লেখা অনুসন্ধান কৰক

Wednesday, April 27, 2011

ৰিমিক্স,সংগীত আৰু অসমীয়া


গোলকীকৰণৰ ফলস্বৰূপে পৃথি‌ৱীখন এখন সৰু গাঁৱলৈ ৰূপান্তৰিত হৈছে।তাৰ সতে ৰজিতা খো‌ৱাই তথ্য-প্ৰযুক্তিয়ে আমাক তথ্য,জ্ঞান আৰু সংস্কৃতিৰো আদান-প্ৰদানৰ বাট সুচল কৰি তুলিছে।গা‌ৱেঁ-ভুঞেঁ এনে ঢৌ উঠাও পৰিলক্ষিত হয় যে কম্পিউটাৰ বা বাইক কিনাটো এটা ঢং(fashion)হিচাপে জনপ্ৰিয় হৈ পৰিছে,লাগিলে তাৰ প্ৰয়োজন থাকক বা নাথাকক,ব্য‌ৱহাৰ কৰিব জানকেই বা নাজানক!এনে কিছু কাৰকৰ ফলশ্ৰুতিত আজিকালি অসমৰ ঘৰে ঘৰে ম’বাইল ফোন/ভি.চি.ডি./ডি.টি.এইচ্ছ./পি.ডি.এ./লেপটপ্ উপলব্ধ হৈছে।এইবোৰ ইলেক্ট্ৰনিক সৰন্জামৰ সহজলভ্যতাই কলা সংস্কৃতিৰো বি‌ৱৰ্তনৰ সূচনা কৰিছে।
এনে হো‌ৱাৰ ফলত কিছু যে সুবিধা হো‌ৱা নাই,তেনে নহয়।উদাহৰণ হিচাপে, বাঁহীবাদকৰ অনুপস্থিতিত “কি-বোৰ্ড” নামৰ যন্ত্ৰবিধতে বাঁহীৰ অনুৰূপ সুৰ নকল কৰি কাম চলাব পৰা হৈছে মোৰ দেউতাই বিৰাট আকাৰৰ “কেছেট-প্লেয়াৰ”টো লগত লৈ দূৰলৈ গৈ গান শুনিব পৰা নাছিল,এতিয়া চলমান দূৰভাষ যন্ত্ৰটোতে সেই সুবিধা পাই বিৰাটেই সুখী হৈছে!ঠিক সেইদৰে জগজিৎ সিঙে লন্ডনত গীত পৰি‌ৱেশন কৰা অনুষ্ঠানটো আপুনি ঘৰতে বহি উপভোগ কৰিব পাৰিছে।
এই আদান-প্ৰদানৰ সৰ্বোচ্চ হাৰৰ পৰিণতিতে আৰু পছিমীয় বা দেশীয় অনা-থলু‌ৱা সংস্কৃতিৰ অন্ধ অনুকৰণ তথা বিৰামহীন আমদানিৰ ফলস্বৰূপেই আমাৰ ন‌ৱ-প্ৰজন্মই আচাৰ-ব্য‌ৱহাৰ,সাজ-পাৰ,কথা-বতৰা,ভাষা-সাহিত্য-সংস্কৃতি সকলোতে এটা নতুন কামিজ পিন্ধি উঠা-বহা কৰিবলৈ শিকিছে।
অন্য ক্ষেত্ৰৰ কথা বিবেচনা নকৰাকৈ যদি সংগীতৰ জগতখনলৈ চাওঁ,তেন্তে দেখা পাম যে আজিৰ ডেকা-ডেকেৰীয়ে ভাষা,সুৰ,লয়,গায়ক নিৰ্বিশেষে বিশ্বৰ যিকোনো ঠাইৰে জনপ্ৰিয় সংগীতৰ অন্ত:ত এবাৰলৈ হ’লেও জুতি ল’ব পাৰিছে আৰু নিজৰ বাছকবনীয়া গীতসমূহ যিকোনো মুহুৰ্ততে দৃশ্য-শ্ৰাব্য মাধ্যমত উপভোগ কৰি দেহ-মন জুৰ পেলাব পৰাকৈ হাতৰ মুঠিত সযতনে ধৰি ৰাখিব পাৰিছে।এক দিশৰপৰা চালে ই বেচ্ সুন্দৰ কথাই হৈছে!
