লেখা অনুসন্ধান কৰক

Wednesday, August 10, 2011

এটা পুৰস্কাৰ,এখন চিঠি



প্ৰিয় ভ‌ৱিতা দাস সমীপেষু,

       নমস্কাৰ! প্ৰীতি সম্ভাষণ গ্ৰহণ কৰিব ।আশা কৰোঁ, নেদেখাজনে আপোনাক কুশলে ৰাখিছে ।

           এই কথা জানি আপোনাৰ কেনে অনুভ‌ৱ হ’ব সঠিকভা‌ৱে অনুমান কৰিব পৰা নাই, যে মই আপোনালৈ বুলি চিঠিখন লিখাৰ প্ৰতিটো মূহুৰ্তত এক অজানা আৰু অভূতপূৰ্ব শিহৰণ অনুভ‌ৱ কৰিছোঁ । এনে হোস‌ৱাৰ কাৰণ অৱূশ্যেই আপুনি ভ‌ৱাৰ দৰে এজন যু‌ৱকে এগৰাকী যু‌ৱতীৰ ওচৰ চপাৰ প্ৰয়াসেৰে প্ৰথমটো খোজ দিওতে স্বাভা‌ৱিকতেই সৃষ্টি হোে‌ৱা উত্তেজনা আৰু ‌আৱেগ, সমূলি নহয়!

            ই হৈছে সৰুতে অসমীয়া সাহিত্যৰ ভঁৰাল খুঁচৰি ভালপো‌ৱা,সততেই বিদ্যালয়ৰ পাঠ্যপুথিতকৈ তথাকথিত ‘বাহিৰা’ কিতাপ পঢ়িবলৈহে ইচ্ছা কৰা আৰু মনৰ ভাষাক কবিতাৰ ৰূপ দিবলৈ চেষ্টা কৰা ল’ৰাজন—যি ভাগ্যৰ বিড়ম্বনাত বৰ্তমানে এজন কম্পিউটাৰ অভিযন্তা হিচাপেহে কৰ্মৰত ,যাৰ হৃদয়ৰ কথা-বতৰা এতিয়া কাগজ-কলমৰ সলনি একোটা বাকচসদৃশ যন্ত্ৰইহে সংৰক্ষিত কৰে,যি মনত পেলাব পৰা নাই তেওঁ কেতিয়া শেহতীয়াকৈ কলমেৰে মাতৃভাষাত কিবা এটা লিখিছিল ;  তেনে এজন ডেকাই এখন চিঠি লিখািৰ আনন্দ আৰু সুখানুভূতি !

           আপোনাক অভিনন্দন জনাইছোঁ-কে‌ৱল মাথোঁ ‘ফেচবুক’ৰ ‘চিঠি’ নামৰ গোটটোশত এটা প্ৰশ্নৰ সঠিক উত্তৰেৰে বিজয়ীন হো‌ৱাৰ বাবে নহয়, এটা উপযুক্ত পুৰস্কাৰ দাবী কৰি এজনৰ মাজত ক্ৰমান্বয়ে মৰহি যাব ধৰা চিঠি লিখাৰ অভ্যাসক পুণৰ্জ্জী‌ৱিত কৰাৰ বাবেও –যাৰ গৌৰ‌ৱৰ অংশীদাৰ সমানেই আপুনিও।

         আজিকালিৰ তথ্য-প্ৰযুক্তিৰ ‌যুগত সমগ্ৰ পৃথিৱীৰ মানুহকে একত্ৰিত কৰি এখন বিশ্বজনীন গাঁৱৰ ধাৰণাৰ সৃষ্টি হৈছে ।সেইমতেই মানুহ এইক্ষেত্ৰত সফলো হৈছে । দূৰদৰ্শন,অনাতাঁৰ,আন্ত:জাল আৰু দূৰভাষেই দেখোন আমাক নিজৰ মাতৃভূমিৰ পৰা, আপোনজনৰ পৰা আঁতৰত থাকিবলৈ দিয়া নাই !এই ধৰাৰ যি প্ৰান্ততেই আপুনি নাথাকক কিয়,আধুনিক কাৰিকৰী প্ৰযুক্তিৰ উচিত ব্যৱহাৰেৰে আপুনি বিশ্বৰ যিকোনো ঠাইৰ  যিকোনো মানুহৰ সতে, আপাত: মুখামুখিকৈ ভা‌ৱৰ আদান-প্ৰদান কৰিব পাৰে ।

