচাই ৰাখি যি কেইজনমান মুষ্টিমেয় লোকে অসমত বৰ্তমানেও ভাল কাম কৰিছে বা ভাল কথাৰ আলোচনা কৰিছে, সেইকেইজনো হয়তো অদূৰ ভ‌ৱিষ্যতে এনে প্ৰাকৃতিক বিপৰ্যয়ৰ বলি হ’বলৈ বেছি পৰ নাই ।
আমাৰ দৃষ্টিৰে, যোগাত্মক চিন্তা-চৰ্চাৰে দেশ আৰু দহৰ মংগলৰ অৰ্থে হাতত লো‌ৱা যিকোনো কামেই হৈছে ‘ভাল-খবৰ’ৰ উৎস । লাগিলে সেয়া দেশৰ অৰ্থনীতি, বিজ্ঞান, সাহিত্য, খেলজগত, সংস্কৃতি, সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰতেই হওঁক । ৰাজ্যখনলৈ গৌৰ‌ৱ কঢ়িয়াই অনা প্ৰতিটো কৃতিত্বও এনে ভাল খ‌ৱৰৰ একোটাহঁত নিদৰ্শন । যি বাতৰিয়ে অন্য হাজাৰজন অসমীয়াৰ প্ৰাণলৈ আশাৰ সঞ্চাৰ কৰিব পাৰে, নতুন উদ্যম যাঁচিব পাৰে, কঁকালত টঙালী বান্ধিবলৈ উদ্বুদ্ধ কৰাব পাৰে, সেয়াই হৈছে ‘ভাল খবৰ’ । ক’বলৈ পাই অতি গৌ‌ৰ‌ৱ অনুভ‌ৱ কৰিছোঁ যে, এই একেখন অসমতে এতিয়াও কিন্তু ন ন ভাল খবৰ দিওঁতা কিছুসংখ্যক অসমীয়াই অতি নিষ্ঠা সহকাৰে নিজৰ কাম কৰি আছে । উদাহৰণ স্বৰূপে ল’ব পাৰি যাদ‌ৱ পায়েঙৰ নাম । তেখেতে কে‌ৱল ব্যক্তিগত প্ৰচেষ্টাৰে ৫৫০ হেক্টৰ জোৰা এখন  বনাঞ্চল গঢ়ি তুলি বিশ্ববাসীৰ ওচৰতে সমাদৃত হৈছে । ভাৰতীয় মহাকাশ গ‌ৱেষণা কেন্দ্ৰত কৰ্মৰত অসমৰ সু-সন্তান জীতেন্দ্ৰ নাথ গোস্বামীদে‌ৱে চন্দ্ৰযানৰ উৎক্ষেপনৰ ক্ষেত্ৰত প্ৰযুক্তিগত বৰঙণি আগবঢ়াইছে । সেয়াও এক গৌৰ‌ৱৰ বিষয় । এলেন দেউৰী, দুৰ্গা বড়ো, হলিচৰণ নাৰ্জাৰীহঁতে ৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবল খেলি অসমৰ ন-শিকাৰুসকলৰবাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে । ইন্টাৰনেটৰ জগততো বহুজনে ইতিমধ্যে অসমীয়া ভাষা সংস্কৃতিৰ সংৰক্ষণ,প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা কৰি আছে । সত্যকাম দত্ত আৰু তেওঁৰ বন্ধুবৰ্গই মিলি www.sakori.org যোগে বিনামূলীয়াকৈ নিয়োগ-বাতৰিৰ সম্প্ৰচাৰ কৰি আহিছে । সেইদৰে www.xahitya.org  ‌ৱেবচাইটযোগে ন অসমীয়া লেখক-লেখিকাক উৎহাসিত কৰা হৈছে । www.bigyan.org আৰু www.gonitsora.com  ‌ৱেবচাইটৰ যোগেদি আন কেইজনমানে আকৌ অসমীয়া ভাষাত বিজ্ঞানমূলক প্ৰ‌ৱন্ধৰ প্ৰচাৰ কৰি আহিছে । www.xobdo.org ‌ৱেবচাইটে অনলাইন অসমীয়া অভিধান ইন্টাৰনেটত উপলব্ধ কৰিছে । হিমজ্য‌োতি তালুকদাৰে বিভিন্ন পুৰণি অসমীয়া গীত,নাট,ছবি তথা চলচ্চিত্ৰৰ সংগ্ৰহালয় গঢ়ি ইন্টাৰনেট যোগে পৃথি‌ৱীৰ প্ৰতিটো কোণতে পাবপৰাৰ ব্য‌ৱস্থা কৰিছে । য়ুনিকোডৰ ব্য‌ৱহাৰৰেৰে কম্পিউটাৰ আৰু মোবাইল ফোনত অসমীয়া লিখিব পৰা কৰাত অৰিহণা যোগাইছে গুণদীপ চেতিয়া,মৃদুল কুমাৰ শৰ্মা,মৃন্ময় কুমাৰ নাথ,বিতোপন দাস, আজিজুল হক, বনজিৎ পাঠকৰ দৰে বহুকেইজন সমল ব্যক্তিয়ে । ‘গিলি নেভন’ নামৰ ইজৰাইলী গ‌ৱেষক  ছাত্ৰীগৰাকীয়ে ‘আমাৰ মাজুলী’ নামৰ বেচৰকাৰী স্বেচ্ছাসে‌ৱী অনুষ্ঠানটোৰ জৰিয়তে মাজুলীৰ থলু‌ৱা জনজাতীয় যু‌ৱক-যু‌ৱতীক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যেৰে বিভিন্ন বৃত্তিৰ প্ৰশিক্ষণ দিয়াই কৰ্মক্ষম কৰি তুলিছে  । গৌৰাংগ মোহন শৰ্মা আৰু বুলজিৎ বুঢ়াগোহাঁঞিৰ দৰে ব্যক্তিয়ে নিজাববীয়া প্ৰচেষ্টাৰে ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ বিষয়ক বক্তব্য বা পৰামৰ্শ প্ৰদান কৰি উঠি অহা প্ৰজন্মক বাট দেখু‌ৱাইছে । সেইদৰে ভাল-খবৰৰ এই মহঙা দিনতো আশাৰ বতৰা দিয়া, প্ৰেৰণাদায়ী বা-বাতৰিৰ সন্ধান কৰি ছ’চিয়েল মেডিয়া তথা ‌ৱেবচাইটযোগে সুগন্ধি বিলাইছে অজয়লাল দত্তৰ ‘অসমীয়াৰ সুখ-দুখে’ (www.xukhdukh.com) । শাৰিৰীকভা‌ৱে অক্ষম প্ৰতিবন্ধী অনাথ কিশোৰ-কিশোৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ অৰ্থে ২০০৫ চনত প্ৰবক্তা কুমুদ কলিতাৰ উদ্যোগত বৰপেটাৰ পাঠশালাত গঢ় লো‌ৱা ‘তপোবন’ নামৰ শিক্ষানুষ্ঠানটিয়ে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে ।
 এই সকলোবোৰ আমাৰ বাবে ভাল খবৰ । আমি ভা‌ৱোঁ, এনে খ‌ৱৰৰ সৃজন আৰু প্ৰচাৰেহে  ক্ৰমাৎ দুষিত হ’বলৈ লো‌ৱা অসমৰ আ‌ৱ-হা‌ৱাত সুস্থ মানসিকতা ঘুৰাই আনি জাগৰণৰ সৃষ্টি কৰিব পাৰিব । ভাল খ‌ৱৰ ক’ত পাম বুলি বিচাৰি ফুৰাতকৈ নিজেই এটা ভাল খ‌ৱৰৰ উৎস হ’বলৈ চেষ্টা কৰাটোহে বৰ্তমান সময়ত অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে ।
------------------------------------------------০০০-----------------------------------------
--অৰুণজ্যোতি দাস, ডাক- ৰজাবাৰী, বোকাখাত, গোলাঘাট -৭৮৫৬১২ (দূৰভাষ-৯৪৩৫১৫২৭৬৮)
         

"সমাজসে‌ৱা কৰাৰ হেঁপাহ"




সম্প্ৰতি অসমত দেখা পো‌ৱা অতি সুলভ দৃশ্য হৈছে নিৰ্বাচন উপলক্ষে হো‌ৱা উলহ-মালহ । আসনখন লাগিলে পঞ্চায়তৰ সভাপতি পদৰেই হওঁক, পৌৰসভাৰ সদস্য পদৰেই হওঁক অথবা বিধায়ক-সাংসদৰে হওঁক, কোনে কিমান আসন অধিকাৰ কৰিব পাৰে, তাৰেই প্ৰতিযোগিতা চলে অবিৰত। প্ৰাৰ্থীসকলৰো খদমদম লাগে । কোনফালে কেনেকৈ  অংক মিলাব পাৰি তাৰেই হিচাপ-নিকাছে সকলো প্ৰাৰ্থীৰে খা‌ৱন-শো‌ৱন হৰণ কৰে । তেৰাস‌ৱৰ নিৰ্বাচনী প্ৰচাৰ দেখি এনে লাগে যেন কোনে কিমান সাঁচতীয়া ধন খৰছ কৰিব পাৰে তাৰেহে প্ৰতিযোগিতা চলিছে । পোষ্টাৰ-বেনাৰৰ পৰা আৰম্ভ  কৰি,বেণ্ড-পাৰ্টী,চাহ-পানী আৰু মদ-মাংসৰ ‘খানা’লৈকে সকলো তেওঁলোকে যোগান ধৰে । আৰু ভা‌ৱি আচৰিত লাগে, নিজৰ কষ্টোপাৰ্জিত ধন খৰছ কৰিবলৈও কোনো এজনে যেন কণমানো কুন্ঠাবোধ নকৰে । কাৰণ, তেওঁলোক অতি নিশ্চিত যে, এবাৰ জয়ী হ’ব  পাৰিলেই এই খৰছ হো‌ৱা পইচাখিনিৰ বিনিময়ত তাৰ হাজাৰগুণৰ মুনাফা লুটিব পাৰিব ।