গোলকীকৰণৰ মাধমাৰত বিশ্বৰ ভিন্ন প্ৰান্তৰ গীত শুনি ভালপো‌ৱা দুই এজন অত্যুৎসাহী যু‌ৱক-যু‌ৱতীৰ কাণত অসমীয়া থলু‌ৱা সংগীতৰ সুৰ হয় বেসুৰা হৈ বাজিছে নহয় সেইবোৰে তেওঁলোকক বিশেষ আমোদ য‌োগাব পৰা নাই।বিদেশী সুৰ-সংগীতৰ মায়াময় তেজোদ্দীপক ঝংকাৰৰপৰা বঞ্চিত হৈ থকা আমাৰ ৰক্ষণশীল থলু‌ৱা অসমীয়া ৰাইজক নিজৰ সুপ্ত প্ৰতিভাৰ কৰ্ষণ কৰি সৃষ্টিশীলতাৰ পৰিচয় দিবৰ বাবে সেয়েহে হ’বলা দুই একোজনে অহোপুৰোষাৰ্থ কৰা দেখা গৈছে।পুৰণি অসমীয়া গীতৰপৰা আৰম্ভ কৰি লোকগীত,প্ৰাৰ্থনা আদি পৰ্যন্ত তেওঁলোকৰ অস্ত্ৰোপ্ৰচাৰৰ বলি হ’বলগাত পৰিছে।আৰু পৰিতাপৰ বিষয় এয়ে যে ,তেনে পৰীক্ষা-নিৰীক্ষাৰ অন্তত যি শেষ উৎপাদন ৰাইজক ‘উপহাৰ’ দিছে সেয়াই তেওঁলোকৰ প্ৰতিভাক কণমানো স্বীকৃতি দিবলৈ সক্ষম হো‌ৱা নাই।
কোনো নতুন বস্তু বজাৰলৈ আহিলে সি বৰ্তিব পাৰিবই,যদিহে তাত ভাল গুনাগুন মজুত থাকে।ঠিক সেইদৰে তেনে ন-স্বাদৰ সংগীতকো শ্ৰোতা-দৰ্শকে আদৰি ল’বই,যদিহে তেনে সংগীতে শুনোতাৰ হ্ৰৃদয় জয় কৰিব পাৰে,যদি তেওঁক জী‌ৱনৰ ব্যস্ততাৰ মাজতো এখন্তেক স্বৰ্গীয় সুখৰ আস্বাদনৰে পৰমানন্দ প্ৰদান কৰিব পাৰে।‘মিশ্ৰনৰ মাপাংক’,’বিচ্ছুৰণৰ হাৰ’ আদি যিমানেই যন্ত্ৰবৎ সূত্ৰ বা পৰিমাপ বুজক শব্দেৰে এনে পৰীক্ষা-নিৰীক্ষাবোৰৰ গুণাগুণ বুজাবলৈ চেষ্টা কৰা নাযাওক কিয়,শ্ৰোতাই কে‌ৱল কাণৰ পৰ্দাৰ কঁপনিয়ে তেওঁৰ মন আৰু হ্ৰৃদয়ত পেলো‌ৱা প্ৰভা‌ৱকহে বেছি মূল্য দিব।
সততে শুনিবলৈ পো‌ৱা যায়,পুৰণা গীতৰ কথাই হেনো সুকীয়া,সেইবোৰ জাউতি-যুগীয়া চিৰসেউজ গীত”কথাটো এশ শতাংশই সত্য।ই এনে নহয যে মাথো ৰক্ষণশীল মানুহৰ বাবেহে পুৰণী গীতবোৰ প্ৰিয়,আন সকলৰ বাবে বা ন-প্ৰজন্মৰ বাবে নহয়।মই বুকু ডাঠি ক’ব পাৰো,আমাৰ ন-প্ৰজন্মইয়ো সেই গীতবোৰো শুনি ভাল পাব-যদিহে তেওঁলোকে তেনে গীতৰ সুৰ-তাল-লয়ৰ সুমধুৰ ছন্দ উপভোগ আৰু গীতৰ কথাংশৰ মধুৰতা পান কৰিব পাৰে।