         কিন্তু এনে উচ্চ মানৰ প্ৰযুক্তিৰ উপলব্ধতাৰ পাৰ্শ্চক্ৰিয়া স্বৰূপেই  মানুহে যেন হেৰু‌ৱাইছে আন বহুতো কিবা-কিবি ।আপুনিতো জানেই, শুভেচ্ছা-পত্ৰৰ ঠাইত সময় আৰু টকা ৰাহি কৰি আজিকালি সকলো‌ৱে দূৰভাষযোগে চুটি-বাৰ্তা পঠিয়াবলৈহে পছন্দ কৰে । চমকপ্ৰদ প্ৰযুক্তি-নিহিত এই নিত্য-নতুন আধুনিক সা-সঁজুলীবোৰ আমাৰ দৈনন্দিন জী‌ৱনৰ প্ৰতিটো কাৰ্য-কলাপৰ লগত এনেভা‌ৱে জড়িত হৈ পৰিছে যে মানুহে নিজে নজনাকৈয়ে ক্ৰমশ: যান্ত্ৰিক আৰু ব্যস্ত জী‌ৱন অতিবাহিত কৰাত  অভ্যস্ত হৈ পৰিছে ।

          মই ক’ব খুজিছোঁ ,মান‌ৱ-জাতিৰ একতা,মান‌ৱীয়তা,প্ৰগতি আৰু উদ্ভা‌ৱনী শক্তিৰ আধাৰস্বৰূপ উপাদান মানুহৰ অনুভূতি ,আ‌‌ৱেগ আৰু চিন্তাশক্তিৰ  কথা ।যাৰ অবিহনে মানুহ এটা জড় পদাৰ্থ অথবা অনুন্নত প্ৰজাতিৰ কোনো জন্তুৰ বাদে একো নহ’লহেঁতেন । মই অনুমান কৰোঁ, ২ ঘন্টীয়া এটা দূৰভাষিক আলাপেও কিজানি একেখিনি ভা‌ৱ প্ৰকাশ কৰাত ব্যৰ্থ হ’ব , যিখিনি এখন চিঠিয়ে ক’ব পাৰিব ।চিঠিয়ে প্ৰকাশ কৰে লিখোঁতাৰ হৃদয়ৰ বতৰা--অন্তৰ্নিহিত ভা‌ৱনা-চিন্তা আৰু অনুভূতি ।এনে হো‌ৱাও দেখা যায় যে বহুক্ষেত্ৰত আমি কিছুমান কথা মুখ ফুটাই কাৰোবাক কোৱাতকৈ এখন চিঠিৰে জনাবলৈহে বেচি পছন্দ কৰোঁহক।প্ৰথম কথা, কোন‌ৱাৰ সময়ত আমাৰ মনলৈ  সঠিক বাক্যশাৰী বা সঠিক ভা‌ৱটো নাহিব পাৰে ,কিন্তু লিখাৰ সময়ত , তাক আমি ধীৰে-সুস্থিৰে চালিজাৰি উপযুক্তভা‌ৱে উপস্থাপন কৰিব পাৰোঁ ।আৰু দ্বিতীয়তে মৌখিকভা‌ৱে কো‌ৱা কথাষাৰৰ প্ৰতিক্ৰীয়া সাধাৰণতেই তৎমূহুৰ্ততে হয় –যাৰ বাবে বিষয়বস্তুৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা বক্তাজনো কোনো অভা‌ৱনীয় পৰিস্থিতিৰ সম্মুখীন হ’বৰ বাবে প্ৰস্তুত থাকিবলগীয়া হয় । কিন্তু চিঠি এখনে আমাক তেনে শংকাৰ পৰাও নিৰাপদে ৰখাৰ আশ্বাস প্ৰদান কৰে!(এতিয়া এই চিঠি পঢ়ি অমুকাৰ আবোল-তাবোল কথাৰ বাবে খঙতে আস্ফালন কৰি থাকিলেও সেয়া নিস্ফল হ’ব-লিখক যে নিৰাপদ দূৰত্বত বৰ্তমান!)