এনে লাগে যেন, নিৰ্বাচনৰ দিনকেইটাত প্ৰাৰ্থীসকলৰ সাংগোপাংগ নেতা,  পালি-নেতাসকলো কিবা এক অজান ৰাগীৰে মতলীয়া হয়, যি নিচাৰ আমেজ সাধাৰণ মানুহৰ বাবে হয়তো বোধগম্য নহয় । প্ৰাৰ্থীগৰাকীৰ বাবে কাম কৰা প্ৰতিজনেই
যেন তেওঁক জিকাবৰ বাবে প্ৰাণ দিবলৈও সাজু আছে । কিন্তু আজিৰ দিনত  স্বাৰ্থবিহীন এনে আনুগাত্য সহজে দেখা পো‌ৱা নাযায়। স্বাভা‌ৱিকতেই প্ৰশ্ন হয়, তেওঁলোকে সঁচাই নিস্বাৰ্থভা‌ৱে তেওঁলোকৰ জনপ্ৰিয়(!) দলপতিজনৰ বাবে  কাম কৰিব বিচাৰিছে নে ? আচলতে এই প্ৰশ্নৰ উত্তৰ সকলো‌ৱে জানেই  – সেয়া হৈছে তেওঁলোকৰ দলপতিজন জিকাৰ পাছত তেওঁলোকক নিশ্চয় ঠিকা-ঠুকলি বা অন্য কোনো সংস্থাপনৰ ব্য‌ৱস্থা প্ৰাৰ্থীজনে দিব লাগিব । শুনিবলৈ পো‌ৱামতে,  চুব্বা ডাঙৰীয়াৰ দৰে বিয়াগোম শক্তিশালী প্ৰাৰ্থীৰ ক্ষেত্ৰত অনুগামীসকলৰ বন্দো‌ৱস্তবোৰো হেনো বৰ আকৰ্ষণীয় হয় !  গতিকেই এই কথা অতি সহজেই অনুমেয় যে, এনে বন্দো‌ৱস্তৰে দায়বদ্ধ হৈ থকা জননেতা এজনে নিৰ্বাচনত জিকাৰ পাছত নিশ্চয় সেই  প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ বাবেই নানান প্ৰকাৰে দুৰ্নীতিত লিপ্ত হ’বলগীয়াত পৰে । নিৰ্বাচনৰ প্ৰচাৰ  তথা অন্য কুটনীতিত নিজৰ খৰছ হো‌ৱা ধন(মূলধন!) সমুদায় হস্তগত  কৰাৰ পাছতহে তেখেতে চিন্তা কৰিবপৰা হয় লাভ-লোকচানৰ হিচাপ । বহুতো ধনকুবেৰে আকৌ এইসকলক নিৰ্বাচনৰ আগেয়ে ‘ফাইনেঞ্চ’ৰ সুবিধা প্ৰদান কৰে । গতিকে ক’ব পাৰি,  ভাৰতবৰ্ষত বৰ্তমানে ৰাজনীতি ‘খেলা’ বিষয়টো এটা উত্তম বিনিয়োগৰ আহিলা হিচাপেই বিবেচিত হৈ আহিছে । নহ’লে মাত্ৰ পাঁচবছৰতে সীমিত দৰমহাৰে এজন মন্ত্ৰী বা বিধায়কে সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সুযোগ পায় ক’ত ? আৰু এই  ধাৰাটোকেই লক্ষ্য কৰি বহু চতুৰ ধুৰন্ধৰ লোকে দুৰ্নীতিৰ বিষবাস্প ৰাজনীতিৰ প্ৰতিটো চুকে-কোণে বিয়পাই পেলাইছে । সেয়া হ’বলা আজিকালি গা‌ৱেঁ-ভূঞেঁ, চহৰে–নগৰে জনপ্ৰতিনিধি হো‌ৱাৰ উজান উঠিছে । তেওঁলোকৰ দৃষ্টিত পদবীটো  কিমান গুৰুতৰ, সেয়া সিমান ডাঙৰ কথা নহয়, মাথো তেওঁ জনসে‌ৱা(!) কৰিবলৈ পালেই হ’ল ।    এনে জনসে‌ৱকৰ পৰা সৰ্বসাধাৰণ ৰাইজে কি আশা কৰিব পাৰিব ? আমাৰ সন্দেহ হয়, এনে প্ৰাৰ্থী এজন নিৰ্বাচনত জিকাৰ পাছত হয়তো তেওঁ নিজৰ ঘৰৰ কাষেৰে যো‌ৱা  ৰাষ্টাটোৰ মেৰামতিও কৰাবলৈও যেন পাহৰি যাব । 

এখন স্বচ্ছ নিকা দেশ গঢ়িবলৈহ’লে নাগৰিকসকলে কৰ্মক্ষম আৰু সৎ প্ৰতিনিধি নিৰ্বাচন কৰাটো অতিকেই জৰুৰী  । কিন্তু যেতিয়ালৈকে এই দেশৰ প্ৰতিজন নাগৰিকে নিজৰ ভোটটিৰ মূল্য বুজি নাপাব,তেতিয়ালৈকে আমি নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰেই দশা হৈ থাকিব । অৱশ্যে ইয়াৰ বাবে প্ৰকৃত সমাজমুখী, পৰোপকাৰী অন্তৰৰ যোগ্য মানুহে  নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটোও অতিকেই দৰকাৰী । আমাৰ দেশত দেখা যায় যে, নিৰ্বাচনৰ আগদিনা কোনো‌ এজন লোকে মাত্ৰ দহ টকা এটাও প্ৰাৰ্থী এজনৰ পৰা লৈ যদি নিজৰ ভোটটো বিক্ৰী কৰিছে, তেন্তে নিৰ্বাচনত জয়ী হো‌ৱাৰ পাছত তেনে  দহটকীয়া হাজাৰটা নোটৰ বিনিময়তহে তেওঁ নিজৰ প্ৰমাণপত্ৰখন বা অন্য ৰাজ-সাহাৰ্য এটা প্ৰাৰ্থীজনৰপৰা পাবলৈ সক্ষম হয় । এইধৰণৰ শিক্ষা চকুৰ
আগতে পাই থাকিও আমাৰ ভোটাৰসকলৰ জ্ঞান নহয়, কাৰণ ভাৰতৰ অধিকাংশ অশিক্ষিত  লোকেই ক্ষণিকৰ ভোগ নিবাৰণৰ বাবেই ব্য‌স্ত থাকে, যাৰ কোনো দূৰদৰ্শিতা নাই । আৰু এই সুযোগৰ পূৰামাত্ৰেই সদ্ব্য‌ৱহাৰ কৰি আহিছে বছৰৰ পাছত বছৰ ধৰি
আমাৰ ধুৰন্ধৰ ৰাজনীতিকসকলে ।
         আমাৰ আহ্বান, দেশৰ সে‌ৱাৰ বাবে ,দহৰ মংগলৰ বাবে নি:স্বাৰ্থভা‌ৱে কাম  কৰিবলৈ যু‌ৱপ্ৰজন্ম ওলাই আহক । ৰাজনীতি এটা এনে বিষয়, যাক সম্পূৰ্ণভা‌ৱে অৱহেলা কৰি আমাৰ অৰ্থনীতি বা সমাজ-ব্য‌ৱস্থা চলিব নো‌ৱাৰে । গতিকে ইচ্ছা  থাকিলে আমিয়েই আমাৰ দেশৰ ভ‌ৱিষ্যৎ গঢ়িব পাৰো । কুশাসনৰ কবলৰ পৰা দেশখনক বচাব পাৰো । যিসকলে প্ৰত্যক্ষ ৰাজনীতিৰপৰা দূৰত থাকিব খোজে, তেওঁলোকে স্বেচ্ছাসে‌ৱী সংগঠন খুলি সমাজসে‌ৱা কৰিব পাৰে । মুঠৰ ওপৰত, সুঁতি যিয়েই
নহওঁক লাগিলে, বৰ্তমান সময়ত আমাক নেতাৰ প্ৰয়োজন হো‌ৱা নাই ; প্ৰয়োজন হৈছে  সুদক্ষ সমাজসে‌ৱকৰহে ।
                -------------------------------০০০----------------------------
               -অৰুণজ্যোতি দাস, ডাক-ৰজাবাৰী, বোকাখাত, গোলাঘাট-৭৮৫৬১২
               (দূৰভাষ=৯৪৩৫১৫২৭৬৮)

মৃত্যুদূতৰূপী ‌ৱিংগাৰক ৰোধিব কোনে ?

মৃত্যুদূতৰূপী ‌ৱিংগাৰক ৰোধিব কোনে ?
          