[এই লেখাৰ স্পষ্ট অনুধা‌ৱনৰ সুবিধাৰ্থে মোৰ প্ৰিয় শতাধিক অসমীয়া পুৰণি গীতৰ ভিতৰত দুটিমানৰ নাম উল্লেখ কৰিলো,আগ্ৰহীসকলে শুনি চাব পাৰে।১)বহুদিন বকুলৰ ফুল তোলা নাই(বীৰেণ ভট্ট)২)সো‌ৱঁৰণি যদি নাই(পুলক বেনাৰ্জী)৩)দুহাততে দিছা মোক ফুল(ডলি ঘোষ)৪)নাহৰ ফুলা বতৰতে(ডলি ঘোষ)৫)কাউৰী পৰে(খগেন মহন্ত)৬)আই তই আগচোতালতে(মিনু বৰু‌ৱা)৭)অনুভ‌ৱ মোৰ প্ৰীতিৰ স্মৃতি(বিউতি শৰ্মা বৰু‌ৱা)৮)জোন জ্বলে কপালত(চাৰু গোঁহাই)৯) প্ৰায় সকলো জ্যোতিসঙ্গীত,বিষ্ণুৰাভাসঙ্গীত,পাৰ্বতিসঙ্গীতলগতে জয়ন্ত হাজৰিকা/ভূপেন হাজৰিকাৰ গান]
সংগীতে হেনো ভাষাৰ পৰিধি নামানে,নামানে ই তাৰ সৃ্ষ্টিৰ সূত্ৰও।স্বাভা‌ৱিকতে প্ৰশ্ন উঠে, তেন্তে পুৰণী গীতত এনে কি যাদু সনা আছে যে সি ‘চিৰসেউজ’ হো‌ৱাৰ দাবী কৰিব?ছাকিৰা/মাইকেলৰ গানত লক্ষ লক্ষজন আত্মহাৰা হো‌ৱাটো কি ভেলেকী-বাজিহে নেকি?ৰক/যায্/পপ সংগীত কি অকল পছিমীয় দেশতহে জনপ্ৰিয়?
নহয়।পুৰণী গীতত যাদু সানি থো‌ৱাৰ সাঁথৰটোও জটিল নহয়।
সুৰ সৃষ্টি হয় অজানিতে।বতাহ-ঢেৰেকনি-ধুমুহাৰ তান্ড‌ৱ দেখি কোনো আদিম জনগ‌োষ্ঠিয়ে অদৃশ্য শক্তিক প্ৰাৰ্থনা কৰিছে বা চিকাৰ সফল হো‌ৱাৰ আনন্দতে কিৰিলি পাৰিছে।গৰু চৰাই থাকোতে গৰখীয়াই স্বত:স্ফূৰ্তভা‌ৱে গুনগুন গানৰ সৃষ্টি কৰিছে বা বনগীত গাই প্ৰকৃতিৰ গুনানুকীৰ্তন কৰিছে।ঠিক সেইদৰে,আপুনি বাহিৰত বতাহৰ হৰ্-হৰণি শুনিছে,নিয়ৰ সৰাৰ ছন্দ শুনিছে বা বৰষুণৰ ৰিম-ঝিম নৃত্য দেখিছে অথবা জুৰিটি বৈ যো‌ৱাৰ খল-খল শব্দ শুনিছে-এই সকলোবোৰে আপোনাৰ মনত দলদোপ্-হেন্দোলদোপ‌্ কৰিছে আৰু আৱেগত কিবা এষাৰ মনৰ কথা সুৰ হৈ ওলাই আহিছে।