            মোৰ এগৰাকী বাইদেউ, যি আমাৰ ঘৰৰ পৰা মাত্ৰ ২ কি.মি. আঁতৰত থাকে আৰু যাৰ সতে সঘনাই দেখা-সাক্ষাৎ হৈ থাকে,তেওঁও মোক আগতে চিঠি দিছিল-লেফাফাত নভৰো‌ৱাকৈ ,লগ পো‌ৱাৰ সময়ত নিজ হাতে। দৈনন্দিন কথা-বতৰাত প্ৰকাশ নোহো‌ৱা কিছুমান মৰম আৰু বিশ্বাসৰ সততেই স্বাক্ষৰ কঢ়িয়াইছিল,বাইদেউৰ সেই তিনি-চাৰি পৃষ্ঠাজোতৰা চিঠিৰ বৰ্ণমালাই ।বাইদেউৰ মনৰ ভিতৰৰ মানুহজনীক পঢ়ি চাবলৈ সুবিধা পাইছিলো।বাস্ত‌ৱ জী‌ৱনৰ বহু অভিজ্ঞতাই তেওঁ মোৰ সতে আলোচনা কৰিছিল । আৰু কিছুমান সৰু-সুৰা অভিমান,কিছু অনুৰোধ তথা পৰামৰ্শ আছিল তেওঁৰ চিঠিৰ মাজত, মৰমৰ ভায়েকৰ প্ৰতি।

    সেইজনী বাইদেউ,যাৰ লগত তেজৰ সম্বন্ধ নাই বুলি বিশ্বাস কৰিবলৈ মই টান পাওঁ,তেওঁ আজিকালি মোলৈ চিঠি নিলিখে ।আমাৰ সম্বন্ধ আৰু যোগাযোগ একেদৰে আছে--প্ৰায়ে বাৰ্তালাপ হয় বা ঘৰলৈ গ’লে  ভিনদেউৰ সতে আমি তিনিও কোনো নিৰ্জন ঠাইত ফুৰিবলৈ যাওঁ ।

    কাৰণ হ’ল, মই যে যান্ত্ৰিক হৈ গৈছো,ৰুটিনমাফিক কাৰ্যা‌ৱলীৰে প্ৰণালীটোৰ লগত একাকাৰ হৈ গৈছো, কিতাপ পঢ়া বা লিখা-মেলা কৰিবলৈ যে কমাই দিছো; সেয়া বাইদে‌ৱে অনুধা‌ৱন কৰিব পাৰিছে আৰু গতিকেই তেওঁ মোলৈ চিঠি দিয়া নাই ।(অভিমানৰ অন্য ৰূপ নিশ্চয়!)

            এনে অভিজ্ঞতাই মোক উপলব্ধি কৰাইছে যে চিঠিয়ে প্ৰকৃততে কিছুমান লিখিত প্ৰাণহীন শব্দ নকঢ়িয়ায়- ই কঢ়িয়ায় সম্বন্ধ !

          আজি লিখা এই চিঠিখনে মোক যেন আকৌ এবাৰ জগাই তুলিলে। অন্তৰত সঞ্চিত হৈ থকা অনুভ‌ৱবো ৰ ব্যক্ত কৰিবলৈ যেন মোক প্ৰেৰণা দিছে ।মই যে যান্ত্ৰিক হৈ যো‌ৱা নাই,মোৰ মগজুৰ অভ্যন্তৰত অনুভূতি-প্ৰ‌ৱণ কোষকণাবোৰ যে এতিয়াও জী‌ৱিত হৈ আছে, সেই কথা এই মুহূৰ্তত উপলব্ধি কৰি পুলকিত হৈ উঠিছোঁ ।

         মই চিঠি লিখিবলৈ ল’ম। মোৰ বাইদে‌ৱে মোৰ প্ৰতি পো ষণ কৰা ধাৰণাক মই ন কৈ সজাম,কলেজীয়া পুৰণা বন্ধুৰ ই-পত্ৰৰ ঠিকনা বা দূৰভাষ নম্বৰ গোটো‌ৱাৰ সমানে সমানে গুৰত্ব দিম মই তেওঁলোকৰ ডাক-ঠিকনা যোগাৰ কৰাত । আৰু ঘৰৰপৰা হাজাৰ মাইল দূৰত এই পাহাৰীয়া সীমান্ত‌ৱৰ্তী ঠাইত অকলে থাকি অনুভ‌ৱ কৰা প্ৰতিটো নিসংগতা,প্ৰতিটো  মনৰ খবৰ চিঠিৰে জনাই হঠাৎ আচৰিত আৰু আনন্দিত কৰি তুলিম দৈনিক দূৰভাষযোগে যোগাযোগ ৰখা মা-দেউতাকো!