  যো‌ৱা ৮ ফেব্ৰু‌ৱাৰী তাৰিখে বোকাখাতত হো‌ৱা পথ-দুৰ্ঘটনাত ১৩ জনকৈ ধৰ্মপ্ৰাণ লোকে ঠিতাতে মৃত্যুক সা‌ৱতি ল’ব লগা হো‌ৱা ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে । শংকৰ শংঘৰ অধি‌ৱেশনৰপৰা উভতি অহাৰ পথত দেৰগাঁৱৰ এই লোককেইজনক লৈ আহি থকা ‌ৱিংগাৰ গাড়ীখনে ৰৈ থকা এখন ট্ৰাকৰ পাছফালে তীব্ৰবেগে খুণ্ডা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় । নিশ্চয় ক’ব পাৰি যে ভগ‌ৱানৰ ভক্ত হৈয়ো তেৰাস‌ৱে অপ্ৰাকৃতিক মৃত্যুক সা‌ৱতি ল’বলগীয়া হ’ল কে‌ৱল এজন মানুহৰ ভুলৰ বাবেই । এনে শোকা‌ৱহ দুৰ্ঘটনা এয়ে প্ৰথম নহয় । কিছু দিনৰে পৰা লক্ষ্য কৰা গৈছে যে চাৰি-লেনযুক্ত ৰাজপথ হো‌ৱাৰ পাছৰে পৰা এনে ‌ৱিংগাৰ গাড়ীসমূহে সঘনাই দুৰ্ঘটনা সংঘটিত কৰি আহিছে । আৰু আটাইতকৈ দুখৰ কথা এয়ে যে ‌টাটা কোম্পানীৰ এই ‌ৱিংগাৰ মডেলৰ গাড়ীখনত যাত্ৰীৰ বাবে বিশেষ সুৰক্ষা ব্য‌ৱস্থা নাথাকে আৰু সেয়ে এনে গাড়ীয়ে সংঘটিত কৰা দুৰ্ঘটনাত যাত্ৰীৰ আঘাটৰ পৰিমাণ অতি বেছি হয়, যাৰ পৰিণামতেই বহু দুৰ্ভগীয়া মানুহে ইতিমধ্যেই প্ৰাণ হেৰু‌ৱাবলগীয়াত পৰিছে । যান-বাহন আৰক্ষীৰ সমীক্ষামতেও যাত্ৰীবাহী বাহনসমূহৰ ভিতৰত এনে ‘ৱিংগাৰ’ গাড়ীয়েই দুৰ্ঘটনা সংঘটিত কৰাৰ হাৰ আটাইতকৈ বেছি । যদিও সুৰাপান কৰি গাড়ী চলো‌ৱা, মোবাইল ফোন লৈ গাড়ী চলো‌ৱা ইত্যাদিবোৰ দুৰ্ঘটনাৰ একো একোটা কাৰণ, তথাপি পথ-দুৰ্ঘটনাৰ মূল গুৰুতৰ কাৰণটো হৈছে তীব্ৰ বেগত গাড়ী চলো‌ৱাহে । এই ‌ৱিংগাৰ গাড়ীসমূহৰ বিশেষত্ব হৈছে এয়ে যে ইহঁতৰ ‘পিক-আপ’ অতি বেছি । অৰ্থাৎ শূন্যৰপৰা ৬০ কি.মি. প্ৰতিঘন্টা বেগ ল’বলৈ এনে গাড়ী এখনক সময় লাগে মাত্ৰ ২-৩ ছেকেণ্ড । গতিকেই ৰাষ্টা ভাল হো‌ৱাৰ অজুহাতত আজিকালি বহু গাড়ী-চালকেই কম সময়তে বেছি দূৰত্ব অতিক্ৰম কৰিবৰ বাবে গাড়ীৰ গতিবেগ তীব্ৰ কৰি তোলে । দেখা যায় যে চাৰিলেনযুক্ত ৰাজপথত এখন ‌ৱিংগাৰ চালকে গঢ়ে ৮৫-৯৫ কি.মি. প্ৰতি ঘন্টা বা ততোধিক বেগত গাড়ী চলায় । এনে বেগত যো‌ৱা এখন গাড়ীয়ে  কোনো কাৰণবশ:ত আকস্মিকভা‌ৱে ৰখাবলৈ হ’লে সেয়া চালকৰ নিয়ন্ত্ৰণৰ বাহিৰত হ’ব । যাৰ ফলত গাড়ীখনে অন্য কোনো গাড়ী , মানুহ বা দাঁতিত খুণ্ডা মাৰিবলৈ বাধ্য হয় ।

           সৰ্বসাধাৰণ ৰাইজলৈ আমাৰ অনুৰোধ, একমাত্ৰ কম সময়তে পাবৰ বাবেই এনে বিপদযুক্ত ‘ৱিংগাৰ’ গাড়ীসমূহত উঠা পৰিহাৰ কৰক । ইয়াৰ সলনি নিৰ্ধাৰিত সময়তকৈ বহু আগতেই সাজু হৈ নিৰাপদ বাহনত ভ্ৰমণ কৰাটোহে শ্ৰেয় । চালকসকলেও গাড়ীৰ তীব্ৰবেগ পৰিহাৰ কৰিলে নিজৰ লগতে আনৰো অমূল্য জী‌ৱন বচাব পাৰিব ।যান-বাহন আৰক্ষী বিভাগেও গাড়ীৰ মডেল আৰু ৰাষ্টাৰ গুণাগুণ ভেদে উচ্চতম বেগৰ সীমা নিৰ্ধাৰণ কৰি ৰাজপথৰ বিভিন্ন ঠাইত চিচিটিভিযোগে গতিবেগ নিৰীক্ষণ কৰাটো এটা উচিত পদক্ষেপ হ’ব বুলি আমি গণ্য কৰিছোঁ ।          
               
---অৰুণজ্যোতি দাস, ৰজাবাৰী, বোকাখাত , গোলাঘাট -৭৮৫৬১২
                   দূৰভাষ-৯৪৩৫১৫২৭৬৮

ডিগ্ৰী লো‌ৱাৰ পাছত কি কৰিম ?



ডিগ্ৰী লো‌ৱাৰ পাছত কি কৰিম ?