যিকোনো সমাজৰ প্ৰচলিত লোক-গীতিসমূহেই(folk-songs)হৈছে সেই জাতিৰ স্বত:স্ফুৰ্ত জাতীয় সংগীত।এই অৰ্থত আমাৰ বিহুগীত,লোকগীত,বনগীত,স্তুতি,প্ৰাৰ্থনা,বৰগীতবোৰে আমাৰ জনজী‌ৱনৰ স্বাভা‌ৱিক অনুভূতিক প্ৰতিনিধিত্ব কৰে আৰু সেইহেতুকেই বিহুগীত গাই আমাৰ গা‌ৱঁৰ অশিক্ষিত নদাই ভদাই এজনেও অনাবিল সুখ অনুভ‌ৱ কৰে,জুবিন-দীক্ষুৰ গানেৰে নহয়।গধুলিৰ প্ৰাৰ্থনা বা নামঘৰৰ হৰিনাম-কীৰ্তনে আমাৰ মনলৈ শান্তি আনে ঠিক একে কাৰণতেই।
পুৰণী অসমীয়া সংগীতবোৰ সৃষ্টি হৈছিল এইবোৰ উপাদানেৰে।মানুহৰ মনৰ পৰা নিজৰি ওলাই পৰা একোটি সুৰ সুন্দৰ কথাৰে সজাই থলু‌ৱা বাদ্যযন্ত্ৰেৰে তাক প্ৰাণ‌ৱন্ত কৰা হৈছিল বহু কষ্টত মূৰত।আজিকালিৰ দৰে “কি-বোৰ্ড”,”কম্পিউটাৰ”,”মিক্সাৰ”ৰ সহায়ত এদিনতে দহোটা গান “বনো‌ৱা”ৰ দৰে নহয়।সেয়েহে যুগৰ পাছত যুগ ধৰি একো একোটা পুৰণী সুৰীয়া গানে মানুহৰ অন্তৰ জয় কৰি তাত নিগাজী আসন ল’বলৈ সক্ষম হয়।
আমাৰ অনুৰোধ,যিসকল সংগীত অনুৰাগী ‘শিল্পী’য়ে অসমীয়া পুৰণী গীতবোৰৰ ওপৰত পৰীক্ষামূলক কাৰ্য-কলাপ আৰম্ভ কৰিছে,তেওঁলোকে যেন অনতিপলমে এনে দুষ্কাৰ্য বন্ধ কৰে।ই জাতিটোৰ যি অলপ সম্পদেৰে চহকী হৈ থকাৰ সদনাম আছে, তাক কলুষিত কৰিব।বৰঞ্চ সেই গীতবোৰৰ সুন্দৰতা অনুভ‌ৱ কৰি নকৈ কিছু মন-পৰশা সংগীত সৃষ্টি কৰি ৰাইজলৈ আগবঢ়াবলৈহে আমি তেৰাসকলক অনুপ্ৰাণিত কৰোঁ।বিশ্ববিখ্যাত সংগীতেৰে অনুপ্ৰাণিত হৈ(অনুকৰণেৰে!) ন অসমীয়া সংগীত সৃষ্টি কৰাতো আপত্তি নাই, মাথো সি মান‌ৱ জী‌ৱনৰ স’তে সংগ‌ীতৰ যি মধুৰ সম্পৰ্ক তাক বজাই ৰাখিব পৰা আৰু সংগীত সাধনাৰ যি মূল উদ্দেশ্য তাক পৰিপূৰণ কৰিব পৰা বিধৰ হ’ব লাগে।এক কথাত, আগেয়ে উল্লেখ কৰাৰ দৰে সি মানুহৰ মন আৰু হ্ৰৃদয় জয় কৰিব পৰা হ’ব লাগে। অসমীয়া ৰাইজ আৰু শিল্পীসকলে এনে কান্ড-কলাপবোৰ অলপ গমিবৰ সময় ইতিমধ্যেই আহি পৰিছে। নহ’লে অসমীয়া জাতিৰ, কাউৰীয়ে পাখি গুজি ম’ৰা হ’বলৈ চেষ্টা কৰাৰ দৰে দুৰ‌ৱস্থা হ’ব।জাতিটোৰ ন-প্ৰজন্মৰ ৰুচি আৰু পছিমীয় চিন্তা-চৰ্চাই কেনেকৈ আমাৰ সমাজৰ গুৰিধৰোঁতা শিল্পীসকলকো কাছৰদৰে মূৰ লুকু‌ৱাই পিছ হোঁহুকিবলৈ বাধ্য কৰিছে তাৰ এটা উদাহৰণ চাওঁক-