           আপুনি শুনি আচৰিত হ’ব নিশ্চয় যে বিগত চাৰে চাৰি বছৰে প্ৰেয়সীলৈ বুলি  লিখা চিঠিৰ এখনো সম্পূৰ্ণ হৈ নুঠাৰ পিছত তিনিদিনীয়া প্ৰচেষ্টাৰে এখন চিঠি লিখা সম্পূৰ্ণ হ’ল- যিখন আপুনি আজি পঢ়ি আছে ।গতিকে এই সংক্ৰান্তত প্ৰিয়তমাৰ পৰা পাবলগীয়া কঠোৰ শাস্তি উপভোগ কৰিবলৈও মানসিকভা‌ৱে মোক প্ৰস্তুত কৰিলে আপোনালৈ  লিখা এই চিঠিখনে ।

                 অ’ ৰ’ব ,আপুনি নিশ্চয় বিৰক্ত হৈছে! কাৰণ মই ইমান সময়ে কে‌ৱল নিজৰ কথাই বখালি থাকিলোঁ ।এজনে কৈছে ,”কথা কমকৈ ক’বা,বেছিকৈ শুনিবা” । মোৰ আকৌ ওলোটাটোহে হয় ! যি নহওঁক, দুদিন আগলৈকে মাথোঁ কম্পিউটাৰৰ পৰ্দাত আৱবদ্ধ এটা নাম আজি মোৰ বন্ধুৰ তালিকাত যোগ হ’ল । তাৰ বাবে ‘চিঠি’ গোটলৈ ধন্যবাদ যাঁচিলোঁ । আপোনাৰ লেখাবোৰ পঢ়িছোঁ । ভাল লিখে আপুনি !অনুভূতিপ্ৰ‌ৱণ হৃদয়বান মানুহক মই সম্মান কৰোঁ ।আশা কৰোঁ, অনাগত দিনতো আপোনাৰ অনুভূতিৰ জোলোঙা জুমি চাবলৈ সুযোগ পাম ।

               ভয় নাখাব, আৰু বেছি দীঘলীয়া নকৰোঁ ।কিন্তু যি দুটা কথা নক’লে এই চিঠিখন মূল্যহীন হ’ব বুলি ভা‌ৱোঁ ,সেয়া কৈ সামৰণি মাৰিম ।আচলতে এই দুটা মোৰ ব্যক্তিগত অনুৰোধহে ; কে‌ৱল আপোনাৰ প্ৰতি নহয়,মোৰ সকলো ইচ্ছুক বন্ধু-বান্ধ‌ৱীলৈয়ে মই এই বক্তব্য ৰাখোঁ । সেয়া হ’ল-


                 ক) আপোনাৰ ব্যক্তিগত জী‌ৱনটোৰ পৰা অকণমান হ’লেও সময় উলিয়াই সমাজৰ কামত নিজকে নিয়োগ কৰক । আজিকালিৰ পৃথি‌ৱীত ভাল কামৰ চিন্তা কৰা মানুহ বহুত পো‌ৱা যায়,কিন্তু হাতে-কামে লগা মানুহ পাবলৈ বিৰল । দুৰ্নীতি,অহিংসা আৰু অবিচাৰৰ এই দু:সময়তো চৌপাশে ঘটি থকা ভাল কামবোৰত জড়িত হওক আৰু আনকো জড়িত কৰাওক । প্ৰত্যেকেই গা-এৰা দি কে‌ৱল নিজকলৈ ব্যস্ত থাকিলে সমাজৰ প্ৰগতি হ’ব বুলি আমাৰ মনে নধৰে । অসমীয়াৰ মাজত সকলো প্ৰতিভা আৰু গুণ আছে; নাই মাথোঁ সাহস,একতা আৰু পৰোপকাৰী মনোভা‌ৱ ।