“তুমি এতিয়া কি কৰিম বুলি ভা‌ৱিছা ?” –এই প্ৰশ্নটো‌ৱেই হৈছে অসম তথা ভাৰতৰ প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়েই বৰ্তমান সময়ত এটা ডিগ্ৰী লো‌ৱাৰ পাছতে সন্মুখীন হ’বলগীয়া হো‌ৱা আটাইতকৈ আহুকলীয়া আৰু অশান্তিকৰ প্ৰশ্ন । প্ৰশ্নকৰ্তাজনে নিশ্চয় এইটো নাজানে যে ইয়াৰ উত্তৰ কে‌ৱল সেই ল’ৰাটো বা ছো‌ৱালীজনীৰ হাততেই নাথাকে । বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰিহে সেই সিদ্ধান্ত ল’ব পৰা যায় । পৰিয়ালৰ আৰ্থিক-স্বচ্চলতা, ঘৰু‌ৱা পৰি‌ৱেশ, শিক্ষাৰ্থীগৰাকীৰ ইচ্ছা-অনিচ্ছা, শুভাকাংক্ষী বা সমাজৰ বৰমূৰীয়াসকলৰ মন্তব্য, দুৰ্ঘটনা, প্ৰাকৃতিক দুৰ্যোগ, সংযোগ-ব্য‌ৱস্থা আদি এই সকলোবোৰ কাৰকে আমাৰ বহু শিক্ষাৰ্থীৰ ক্ষেত্ৰত সেই এটা মাত্ৰ সিদ্ধান্ত লো‌ৱাত অৰিহণা যোগায় – যিয়ে তেওঁৰ জী‌ৱন সলাই দিয়াৰ চাবি-কাঠি হ’ব পাৰে । ইয়াৰ মাজতো, এজন ছাত্ৰ বা ছাত্ৰীয়ে সকলো দিশ চালি-জাৰি চাই এটা সঠিক পথ বাচি লো‌ৱাটো অত্যন্তই প্ৰয়োজনীয় । কাৰণ সেইখিনিয়েই হৈছে জী‌ৱন গঢ়াৰ অতিকৈ গুৰুত্বপূৰ্ণ সময়, যাক পুণৰাই ঘুৰাই পো‌ৱা অসম্ভ‌ৱ ।
        খুব বাস্ত‌ৱিকভা‌ৱে চাবলৈ গ’লে এজন শিক্ষাৰ্থীয়ে স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত দুটাই ৰাস্তা খোলা থাকে - এক) উচ্চশিক্ষাৰ বাবে নামভৰ্তি কৰা আৰু দুই) কৰ্মসংস্থানৰ অন্বেষণ কৰা । এই দুই মূল সুঁতিৰ ওপৰিও আন দুই-এক ৰাস্তা সদায়েই খোলা থাকে, যি হৈছে কিছু ব্যতিক্ৰমী; কিন্তু সুৰুচীপূ্ৰ্ণ এটি জী‌ৱন বাচি লো‌ৱাৰ পৰিপন্থী । তেনে পথৰ উদাহৰণ হৈছে নিজৰ প্ৰতিভাৰ বিকাশৰ অৰ্থে মনোনি‌ৱেশ কৰা বা সমাজ-সে‌ৱাৰ নামত নি:স্বাৰ্থভা‌ৱে জী‌ৱন উচৰ্গিত কৰা । এইধৰণৰ পথেৰে বাট বুলিব খোজা ডেকা ল’ৰা বা ডেকেৰী ছো‌ৱালী যিহেতু আমাৰ সমাজত প্ৰায় নায়েই বুলিব পাৰি,গতিকে আমি এই বিষয়টো বাদ দি ওপৰোক্ত দুটি মূল সুঁতিৰ বিষয়েই এই লেখাটোত থুলমূলকৈ কিছু আলচ কৰিবলৈ যত্ন কৰিম ।
        ‘উচ্চ শিক্ষা’ বুলি ক’লেই আমাৰ বহুতো অভিভা‌ৱক বা ছাত্ৰ-ছাত্ৰীয়ে কে‌ৱল স্নাতকোত্তৰ ডিগ্ৰীৰ কথাই মূলত: বুজি পায় । স্নাতকোত্তৰ পাঠ্যক্ৰম এটা নি:সন্দেহে উচ্চ শিক্ষাৰ বাবে আধাৰস্বৰূপ । কিন্তু স্নাতকোত্তৰ ডিগ্ৰী লাভ মানেই উচ্চ শিক্ষা শেষ হো‌ৱাটো কেতিয়াও হ’ব নো‌ৱাৰে । ‘উচ্চ শিক্ষা’ৰ অৰ্থ কি বুলি সুধিলে কিন্তু উত্তৰটো অলপ বেলেগ ধৰণেহে পো‌ৱা যায় । এজন শিক্ষাৰ্থীয়ে এটা সুনিৰ্দিষ্ট বিষয়ত , প্ৰাথমিক ধ্যান-ধাৰণাসমূহৰ আওঁভাওঁ সম্পূৰ্ণকৈ বুজি পো‌ৱাৰ পাছত, বৰ্তমানলৈকে সেই বিষয়টোৰ ওপৰত পৃথি‌ৱীৰ সকলো গ‌ৱেষক,বিজ্ঞানী বা অধ্যাপকসকলে যি যি তত্ত্ব উদ্ধাৰ কৰিছে, তাৰ যথোচিত অধ্যয়ন কৰা আৰু সেই সমল জ্ঞানৰ ওপৰত ভিত্তি কৰি নিজে তাৰ পৰীক্ষা-নিৰীক্ষা কৰা তথা গভীৰতৰ অধ্যয়ন আৰু গ‌ৱেষণা কৰাই হৈছে প্ৰকৃত ‘উচ্চ শিক্ষা’ । সেই হিচাপত উচ্চ শিক্ষা গ্ৰহণৰ বাবে ইচ্ছুক সকলে, যদিও আমাৰ দেশত গ‌ৱেষণাৰ বাবে প্ৰাপ্ত চৰকাৰী সা-সুবিধা অতি সীমিত, তথাপি ডক্টৰেট বা পি.এইচ্ছ.ডি. ডিগ্ৰীৰ বাবে নামভৰ্তি কৰাই যুগুত । গ‌ৱেষণাৰ বাবে ন-প্ৰজন্মৰ অনীহাই হৈছে এটা অন্যতম মুখ্য কাৰণ; যাৰ বাবে কৌটিল্য,আৰ্যভট্ট, ৰামানুজম, চি.ভি.ৰমনৰ দৰে বিশ্বখ্যাত বিজ্ঞানীৰ দেশত বৰ্তমানে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত যুগান্তকাৰী কোনো আৱিষ্কাৰ হো‌ৱা নাই বা অভূতপূৰ্ব কোনো অ‌ৱদান আমাৰ দেশে আগবঢ়াবলৈ সক্ষম হো‌ৱা নাই । বৰ্তমানে অ‌ৱশ্যে কেন্দ্ৰীয় চৰকাৰে গ‌ৱেষকসকলক উৎসাহিত কৰিবৰ বাবে প্ৰায় প্ৰতিটো বিভাগতেই বিভিন্ন ধৰণৰ জলপানিৰ ব্য‌ৱস্থা কৰিছে । এই জলপানিসমূহ লাভ কৰিলে এজন গ‌ৱেষক-শিক্ষাৰ্থীয়ে কোনোধৰণৰ আৰ্থিক অসুবিধাৰ সমুখীন নোহো‌ৱাকৈয়ে নিজৰ গ‌ৱেষণা চলাই যাব পাৰে । আজিকালি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ যিকোনো বিশ্ববিদ্যালয়তে জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বীপ লাভ কৰা এজন শিক্ষাৰ্থীয়ে থকাৰ সুবিধা পো‌ৱাৰ লগতে প্ৰতিমাহে ২৫ হাজাৰকৈ টকা ,চিনিয়ৰ ৰিচাৰ্চ ফেল’সকলে ২৮ হাজাৰ টকা,আৰু ৰিচাৰ্চ এশ্বচিয়েট এজনে অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিমাহে ৪০ হাজাৰলৈকে জলপানি প‌ো‌ৱাৰ বন্দো‌ৱস্ত কৰা হৈছে । সাধাৰণ দৃষ্টিৰে চাবলৈ গ’লে ক’ব পাৰি যে গ‌ৱেষণাৰ সময়তেই এটা চাকৰি কৰাৰ দৰে উপাৰ্জন কৰাৰ ব্য‌ৱস্থাটোও চৰকাৰে কৰি দিছে ।
        তাৰোপৰি আজিকালি যিহেতু প্ৰতিযোগিতাৰ যুগ,গতিকে আমাৰ ল’ৰা-ছো‌ৱালীয়ে ৰাষ্ট্ৰীয় মানৰ অথবা আন্ত:ৰাষ্ট্ৰীয় মানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাত অধিক গুৰুত্ব দিয়া উচিত । বৰ্তমানে ভাৰত চৰকাৰে কেইবাটাও বিভাগৰ যুটীয়া পাঠ্যক্ৰমত অনুমোদন প্ৰদান  কৰিছে । এনে যুটীয়া পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীজনে একেকোবেই দুটা ডিগ্ৰী লাভ কৰে । ইয়াত যদিও শৈক্ষিক বছৰৰ কোনো ৰাহি নহয়, তথাপি দ্বিতীয় পৰ্যায়ৰ পাঠ্যক্ৰমটোৰ নামভৰ্তিৰ বাবে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে উপযুক্ত শিক্ষানুষ্ঠান বিচাৰি হাবাথুৰি খাবলগীয়া নহয় । স্নাতকোত্তৰৰ লগতে পি.এইচ্ছ.ডি. , বি.টেক.ৰ লগতে এম.টেক., স্নাতকৰ লগতে স্নাতকোত্তৰ, বি.