পুত্ৰৰ বৰ্ধিত জনপ্ৰিয়তাৰ ওচৰত শিৰণত কৰি এজন প্ৰথিতযশা গণশিল্পীয়ে কৈছে-‘অন্ত:ত ৰাইজে সি গাইছে বুলি হ’লেওঁতো লোকগীত শুনিছে’!
কোন দিশে এই দেশ,দুনীয়া! কিম্অধিকম্!
“আগষ্ট্ ৰাছ্” নামৰ চলচ্চিত্ৰখনত সুন্দৰভা‌ৱে সংগীতৰ মাহাত্ম্য উপস্থাপন হ‌ো‌ৱা দেখা গৈছে।চিত্ৰ-পৰিচালকে এটা বাণী প্ৰচাৰ কৰিছে,যিটো আমাৰো মন:পুত হৈছে,সি হৈছে “Music is everywhere. What we all have to do is ,just listen”।
ন-প্ৰজন্মই এই বাণী সাৰোগত কৰি নিজা ভা‌ৱ-সুৰ-লয়েৰে সুমধুৰ সংগীত নিজেই সৃষ্টি কৰিব নো‌ৱাৰেনে ?অসমীয়াৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব নো‌ৱাৰেনে? চেষ্টা কৰক,নিশ্চয় পাৰিব ।
[ অৰুণজ্যোতি দাস,চাইহা,মিজোৰাম ইং. ২৭ এপ্ৰিল,২০১১ ]

Monday, April 25, 2011

মাতৃভাষা সজাগতা

বৰ্তমানৰ সমাজৰ আদ‌ৱ-কায়দাবোৰ দেখি-শুনি-বুজি অসমীয়া ভাষাটোক সকলো‌ৱেই যে বেপেৰু‌ৱা ভংগীৰে ব্য‌ৱহাৰ কৰিবলৈ লৈছে এই কথা আপোনাস‌ৱে ইতিমধ্যেই বুজি উঠিছে ।দু:খ প্ৰকাশ কৰিছো যে এই বিষয়ে হাঁ-হুমুনিয়াহ কঢ়াৰ বাদে অন্য কোনো উপায় সুধীবৃন্দই বিচাৰি পো‌ৱা নাই।
কিয়,আপোনাসবেই দেখোন সক্ৰিয় অংশগ্ৰহণ কৰি মাতৃভাষাৰ উদ্ধাৰ অভিযানত অৰিহণা যোগাব পাৰে ।
মই প্ৰস্তা‌ৱ আগবঢ়াওঁ, আমি প্ৰত্যেকেই নিজৰ মাতৃভাষাটোৰ ক্ষেত্ৰত অলপ হ’লেও সজাগ হওঁ আহক!আনৰ ভুল উচ্চাৰণ/বাক্য গাঁঠনি/অশুদ্ধ শব্দৰ ব্য‌ৱহাৰ/প্ৰলাপ ইত্যাদি দেখিলে অনতিপলমে শুধৰাই দিয়ক। যদিহে তেওঁ আপোনাৰ দৰেই স্বদেশপ্ৰেমী,তেওঁ কেতিয়াও তাৰ বাবে বেয়া নাপায়।