              খ) লক্ষ্য কৰিছোঁ যে, আপুনি আন্ত:জালতো অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা অলপ হ’লেও কৰে (অন্ত:ত ফেচবুকত হ’লেও)।গতিকে লিখিছেই যেতিয়া ;নিজৰ মাতৃভাষাটোক ইংৰাজী বৰ্ণমালাৰে প্ৰকাশ কৰি দৃষ্টিকটু কিয় কৰিব লাগে, সুন্দৰ অসমীয়া ইউনিক’ডত টাইপ কৰক আৰু ভাষাটোৰ শুদ্ধৰূপ প্ৰচাৰ তথা প্ৰসাৰত যথাকিঞ্চিৎ অৰিহণা যোগাওক ।অসমীয়াভাষী  মানুহৰ সংখ্যা ক্ৰমান্বয়ে নিম্নগামী হো‌ৱা,ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে হেতা-উপৰা কৰা,প্ৰচাৰ মাধ্যমতো শুদ্ধ ৰূপৰ অসমীয়া প্ৰচলন নোহো‌ৱা--এনেবোৰ পৰিস্থিতিৰ এই সংকট কালত কে‌ৱল মাথোান এজন মানুহৰ সজাগতাৰ প্ৰয়োজন হৈ আছে,যিয়ে নেকি এই শু‌ৱলা অসমীয়া ভাষাটোক সজী‌ৱ কৰি টনকীয়াল কৰি তুলিব পাৰিব; তেওঁ হ’ল ‘আপুনি’ । আমি প্ৰত্যেকেই ।
  
            অনুৰোধ দুটিৰ বাবে বেয়া নাপায় যেন ।আপোনাৰ কুশল-বাৰ্তা জনাব ।
                                                         আজিলৈ সামৰিছোঁ ।
                                                                       প্ৰান্তত,
                                                               আপোনাৰ বন্ধু
                                                                  অৰুণজ্যোতি
                                                                 ২ আগষ্ট,২০১১
                                                              চাইহা, মিজোৰাম


পুণ:শ্চ    -আপোনাৰ নামটো যদি ভুলকৈ লিখিছোঁ,তেন্তে ক্ষমা কৰে যেন। ‘ব’ হ’ব     নে ‘‌ৱ’ হ’ব মোৰ সীমিত ভাষাজ্ঞানেৰে ঠিৰাং কৰিব নো‌ৱাৰিলো ।

Friday, August 5, 2011

'অসমীয়া' গঢ়া আৰু মাধ্যম



 শেহতীয়াকৈ এটা পৰিঘটনা সততেই দেখা গৈছে ,কোনোজনে যদি বিষ্ণু ৰাভাৰ গীত সংগ্ৰহ কৰাত লাগিছে,আন কোনোজনে আকৌ অসমীয়া ভাষাৰ ঐতিহ্য আৰু বৰ্তমানক লৈ চিন্তিত হৈছে ।কোনোজনে যদি লিপিৰ বাবে যুঁজিছে,আনজনে আকৌ সাহিত্যক বিশ্বজনীন কৰাৰ প্ৰয়াস কৰিছে ।এইবোৰ কিয় কৰিব লাগে ?নকৰিলে নহয় নে?

        এইবোৰ এইবাবেই কৰা হৈছে, কিয়নো অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ এনে পয়ালগা দিন আৰম্ভ হৈছে যে তাৰ সংৰক্ষণ,প্ৰসাৰণ আৰু জনপ্ৰিয়কৰণৰ সময় আহি পৰিছে বুলি আমি আটাইয়ে বুজি পাইছোহঁক ।আৰু এই কামৰ সফল ৰূপায়নৰ বাবেই আমি লাহে লাহে সকলো মানুহকে ইয়াৰ বিষয়ে অৱগত কৰি হাতে-কামে আগবাঢ়ি যাবলৈ পৰিকল্পনা কৰিছোহঁক ।ইতিমধ্যেই সৰু-ডাঙৰ পদক্ষেপেৰে বহু ক্ষেত্ৰত আমি সফলো হৈছোঁ ।

        মই কব খুজিছোঁ, কিয়নো আমি এনে প্ৰচেষ্টা তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ নকৰোহঁক? আৰু কিমান মানুহক বুজাব?মানুহবোৰক নিজে নিজে বুজি পো‌ৱা কৰি নোতোলো কিয়?
       