এ.ৰ লগত বি.এড. ইত্যাদি এনেধৰণৰ পাঠ্যক্ৰম আমাৰ নিচেই কাষতে থকা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো উপলব্ধ । ভাৰতৰ বাহিৰতো উচ্চ-শিক্ষা গ্ৰহণৰ বাবে আমাৰ চৰকাৰে অন্য বিদেশী দেশসমূহৰ সহযোগত প্ৰতিভা‌ৱান শিক্ষাৰ্থীসকলক সমুদায় পাঠ্যক্ৰমৰ খৰছ-পাতি দিয়া আঁচনিও ইতিমধ্যে উপলব্ধ হৈছে। আমাৰ ল’ৰা-ছো‌ৱালীয়ে উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম পঢ়ি থকাৰ সময়ৰে পৰাই এইধৰণৰ খবৰবোৰ অৰ্থাৎ কোন বিষয়ত কি কি পাঠ্যক্ৰম ক’ত ক’ত পঢ়িব পাৰি,পাঠ্যক্ৰমত চৰকাৰী অনুমোদন আছে নে নাই, জলপানীৰ ব্য‌ৱস্থা ক’ত ক’ত আছে, কি কি সৰ্বভাৰতীয় পৰীক্ষাই কেনেধৰণৰ সুবিধা পো‌ৱাৰ বাট মোকলাব পাৰে –এই সকলো বিষয়েৰে ওপৰত চৰ্চা কৰা উচিত । হাতত থকা মোবাইল-ফোনটোৰে যে কে‌ৱল ফেচবুক আৰু হো‌ৱাচ্ছাপেই নহয়, এনেধৰণৰ প্ৰয়োজনীয় তথ্যও আহৰণ কৰিব পাৰি ; সেই কথা উপলব্ধি কৰাটো অতিকেই প্ৰয়োজনীয় ।
আমাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে স্নাতকোত্তৰ পাঠ্যক্ৰম উত্তীৰ্ণ হো‌ৱাৰ পাছত চাকৰি নাই বুলি হা-হুমুনিয়াহ কাঢ়ি থকা দেখা যায । তেওঁলোকৰ এনে হতাশা প্ৰকৃতাৰ্থত অমূলক । কিয়ণো, আমি কওঁ যে, প্ৰতিটো বিষয়তে চাকৰি আছে । মাথো তেওঁ হয়তো বিচাৰিব জনা নাই নতুবা প্ৰয়োজনীয় যোগ্যতাখিনি অৰ্জন কৰিব পৰা নাই । আমাৰ অসমীয়া ডেকা-ডেকেৰীয়ে চাকৰি বুলিলেই কে‌ৱল অসম চৰকাৰৰ চাকৰিহে চিনি পায় । সেইটো ভুল । আমি এই বুলি আন্দোলন বা প্ৰতিবাদ কৰো যে থলু‌ৱা লোকক নিযুক্তি দিয়া হো‌ৱা নাই ; অথচ দেশৰ অন্য ঠাইৰ মানুহে আহি আমাৰ ঘৰৰ ওচৰতে চাকৰি কৰি আছেহি । কিন্তু কেতিয়াবা আমি নিজে ভাৰতৰ অন্য ঠাইৰ চৰকাৰী বা বেচৰকাৰী চাকৰিৰ বাবে আৱেদন কৰি পাইছো নে ? এইটো জানি থো‌ৱা ভাল হ’ব যে, ভাৰত চৰকাৰৰ অধীনস্থ যি কোনো সংস্থা (Public Sector Undertaking) বা সম্পূৰ্ণ চৰকাৰী পদ এটাৰ বাবে ভাৰতবৰ্ষৰ যিকোনো ঠাইৰে এজন নাগৰিকে আৱেদন কৰিব পাৰে । অৰ্থাৎ যোগ্যতাৰ ভিত্তিত নিৰ্বাচিত হ’লে কেন্দ্ৰীয় চৰকাৰৰ বা অন্য ৰাজ্য চৰকাৰৰ যিকোনো পদতে আমাৰ এজন অসমীয়া ল’ৰা বা ছো‌ৱালীয়েও ভাৰতৰ যিকোনো ঠাইতে চাকৰি কৰাৰ অধিকাৰ আছে । গতিকে আমাৰ ডেকা-ডেকেৰীয়েও সমগ্ৰ দেশজুৰি খালী হো‌ৱা পদসমূহৰ বিজ্ঞাপনৰ ওপৰত চকু ৰাখিব লাগে আৰু অৰ্হতা থকা প্ৰতিটো চাকৰিৰ বাবে অন্ত:ত আৱেদন কৰিব লাগে । তদুপৰি সৰ্বভাৰতীয় পৰ্যায়ত হো‌ৱা বাছনি পৰীক্ষা সমূহত উত্তীৰ্ণ হ’ব পৰাকৈ নিজকে প্ৰস্তুত কৰা উচিত । আমাৰ বহু স্নাতক বা এনেকি স্নাতকোত্তৰ যু‌ৱক-যু‌ৱতীয়েও ইংৰাজী ভাষাত এখন আৱেদন-পত্ৰ লিখিব নাজানে । ই অতি পৰিতাপৰ কথা । সৰ্ভভাৰতীয় পৰ্যায়ৰ প্ৰতীযোগিতাত অ‌ৱতীৰ্ণ হ’বৰ বাবে ইংৰাজী ভাষাৰ জ্ঞান পৰ্যাপ্ত হো‌ৱা প্ৰয়োজন । আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়েও বন্ধুবৰ্গৰ সতে ইংৰাজীত কথা পাতি বা শ্ৰেণীকোঠাত অন্ত:ত এঘন্টা সময় ইংৰাজী বিষয়ৰ চৰ্চা কৰিলে এইক্ষেত্ৰত লাভ‌ৱান হ’ব পাৰিব । তাৰোপৰি সাধাৰণ জ্ঞান (General Knowledge),সাধাৰণ সজাগতা(General Awareness), সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability), বিচাৰ-বুদ্ধিৰ ক্ষমতা (Reasoning) ইত্যাদি বিষয়সমূহৰ অনুশীলন আমাৰ ল’ৰা-ছো‌ৱালীয়ে স্কুলীয়া দিনৰেপৰাই আৰম্ভ কৰাটো অতিকেই জৰুৰী । অন্যহাতে আমাৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে নাজানে যে NET/SLET পৰীক্ষাত উত্তীৰ্ণ হ’ব নো‌ৱাৰিলে আজিকালি মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিব নো‌ৱাৰি । গতিকে এনে পৰীক্ষাৰ বাবে স্নাতক চূড়ান্ত বছৰৰ পৰাই চেষ্টা চলো‌ৱাটো অতি উত্তম । সেইদৰে বিজ্ঞান বা অভিযান্ত্ৰিক বিষয় অধ্যয়ন কৰাসকলৰ উচ্চ শিক্ষাৰ বাবে GATE নামৰ সৰ্বভাৰতীয় পৰীক্ষাটোত উচ্চ নম্বৰ অৰ্জন কৰাটো বৰ্তমানে এক বাধ্যতামূলক অৰ্হতা হৈ পৰিছে । এই GATE পৰীক্ষাৰ নম্বৰৰ ভিত্তিতে আজিকালি বহু নামী-দামী অনুষ্ঠান প্ৰতিষ্ঠান তথা সংস্থাই বহু ঈৰ্ষনীয় পাৰিতোষিকেৰে উপযুক্ত যু‌ৱক-যু‌ৱতীক চাকৰিত মকৰল কৰে । গতিকে এনে পৰীক্ষাসমূহৰ বাবে পাঠ্যপুথিৰ উপৰিও অন্য কেনেধৰণৰ প্ৰাসংগিক সমল গ্ৰন্থ অধ্যয়ন কৰিব লাগিব,সেয়া আমাৰ শিক্ষাৰ্থীসকলে বিচাৰ-বিবেচনা কৰি আগবঢ়াটো খুবেই ভাল কথা ।
এইটো ঠিক যে উপযুক্ত অৰ্হতা থাকিলে, এজন ছাত্ৰ বা ছাত্ৰীৰ বাবে এটা চাকৰি যোগাৰ কৰাটো সিমান এটা ডাঙৰ কথা নহয় । গতিকে আমাৰ শিক্ষাৰ্থীস‌ৱে বয়স থাকোতেই যিমান পাৰি সিমান নিজকে উপযুক্ত কৰি তুলিবৰ বাবে প্ৰয়োজনীয় সকলোখিনি অৰ্হতা অৰ্জন কৰিবলৈ উঠি-পৰি লগা উচিত । নিজকে উপযুক্ত প্ৰাৰ্থী বুলি গণ্য কৰাৰ পাছত তেওঁলোকৰ কৰ্তব্য হ’ল ইন্টাৰনেটৰ জৰিয়তে বা অন্য নিয়োগ বা-বাতৰিৰ জৰিয়তে নিজা বিষয়টোৰ সম্বন্ধীয় নিয়োগ-বিজ্ঞাপনৰ বিচাৰ লো‌ৱা । ইন্টাৰনেটত উপলব্ধ অনেক উদাহৰণৰ মাজত ইয়াত মই মাত্ৰ দুটামান ‌ৱেবচাইটৰ কথা উল্লেখ কৰিছো, যিকেইটাৰ যোগেদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন নিয়োগ বিজ্ঞাপনসমূহ পাব পাৰি ; সেয়া হ’ল –ক) www.sarkarinaukriblog.com খ)  www.sakori.org   গ) www.e-sinaki.blogspot.in ঘ)  www.employmentnews.gov.in  আদি ।

কৰ্মসংস্থাপনৰ বাবে কৰা অন্বেষণক আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। প্ৰথমটো হৈছে উচ্চশিক্ষিত সকলৰ আৰু দ্বিতীয়টো হৈছে মধ্য-শিক্ষিত সকলৰ অন্বেষণ । মধ্যশিক্ষিত বুলি কওঁতে ইয়াত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হো‌ৱা আৰু বিভিন্ন বিভাগৰ স্নাতক ডিগ্ৰীধাৰীসকলৰ কথাই কো‌ৱা হৈছে । বিভিন্ন কাৰকৰ প্ৰভা‌ৱত পৰি আমাৰ অসমীয়া বেছিভাগ ল’ৰা-ছো‌ৱালীয়েই খুব বেছি স্নাতক পৰ্যায়লৈকেহে শিক্ষাগ্ৰহণ কৰিবলৈ সক্ষম হয় । এইসকল যু‌ৱক-যু‌ৱতীয়েই অসমীয়া নিবনু‌ৱাৰ সংখ্যাটোক উচ্চ কৰি ৰখাত প্ৰধান ভূমিকা লৈ আছে । এওঁলোকক উপযুক্ত  কৰ্মসংস্থাপন দিয়াটো চৰকাৰৰ যিদৰে এটা মূল দ্বায়িত্ব ,সেইদৰে নিজৰ বাবে কৰ্মসংস্থাপন বিচাৰি লো‌ৱাটোও একোজন শিক্ষিত নিবনু‌ৱাৰ এক প্ৰাৰম্ভিক কৰ্তব্য । আজিৰ দিনত আঁঠুৰ মূৰত সোণ বিচাৰিলে কোনেও নাপায় । গতিকে চকু-কাণ মেলি সদা-সষ্টম হৈ প্ৰতিটো বিজ্ঞাপন প্ৰকাশ পো‌ৱাৰ লগে লগেই উচ্চ পদবীৰেই বা নিম্ন পদবীৰে হওঁক, ভাৰতৰ যি ঠাইৰে নহওঁক কিয়, আৱেদন কৰাটো প্ৰতিজন নিবনু‌ৱাৰ এটা অপৰিহাৰ্য কৰ্ম হো‌ৱা উচিত । আমি ভা‌ৱোঁ, প্ৰতিজন মানুহৰে বাবে ভাল দিন কপালত লিখা থাকে । মাথো তাৰ বাবে লাগিব কেতিয়াও হাৰ নমনা এটা মনোভা‌ৱ, যৎপৰোনাস্তি চেষ্টা, আৰু ধৈৰ্য । কোন দিনা মানুহৰ ভাগ্যৰ দু‌ৱাৰ খোল খাই যাব পাৰে, সেয়া কোনেও নাজানে ।
আমাৰ অসমত দেখা যায় যে , বয়স ভাটি দিয়ালৈকে এজন শিক্ষিত যু‌ৱকে কোনো এটা কামতে ভালদৰে মনোনি‌ৱেশ নিদিয়ে । বাইকত উঠি ঘুৰি ফুৰা,পাৰ্টী কৰা,তাচ/কেৰম খেলা,চাৰিআলিত ছো‌ৱালী জোকো‌ৱা আৰু নিজকে নিবনু‌ৱা বুলি হা-হুমুনিয়াহ কঢ়াৰ বাদ দি আমাৰ ডেকা ল’ৰাচামে কেতিয়াও ভা‌ৱিয়েই নাচায় যে চৰকাৰী চাকৰিক বাদ দি অন্য কিবা উপায়েৰেও আমাৰ জী‌ৱন সুন্দৰকৈ গঢ়ি তুলিব পাৰি । ব্যক্তিগত কোম্পানীৰ চাকৰি প্ৰতিদিনেই প্ৰতিখন বাতৰি কাকতত প্ৰকাশ হয় ।তাৰ যোগেদিও বহুতেই ইতিমধ্যেই স্বচ্চল জী‌ৱন কটাবলৈ সক্ষম হৈছে । কোম্পানীৰ চাকৰিত কষ্ট বেছি হয় বুলিয়েই আকৌ আমাৰ বহু এলেহু‌ৱা ডেকাই মন কোঁচায় । এইটোও চাব লাগিব যে কষ্ট যিদৰে বেছি,সেইদৰে কিন্তু সা-সুবিধা,দৰমহা-পাতিও বেছি হয় । উল্লেখ কৰিব পাৰি যে , এজন মেডিকেল ৰিপ্ৰেজেন্টেটিভেই যদি ভালদৰে পাঁচবছৰ কাম কৰিব পাৰে , তেন্তে তেওঁ চল্লিছ-পঞ্চাছ হাজাৰ মাহেকীয়া দৰমহাৰে এজন ৰিজিঅ’নেল মেনেজাৰ হ’ব পাৰে । ঠিক সেইদৰে, ইঞ্চিউ‌ৰেঞ্চ এজেন্ট এজনেই ছয়-সাত বছৰ কাম কৰাৰ পিছত অন্য ব্যক্তিগত কোম্পানী বা বেংকৰ মেনেজাৰ পদ শু‌ৱনি কৰিব পাৰে । আনকি সাধাৰণ স্নাতক এজনেও যদি সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত দুবছৰ ধৰি ক্ষেত্ৰীয়-অভিজ্ঞতা গোটাব পাৰে,তেন্তে তেওঁক কোম্পানীসমূহে MBA ডিগ্ৰীধাৰী এজনৰ সমকক্ষ বুলি গণ্য কৰে । কোনো এজন এই বিষয়ত অভিজ্ঞ লোকক সুধিলেই কথাবোৰৰ প্ৰমাণ আপোনালোকে হাতে হাতে পাব ।
আৰু এটা কথা ক’ব পাৰি যে, কে‌ৱল চাকৰি কৰাটো‌ৱেই আমাৰ জী‌ৱনৰ উদ্দেশ্য হো‌ৱা উচিত নহয় ।  উপাৰ্জন আৰু স্বা‌ৱলম্বিতাৰ ফালৰ পৰা হিচাপ কৰিলে কিন্তু ব্য‌ৱসায় কৰাটো চাকৰিতকৈ বেছি লাভজনক! চাকৰি মানেই হেনো “চাকৰ+ই” । অৰ্থাৎ চাকৰি কৰা এজন মানুহ সদায়েই উচ্চতৰ কৰ্তৃপক্ষৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগে, কিন্তু নিজাকৈ ব্য‌ৱসায় কৰাজনৰ তেনে কোনো দায়বদ্ধতা নাথাকে । সুবিধা মতে নিজৰ কাম-কাজ কৰিব পাৰে বা পৰিয়ালৰ প্ৰতি সময় উলিয়াব পাৰে । কিন্তু আচৰিত লাগে যে আমাৰ অসমীয়া ডেকাৰ ব্য‌ৱসায়ৰ প্ৰতি একেবাৰেই অনীহাহে দেখা পো‌ৱা যায় । অসমীয়া সকলে আমাৰ বোধেৰে মাৰো‌ৱাৰী আৰু বাঙ্গালী জাতিৰ উদাহৰণ এইক্ষেত্ৰত ল’ব পাৰে । তেওঁলোকৰ বহুতেই চৈধ্য পুৰুষ ধৰি বংশানুক্ৰমে ব্য‌ৱসায়েই কৰি আহিছে । এজন মাৰো‌ৱাৰী সম্প্ৰদায়ৰ ল’ৰাই এবাৰ কো‌ৱা মনত আছে, তেওঁলোকে বোলে পঢ়া-শুনা ভালদৰে কৰে এইকাৰণেই যাতে ডাঙৰ ব্য‌ৱসায়ৰ হিচাপ-নিকাচ কৰিবৰ বাবে সুবিধা হয় ।
ভাৰত চৰকাৰৰ সুক্ষ্ম, লঘু আৰু মধ্যম উদ্যোগ মন্ত্ৰণালয়ৰ গু‌ৱাহাটীস্থ শাখাটো‌ৱেও বছৰৰ প্ৰায় সকলো সময়তে বিভিন্ন স্ব-নিয়োজন আঁচনিৰ প্ৰশিক্ষণ দি থাকে । তেনে দুই এটা পাঠ্যক্ৰম হ’ল – হাঁহ-কুকুৰা পালন,ইলেক্ট্ৰিকেল ‌ৱাইৰিং,ইলেক্ট্ৰনিক সৰঞ্জামৰ মেৰামতি , চিলাই, এমব্ৰইডাৰী, জাম-জেলী-আচাৰ প্ৰস্ত্তুতকৰণ, কাঠফুলা খেতি, কম্পিউটাৰ-হাৰ্ড‌ৱেৰ ইত্যাদি । এই প্ৰশিক্ষণবোৰ সম্পূৰ্ণ বিনামূলীয়া বা অতি কম খৰছী আৰু ইয়াত যোগদান কৰাসকলক চৰকাৰে জলপানি প্ৰদান কৰে । তাৰোপৰি স্ব-নিয়োজনৰ সঠিক দিহা পৰামৰ্শ দিয়ে । ঠিক সেইদৰে অসম কৃষি বিশ্ববিদ্যালয়েও বিভিন্ন ধৰণৰ ন ন কৃষি পদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ তথা বীজ প্ৰদান কৰে । এনে চৰকাৰী বিনামূলীয়া প্ৰশিক্ষণসমূহৰ সুবিধা ভালদৰে ল’ব জানিলে আমাৰ বহু যু‌ৱক-যু‌ৱতীয়ে নিজৰ ভৰিত নিজে থিয় দিয়াৰ লগতে আন দহোজনকো উৎসাহিত কৰিব পাৰিব ।
সেইদৰে কিছুমান ভাল ব্য‌ৱসায় যেনে ব্ৰেণ্ডেড কোম্পানীৰ শ্ব’ৰুম খোলা, মোবাইল নেট‌ৱৰ্ক দিয়া কোম্পানীবোৰৰ ডিলাৰ হো‌ৱা, গেছ এজেন্সী বা তেলডিপো খোলা, শ্বপিং কমপ্লেক্স সাজি ভাড়ালৈ দিয়া, যাত্ৰীবাহি গাড়ীৰ ব্য‌ৱসায় কৰা, পাইকাৰী দোকান দিয়া, দৰ‌ৱৰ বিতৰণকাৰী হো‌ৱা , নিবিদাৰ যোগেদি ডাঙৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ বস্তু যোগান ধৰা, তেল-শোধনাগাৰত গাড়ী ভাড়ালৈ দিয়া, চাহ-বাগিছা কৰা,ব্য‌ৱসায়ভিত্তিক মীনপালন কৰা ইত্যাদি নানাধৰণৰ লাভজনক ব্য‌ৱসায়ত আমাৰ ল’ৰাই হাত উজান দিব পাৰে ।
  আমি অসমীয়াই সহজতে যিকোনো কামতে সিদ্ধি লাভ নকৰাৰ মূল কাৰণটো হৈছে যে আমি ‘মই কি ভা‌ৱিছো’ কথাটোতকৈ আনে কি বুলি ভা‌ৱিব কথাটোতহে বেছি গুৰুত্ব দিওঁ এনে ভা‌ৱাদৰ্শৰ মানুহে কোনো কাৰ্যতে সফল হ’ব নো‌ৱাৰ, কাৰণ ওঁলোকৰ মনত অনবৰত এটা পিছ-হোঁহকা ভা‌ৱে ক্ৰিয়া কৰি থাক আৰু মনটো তাৰ পৰা ক্ৰমান্বয়ে এৰাইহে আহিব খোজে । আচলতে টকা ঘটাতকৈ আমি বেছি মনোযোগ দিবলগীয়া কথাটো হৈছে আমাৰ কি কাম কৰি ভাল লাগে আৰু সেই কামত আমি কেনেকৈ এজন অভিজ্ঞ বা পাকৈত কৰ্মী হ’ব পাৰে , তাৰহে ভা‌ৱনা-চিন্তা তথা অনুশীলন কৰা । যদিহে নিয়াৰি আৰু নিষ্ঠাসহকাৰে কৰা হয়, তেন্তে সেই কামেই এদিন আমাক সুখ-শান্তিৰে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সমলখিনি দিবলৈ সক্ষম হ’ব । এটা সৰু উদাহৰণেৰে এই লেখাটো সামৰিছোঁ। অসমৰ এজন ল’ৰাই বাংগালোৰৰ সুপ্ৰতিষ্ঠিত এখন বিশ্ববিদ্যালয়ৰ পৰা MBA ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত এটা নামী-দামী শ্বপিং-মলৰ ফ্লোৰ-মেনেজাৰ হিচাপে কাম কৰিছিল । তাত কেৰিয়াৰ গঢ়িবপৰা সকলোখিনি সুবিধাই তেওঁ পাইছিল । কিন্তু নিজাববীয়া কামৰ প্ৰতি থকা ধাউতিৰ বাবেই তেওঁ সেই লোভনীয় চাকৰি এৰি আজি দুবছৰৰ পৰা নিজৰ ঠাইতে এখনি দোকানেৰে নিজা ব্য‌ৱসায়ৰ পাতনি মেলিছে । সৰুপথাৰলৈ গ’লে ৰাইজে ‘মেজেংকৰী’ নামৰ এই দোকানখনত এজন হাঁহিমুখীয়া ল’ৰাক দেখা পাব, যাৰ নাম নেপোলিয়ন বৰা । এনে উদ্যমী ডেকাই আমাৰ বাবে আশাৰ বতৰা ।
---------------------------------------------০০০------------------------------------------