     হয়।মই বিদ্যালয় স্তৰৰপৰা এজন অসমীয়াগঢ় দিয়াৰ কথা কৈছোঁ।সন্তানৰ সু-শিক্ষাৰ বাবে পিতৃ-মাতৃ সচেতন হো‌ৱাটো অতিকেই জৰুৰী কথা। আৰু সমানেই জৰুৰী তেওঁলোকে সন্তানক মাতৃভাষাটোক ভালপাবলৈ শিকো‌ৱাটো, এই দেশৰ সাহিত্য-সংস্কৃতিৰ লগত পৰিচয় কৰো‌ৱাটো তথা বিভিন্ন সামাজিক ৰীতি-নীতি,পৰম্পৰা,উৎস‌ৱত জড়িত কৰো‌ৱাটো ।
       
      এনে প্ৰেক্ষাপটত সন্তানক কি মাধ্যমত পঢ়ু‌ৱাব,সেয়া এটা জটিল প্ৰশ্ন- আজিৰ যুগৰ প্ৰতিজন সচেতন অসমীয়া অভিভা‌ৱকৰ বাবে। অসমীয়া মাধ্যমত পঢ়িলে বাহিৰত গৈ লৰা-ছো‌ৱালীয়ে চাকৰি কৰিব নো‌ৱাৰিব,’স্মাৰ্টবলৈ নিশিকিব,ইংৰাজী কব নো‌ৱাৰিব ।হাজাৰ অভিযোগ!কথাবোৰ সিমান মিছাও নহয় ।কিন্তু আমাৰ ব্যক্তিগত অনুভ‌ৱ, অসমীয়া মাধ্যমত পঢ়িলে মূল অসুবিধা হয় ইংৰাজী কো‌ৱাতহে(লিখা-পঢ়াত নহয়)।আৰু তাৰ বাহিৰে অন্য যিবোৰ অতিৰিক্ত গুণ বা প্ৰতিভা বা ব্যক্তিত্ত্ব বিকাশৰ কথা কো‌ৱা হয়,সেয়া অসমীয়া মাধ্যমত পঢ়া লৰা বা ছো‌ৱালী এজনীয়েও অনায়াসে আয়ত্ত্ব কৰি লব পাৰে-যদিহে নিজাববীয়া কিছু প্ৰচেষ্টা লয় তথা অভিভা‌ৱকে মনোযোগ দিয়ে ।এইটো অনস্বীকাৰ্য যে অসমীয়া মাধ্যমৰ যিকোনো বিদ্যালয়তে ইংৰাজী শিক্ষাৰ মান অতিকৈ শোচনীয় আৰু যাৰ ফলস্বৰুপেই অসমীয়া মাধ্যমত খুব সুন্দৰ ফলাফল কৰা ছাত্ৰজনেই উচ্চ-শিক্ষা লাভ কৰিবলৈ গৈ উজুতি খাব লগা হয়,যিয়ে হয়তো কেতিয়াবা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ জী‌ৱনত সফলতাৰ এটা অন্তৰায় হিচাপে থিয় দিয়ে ।গতিকে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী শিক্ষাৰ বাবে গুণগতভা‌ৱে পাৰ্গত ইংৰাজী শিক্ষক নিযুক্তি তথা শিকণ-প্ৰণালীৰ সাল-সলনিৰ সময় আহি পৰিছে।
       
        কিন্তু আজিকালি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি অসমৰ চুকে-কোণে পাবত-গজা কিছুমান ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি উঠা দেখা গৈছে ।ব্য‌ৱসায়িক লাভালাভৰ উদ্দেশ্যেৰে স্থাপন কৰা এনে শিক্ষানুস্থান সমূহে কেনে মানৰ শিক্ষা প্ৰদান কৰিব,সেয়াও এক সন্দেহৰ বিষয় ।অভিভা‌ৱকে ভ‌ৱাৰ দৰেই যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিলেই নিজৰ সন্তানে চমকপ্ৰদ ফলাফলেৰে পৰীক্ষাত উত্তীৰ্ণ হব পাৰিব,তেনেও নহয় ।অসমৰ বহুতো গাঁও অঞ্চলত আজিকালি এটা এনে প্ৰ‌ীৱণতা দেখা যায় যে একে গাঁৱৰ আন বহুতৰ দৰে অসমীয়া মাধ্যমত নিজৰ সন্তানক নামভৰ্তি নকৰি চহৰৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰো‌ৱাটো এটা গৌৰ‌ৱৰ বিষয় বুলি চিহ্নিত কৰে ,উচ্চ হাৰৰ মাচুল দিবলৈ লাগিলে তেৰাস‌ৱে দুসাজ লঘোনে থাকিবলৈও সাজু।
       
        এই কথা মই ডাঠি কম যে, অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে চৌপাশৰ পৰি‌ৱেশ বা অইন যি কাৰকৰ বলতেই নহওক কিয়,এনে কিছুমান অনা-বিদ্যায়তনিক শিক্ষা লাভ কৰে,যিবোৰ ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে কাহানিও লাভ নকৰে । তেওঁলোকে অন্ত:ত চিনি পায়-বিষ্ণুৰাভা সংগীত,বৰগীত,লোকগীত কি বস্তু ।শঙ্কৰদে‌ৱ,মাধ‌ৱদে‌ৱ,জ্যোতি-বিষ্ণু,অম্বিকাগিৰি কোন আছিল ।সাহিত্য-জগতৰ কোন কোন তাৰকা অসমীয়াৰ গৌৰ‌ৱ সেয়া অন্ত:ত কব পাৰে ।কীৰ্তন-ঘোষা,নাম-ঘোষা নপঢ়িলেও জানে সেয়া খায় নে পিন্ধে ।
       
      আজি বিদ্যালয়ত পঢ়ি থকা লৰা-ছো‌ৱালীমখাই এদিন আমাৰ সমাজৰ গুৰিধৰোঁতা হব । এইসকলক পোনাই থৈ গলেহে আমি দেখা গৌৰ‌ৱময় অসমীয়া ভাষা,সাহিত্য,পৰম্পৰা আৰু সংস্কৃতি জীয়াই থাকি জগতত জ্যোতি বিলাব পাৰিব। অসমীয়া মাধ্যমত পঢ়া বহু ছাত্ৰই খ্যাতি আৰু মেধা অৰ্জন কৰি অসমীয়াৰ নাম উজ্জ্বল কৰিছে ।তেনেস্থলত যদি ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাৰ প্ৰয়োজনীয়তা সঁচাকেই আছে, তেন্তে সেইবোৰ ৰাজহু‌ৱা হোহ‌ৱা উচিত । আপুনি যদি আপোনাৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ু‌ৱাই গুণী-জ্ঞানী কৰিব বিচাৰিছে, তেন্তে কিয় বিচাৰে সেয়া জনাওঁক । আমাৰ নদাই-ভদাই সকলো‌কে তেনে সুবিধা লো‌ৱাৰ পৰা বঞ্চিত নকৰিব ,সকলোও‌ৱে পঢ়ু‌ৱাওক ।আৰু যদি সঁচাই ইংৰাজী মাধ্যমত পাঠগ্ৰহণ কৰাৰ বাদে আমাৰ গত্যন্তৰ নাই,তেন্তে সেয়াও হৈ উঠক । প্ৰয়োজনসাপেক্ষে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বিধিগত ভা‌ৱে বন্ধ হওক।

        কৰ্ণাটক,তামিলনাডুৰ দৰে উন্নত ৰাজ্যত কিন্তু স্থানীয় ভাষাৰহে ব্য‌ৱহাৰ বেছি ।তেওঁলোকে ইংৰাজী নজনাকৈও থকা নাই । 

        আমি বিচাৰিছো,এই বিষয়ে বহুল-আলোচনা হওক,বিতৰ্ক হওক আৰু সকলো মাধ্যমৰে যোগেদি এনে আলোচনা সৰ্বসাধাৰণ অসমীয়া মানুহৰ কাণত পৰক।তেওঁলোকে অন্ত:ত বিবেচনা কৰিবলৈ শিকক । যিবোৰ কাৰণত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহে সচেতন মহলৰ আস্থা হেৰু‌ৱাইছে,সেয়া পুনৰুদ্ধাৰৰ বাবে আলোচনা হওক আৰু সুস্থ কৰ্মপন্থাৰ সূচনা কৰক । চৰকাৰে কি পদক্ষেপ লব পাৰে,তাৰো আলোচনা হোব‌ৱা উচিত ।
   

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...