-অৰুণজ্যোতি দাস (দূৰভাষ নং-৯৪৩৫১৫২৭৬৮)
ৰজাবাৰী, বোকাখাত
জিলা-গোলাঘাট
ডাক-৭৮৫৬১২

মণ্ডলৰ চাকৰি আৰু দুৰ্নীতি


মাটি-বাৰী সম্বন্ধীয় যিকোনো কাম সফলভা‌ৱে কৰিবলৈ হ’লে আমি পোনছাতেই মণ্ডল এজনৰ ওচৰলৈকে দৌৰ মাৰিবলগীয়া হয় কাৰণ, তেওঁলোকেই হৈছে ৰাজহ আৰু ভূমি সংক্ৰান্তত মকৰল হো‌ৱা অঞ্চলভিত্তিক চৰকাৰী কৰ্মচাৰী । কিন্তু সদৌ অসমৰ প্ৰতিজন নাগৰিকে নিশ্চয় জানে, এই মণ্ডলসকল নিজৰ কাম-কাজৰ ক্ষেত্ৰত কিমান নিকা আৰু স্বচ্চ । যিহেতু ভূমিক সোণতকৈও বেছি মূল্য‌ৱান এটা সম্পত্তি হিচাপে গণ্য কৰা হয় সেইবাবেই হ’বলা মাটি-বাৰীৰ প্ৰতিটো লেন-দেনতেই ঘোঁচখোৰ চৰকাৰী কৰ্মচাৰীসকলৰ শেনচকু পৰা পৰিলক্ষিত হয় । মাটিৰ কিনা-বেচা কৰা বা পট্টা উলিও‌ৱা কামটো প্ৰকৃতাৰ্থত চাবলৈ গ’লে এখন প্ৰমাণপত্ৰ উলিও‌ৱাৰ দৰেই সাধাৰণ কাম হ’ব লাগিছিল । প্ৰতিটো চৰকাৰী কামতেই প্ৰকৃত তথ্য অধ্যয়ন কৰাৰ পাছত আ‌ৱেদনকাৰীৰ বাবে সি প্ৰাপ্য হয় নে নহয় তাক চালিজাৰি চো‌ৱা হয় আৰু যদি সকলো নথি-পত্ৰ সঠিক হয় ,তেন্তে তেনে আ‌ৱেদন মঞ্জুৰ কৰা হয় । সেইদৰেই মাটিৰ ক্ষেত্ৰতো নথি-পত্ৰ ঠিকে থকা মানুহ এজনৰ বাবে ভূমি সংক্ৰান্তীয় যিকোনো কাম চক্ৰ-বিষয়াৰ কাৰ্যালয়ত বিনা ভেঁটিৰেই হো‌ৱাৰ সম্পূৰ্ণ যুক্তি আছে । কিন্তু বাস্ত‌ৱক্ষেত্ৰত ইয়াৰ পূৰামাত্ৰেই ওলোটা ৰূপটোহে দেখা যায় । অন্য বিষয়া কৰ্মচাৰীৰ কথা নাজানো, মণ্ডলসকলে কিন্তু প্ৰতিজন নাগৰিকৰে পৰা যে প্ৰতিটো কামৰ বাবেই হাজাৰ হাজাৰ টকা ঘোঁচ হিচাপে লৈহে কাম কৰে সেয়া সৰ্বজনবিদিত । ঠাই বিশেষে বহু ক্ষেত্ৰত এনে ঘোঁচৰ পৰিমাণ  লাখ টকাৰো ওপৰত হয় বুলি শুনা যায় । মণ্ডলসকলৰ এনে ঘোঁচপ্ৰীতি স্বভা‌ৱে আমাৰ ৰাজ্যৰ কৰ্মসংস্কৃতিত কালিমা সনা নাই নে ?
        এটা সৰু উদাহৰণে তেৰাসকলৰ মানসিকতাৰ প্ৰমাণ দিব । বৰ্তমানে অসমত ভূমি আৰু ৰাজহ বিষয়ক সকলো কাম-কাজ কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাৰদ্বাৰা প্ৰস্তুত ‘ধৰিত্ৰী’ নামৰ ‘চফ্ট‌ৱেৰ’টোৰ যোগেদি কম্পিউটাৰৰ জৰিয়তে কৰা হয় । পূৰ্বৰ কাগজ-পত্ৰৰ হিচাপ-নিকাচত বহুখিনি খেলি-মেলি হো‌ৱা বাবে ইং.২০১১ চনৰেপৰা এই চফ্ট‌ৱেৰৰ জৰিয়তে সকলো নথি-পত্ৰ সংৰক্ষণ কৰাৰ লগতে প্ৰয়োজনীয় আটাইখিনি কাম-কাজ ইয়াৰ যোগেদিয়েই কেইবা তৰপীয়া সুৰক্ষা ব্য‌ৱস্থাৰে ‘ডিজিটেলাইজড’ কৰিবলৈ লো‌ৱা হয় । ফলস্বৰূপে কাগজ-কলমেৰে কৰিবপৰা সকলোধৰণৰ দুৰ্নীতি চলাৰ মুদা মৰিল। ইয়াৰ বাবে নিশ্চয়কৈ অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় সূচনা-বিজ্ঞান কেন্দ্ৰ  প্ৰশংসাৰ যোগ্য । কিন্তু অসমীয়াত এষাৰ ফঁকৰা–যোঁজনা আছে যে –‘চোৰে নেৰে চোৰ প্ৰকৃতি, কুকুৰে নেৰে ছাঁই; যাৰ যি পৰকিতি মৰিলে লগতে যায়’ । গতিকে সমস্যাটো হ’ল তাতেই যে ‘চিষ্টেম’টো সলনি কৰিব পাৰিলেও আমি মানুহবোৰক কাহানিও সলনি কৰিব নো‌ৱাৰোঁ । এই কম্পিউটাৰৰ ব্য‌ৱস্থাটো হো‌ৱাৰ পাছতো বহুজনেই বহু ৰকমে ভেঁটি লৈয়েই ধনী হৈ আছে । এখন জিলাত নতুনকৈ মণ্ডল চাৰিজনে চাকৰি পালে । গতিকে তেওঁলোক চাৰিজনক কম্পিউটাৰৰ সেই বিশেষ চফ্ট‌ৱেৰটোৰ পৰিচালনা সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰ দায়িত্বত পৰিল আমাৰ সম্বন্ধীয় এগৰাকী বাইদেউ । প্ৰশিক্ষণ লৈ হো‌ৱাৰ পাছত তেওঁলোক চাৰিজনে মিলি বাইদেউক যাঁচিলে এটা লেফাফা । বাইদে‌ৱে আচৰিত হৈ ক’লে– ‘এয়া কি দিছা তোমালোকে ? আৰু কিয়?’ । তেওঁলোকৰ উত্তৰ আছিল এইবুলি –“বাইদেউ আপুনি আমাক ভাগ্যৰ দু‌ৱাৰ মুকলি কৰি দিলে । গতিকে কৃতজ্ঞতাৰ চিনস্বৰূপে এয়া সামান্য উপহাৰ আপোনালৈ বুলি।” বাইদে‌ৱে লেফাফাটো গ্ৰহণ নকৰিলে আৰু ক’লে যে ইয়াৰ বিনিময়ত তেওঁলোকে দুখীয়া-নিচলা মানুহবোৰক কোনো হাৰাশাস্তি নকৰাকৈ সকলোৰে কাম-কাজবোৰ নিস্বাৰ্থভা‌ৱে কৰি দিয়ে যেন ।
        এইখিনিতে এটা কথা উনুকিয়াব লাগিব যে, অসম চৰকাৰৰ প্ৰতিটো চাকৰি যিহেতু লাখ টকাৰ ভেঁটি দি কিনি ল’ব লগীয়া হয় , গতিকেই নকৈ যোগদান কৰা চাকৰিয়ালজনেও দুৰ্নীতি কৰিবলৈ একপ্ৰকাৰৰ বাধ্য হয় । আৰু এইধৰণেই পূৰ্বপুৰুষৰপৰা পো‌ৱা পৰম্পৰাৰ দৰে অসমত দুৰ্নীতি চলি আহিছে আৰু চলিয়েই থাকিব । ইয়াৰ বাবে প্ৰতিজন নাগৰিকেই যদি প্ৰতিজ্ঞা কৰে যে তেওঁ কাহানিও ক’তো ঘোঁচ দিয়াৰ নামত এটা টকাও খৰছ নকৰিব, বৰঞ্চ খোঁচখোৰ কৰ্মচাৰীৰ বাবে আইনগত বা নীতিগত যিখিনি ব্য‌ৱস্থা আছে সেইখিনিৰ  পূৰ্ণমাত্ৰেই সুযোগ লৈ যুঁজি যাব, তেতিয়াহে অদূৰ ভ‌ৱিষ্যতে অসমতো এখন দুৰ্নীতিবিহীন  সুস্থ সমাজে গা কৰি উঠিব বুলি আমি  বিশ্বাস কৰোঁ।   
           -------------------------------------------000---------------------------------------------------
 অৰুণজ্যোতি দাস, ডাক-ৰজাবাৰী, বোকাখাত, গোলাঘাট-৭৮৫৬১২ (দূৰভাষ -৯৪৩৫১৫২৭৬৮)

অশ্লীল শব্দৰ পয়োভৰ


এনে বহু বাস্ত‌ৱ অভিজ্ঞতা আমাৰ দৰে বহুতৰে নিশ্চয় হৈছে যে, অসমলৈ ফুৰিবলৈ অহা অন্য ৰাজ্যৰ বা বিদেশৰ মানুহে ইয়াৰ ভাষা-সংস্কৃতিৰ অন্য একো নিশিকিলেও হয়তো দুটিমান অশ্লীল শব্দকে শিকি যায় আৰু অসমীয়া মানুহ ক’ৰবাত কেতিয়াবা লগ পালে তেনে শব্দ দুই-চাৰিটা আঁওৰাই বুজাব খোজে যে তেওঁ কিছু পৰিমাণে অসমীয়া ভাষা ক’ব জানে । নিশ্চিতভা‌ৱে ক’ব পাৰি যে এয়া সম্ভ‌ৱপৰ হৈছে কে‌ৱল আমাৰ খাৰ খো‌ৱা জিভাৰে আখৈ ফুটাদি ফুটা অবিৰাম অশ্লীল শব্দৰ প্ৰাচুৰ্যময় প্ৰয়োগৰ বাবে । বিদেশী ভাষা বাদেই, ইংৰাজী আৰু হিন্দী ভাষাও ভালদৰে ফুটাব নো‌ৱাৰা অসমীয়াই কিন্তু স্ব-সৃষ্ট এনে অসৎ আৰু অশ্লীল শব্দৰে ৰাজহু‌ৱা স্থানতো কথা পাতিবলৈ কিঞ্চিত মানো কুন্ঠাবোধ নকৰে , যিয়েই বৰ্তমান সময়ত জাতিটোৰ সন্মান লাঘ‌ৱ কৰা পৰিলক্ষিত হৈছে ।  
       এনে নহয় যে, কে‌ৱল অসমীয়াইহে অশ্লীল শব্দ ব্য‌ৱহাৰ কৰে । Slang (স্লেং) বা অশ্লীল শব্দ পৃথি‌ৱীৰ সকলো ভাষাতেই কম-বেছি পৰিমাণে পো‌ৱা যায় । কাৰণ এনে শব্দবোৰ প্ৰতিটো জনগোষ্ঠীৰে আদিম সংস্কৃতি আৰু পৰম্পৰাৰ পৰাই ওপজে । যৌনাচাৰ যিহেতু প্ৰতিটো গোষ্ঠীৰে অপৰিহাৰ্য সংস্কৃতি, গতিকে প্ৰতিটো জনসমষ্টিতেই অশ্লীল শব্দৰ সমাহাৰ হো‌ৱাটো অতি স্বাভা‌ৱিক । সভ্য সমাজ পাতি বসবাস কৰিলেও প্ৰতিজন মানুহৰ মনত অলক্ষিতে সোমাই থকা আদিম যৌনতাৰ প্ৰতি থকা আকৰ্ষণৰেই বহি:প্ৰকাশ হৈছে এই অশ্লীল শব্দবোৰ ।
যদিও শিক্ষিত অভিভাৱকে নিজৰ সন্তানক কেতিয়াও এনে শব্দবোৰ শিকাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা নকৰে তথাপি কিন্তু ল’ৰা-ছো‌ৱালীয়ে ঠিক কেতিয়াৰপৰা এইবোৰ শিকিবলৈ লয়, সেয়া বহু অভিভা‌ৱকে কাহানিও গমেই নাপায় । অন্যহাতে, আমাৰ সমাজত অশিক্ষিত বহু পৰিয়ালত মাক-দেউতাকৰ সমানে সমানে বহু সন্তানে অশ্লীল ভাষাত কথা পতাও দেখা যায় । ছাত্ৰা‌ৱাসত থাকিবলৈ লো‌ৱা ল’ৰাবোৰে আপুনাআপুনি এনে শব্দবোৰ শিকি পেলো‌ৱাটো অতি সাধাৰণ দৃশ্য তথাকথিত ‘উচ্চ শিক্ষিত’ আখ্যা পো‌ৱা ডাক্তৰি বা ইঞ্জিনীয়াৰিং পঢ়িবলৈ যো‌ৱা প্ৰায় প্ৰতিজন ল’ৰাৰ মুখত যে এনে অশ্লীল শব্দই শোভা বৰ্ধন কৰে তাৰ চাক্ষুস প্ৰমাণ আমি পাইছো । অ‌ৱশ্যে এই কথা স্বীকাৰ কৰিব লাগিব যে, শিক্ষিত ডেকা এজনে হোষ্টেলীয়া জী‌ৱনত লগৰীয়াৰ সতে অশ্লীল শব্দ মিশ্ৰিত ভাষাৰে কথা পতাটো‌ৱেই নুবুজায় যে ল’ৰাজন ইতিমধ্যেই নৈতিকভা‌ৱে ধ্বংসপ্ৰাপ্ত বুলি। ছাত্ৰজ‌ী‌ৱনত অনেক জনেই বহু গঠনমূলক আলোচনা, ৰোমাঞ্চকৰ অভিজ্ঞতা, প্ৰেম, ধৰ্ম, ৰাজনৈতিক সমালোচনা ,শিল্প-সাহিত্য এই সকলোবোৰৰ বিষয়ে আড্ডা দিয়ে কিন্তু অশ্লীল শব্দ মিহলি কথা-বাৰ্তাৰেই । বৰ্তমান অসমৰ প্ৰতিষ্ঠিত বুদ্ধিজী‌ৱি, উকীল,  কবি-সাহিত্যিক, নাট্যকাৰ বা উচ্চ পদস্থ বিষয়া কোনো এজনেও হয়তো বুকু ডাঠি ক’ব নো‌ৱাৰিব যে তেওঁ আজিলৈকে এটাও অশ্লীল শব্দ কৈ পো‌ৱা নাই ।
অন্তৰংগতা বঢ়ো‌ৱাৰ স্বাৰ্থতে বহুজনেই আকৌ অশ্লীল শব্দৰে কথা পাতি ভাল পায় । এনে বহু আচহু‌ৱা নতুন পৰি‌ৱেশো পো‌ৱা যায় য’ত এটা অশ্লীল শব্দ মুখৰপৰা ওলো‌ৱা মানেই শ্ৰোতাজনে বুজি পায় যে কওঁতাজন তেওঁৰেই সতীৰ্থ । বহু প্ৰতিভা‌ৱান ডেকা আমি দেখিছো, যি নিজৰ সমনীয়াৰ সতে যদিও অশ্লীল শব্দ ব্য‌ৱহাৰ কৰিয়েই কথা পাতে, সমাজৰ মাজত বা জ্যেষ্ঠজনৰ আগত কিন্তু যথোচিত ভদ্ৰতা আৰু সৌজন্যতা বজাই সৌহাৰ্দপূৰ্ণ বাৰ্তালাপ কৰিব জানে । সেয়ে হয়তো শিক্ষিত ল’ৰা-ছো‌ৱালীহঁতৰ অধিকাংশকেই  একান্ত ব্যক্তিগত সময়ৰ কথা বাদ দি নিজৰ কৰ্মৰত জী‌ৱনত বা সামাজিক জী‌ৱনত এনে অশ্লীল শব্দ ব্য‌ৱহাৰ কৰা এটা সময়ত  সাধাৰণতে চকুত নপৰিছিল ।
কিন্তু আজিৰ তাৰিখত সৰ্বত্ৰে বিনাসংকোচে শুনিবলৈ পো‌ৱা এনে অশ্লীল বাক্যবাণসমূহ কিন্তু সঁচাকৈয়ে এক উদ্বেগৰ বিষয় হৈ পৰিছে । কিয়নো ৰিক্সা‌ৱালা, থেলা‌ৱালাৰ সমানে সমানে আজিকালি অশ্লীল শব্দৰে উচ্চস্বৰত কথা পাতিবলৈ লৈছে বাটে-পথে অ’টো‌ৱালা,ড্ৰাইভাৰ,হেণ্ডিমেন,কৰ্মৰত পুলিছ বা দোকানৰ মালিক-কৰ্মচাৰীয়ে । জ্যেষ্ঠ ব্যক্তি,মহিলা, শিশু বা কিশোৰ কাৰোৰে প্ৰতি কোনো ভ্ৰুক্ষেপ নকৰাকৈ আজিকালি মানুহে ব্য‌ৱহাৰ কৰে অশ্লীল শব্দ ,যাৰ কোনো প্ৰতিবাদ কৰিবলৈকো আপোনাৰ বা মোৰ সাহসৰ অভা‌ৱ । কাৰণ, তেওঁলোকৰ লগত এখুণ্ডা লগা মানে নিজৰেই বিপদ নিজে চপাই লো‌ৱাৰ নিচিনা কথা ।
আৰু ইয়াতকৈ অধিক চিন্তাৰ বিষয় হৈছে এয়ে যে বৰ্তমানে সম্ভ্ৰান্ত ঘৰৰ ডেকা ল’ৰাই নিজৰ ‘স্টেটাচ’ বুজাবৰ বাবে অশ্লীল শব্দৰে কথা ক’বলৈ আৰম্ভ কৰিছে, যিটো‌ৱে সোঁচৰা ব্যাধিৰদৰে শিক্ষিত-অশিক্ষিত,ধনী-দুখীয়া সকলো ডেকা ল’ৰাকে প্ৰভা‌ৱান্বিত কৰিছে। ধৰ্ষণ, নাৰী-নিৰ্যাতন, যৌন-নিপীড়ণ,শিশু-শ্ৰম আদি ভিন্ন ধৰণৰ অপৰাধ সমাজত গা-কৰি উঠাতো এই অশ্লীল ভা‌ৱ-ভাষাই যথেষ্ট বৰঙণি আগবঢ়ায়। এই ধাৰা বৰ্তি থাকিলে সমাজত অচিৰেই সুস্থ বাতা‌ৱৰণ হেৰাই যাব ।  ন‌ৱ-প্ৰজন্মৰ মাজত লাহে লাহে হয়তো সৃষ্টিশীলতা বা ধনাত্মক চিন্তাধাৰা কমি যাবলৈ ল’ব ,যিটো এখন উন্নয়নকামী সংস্কাৰমুখী সমাজৰ বাবে কোনোপধ্যেই গ্ৰহণযোগ্য নহয় । আমি সকলো‌ৱে এই বিষয়ৰ প্ৰতি সজাগ হ’বৰ হ’ল ।
    -------------------------------------০০০-------------------------------------
-অৰুণজ্যোতি দাস, ডাক-ৰজাবাৰী, বোকাখাত, গোলাঘাট -৭৮৫৬১২
       (দূৰভাষ-৯৪৩৫১৫২৭৬৮)

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...