বাতৰি-কাকত/অনাতাঁৰ/দূৰদৰ্শনত ভুল অসমীয়া দেখিলে অযথা মূৰ ঘমো‌ৱাৰ পৰি‌ৱৰ্তে সংশ্লিষ্টসকলক টেলিফোনযোগে শুধৰাবৰ বাবে অনুৰোধ কৰক ।এনেদৰে আজি আপুনি কৰিব,কাইলৈ আন এজনে যেতিয়া কৰিবলৈ ল’ব,বাতৰি-কাকত/দূৰদৰ্শনৰ বিভাগীয় কৰ্তৃপক্ষই এদিন ভা‌ৱিবলৈ বাধ্য হ’ব যে তেওঁলোকৰ আলাসতে চাউল মোকলো‌ৱাৰ দিন উকলিল,অনাগত দিনত ভাষাৰ প্ৰতি সজাগ নহ’লে তেওঁলোকৰ চাকৰি তথা ব্য‌ৱসায় চলো‌ৱাৰ ক্ষেত্ৰত হেঙাৰৰ সমুখীন হ’ব পাৰে ।
এই বিষয়ে আপুনি লিখা মেলা কৰিবলৈ আজিয়েই আৰম্ভ কৰক ।যদিহে আপুনি সাহিত্য ৰচনাৰ ক্ষেত্ৰত অনভ্যস্ত,তথাপিও আপুনি লিখিবলৈ ভয় নকৰিব,আপোনাৰ মনৰ কথা মাথো নিজৰ মাতৃভাষাত প্ৰকাশ কৰিব লাগে,যিটো আপোনাৰ বাবে তেনেই সহজ!
সামাজিক গোটবন্ধক জালস্থানৰ যদি আপুনি সদস্য,তাতো আপোনাৰ স্থিতি সবল কৰি তোলক।
এনে এটা আন্দোলন বা সজাগতা সৃষ্টি কৰাটো তেনেই সহজ,যদিহে আপুনি,কে‌ৱল আপুনি আজিয়েই সজাগ হয় ।আঁহক,আমি শুদ্ধ অসমীয়া ভাষা কওঁ,লিখো আৰু প্ৰচাৰ কৰো।

Monday, April 18, 2011

বিহুৰ দুখৰীয়া চিন্তা

“বিহুৰ অনুভ‌ৱ”
-------------------------------------
নাজানো ,কিয় এনে হৈছে । ব’হাগ বিহুত ঘৰলৈ যাব নো‌ৱাৰাৰ বাবে সিমান দুখ মোৰ লগা নাই; যিমানখিনি লাগিব বুলি ভ‌ৱা হৈছিল।বিহুৰ প্ৰতি যে মোৰ ব্যক্তিগত টান একেবাৰেই নাই ,তেনেও নহয়।সৰুতে বাঁহৰ ‘টকা’ নিজেই সাজি চুৰীয়া-গেন্জী-টঙালী পিন্ধি সমনীয়াৰ স’তে ঘৰে ঘৰে গৈ হুঁচৰি গো‌ৱা মনত পৰিলে আজিও উৎফুল্লিত হওঁ ।ঢোল পেঁপাৰ শ‌ৱদে আজিও দেহ-মন সাতখন আঠখন কৰে । বিহু‌ৱতী ডেকেৰীৰ সাজোন-কাচোন আৰু কঁকালৰ ভাঁজে আজিও মোক প্ৰথম যৌ‌ৱনৰ মিঠা ৰাগীৰ সমানেই ৰাগিয়াল কৰে ।স্বত:স্ফুৰ্তভা‌ৱে বিহুগীত এফাঁকি মুখেৰে অজানিতে ওলাই আহে ব’হাগৰ কোনো এটা দুপৰীয়া ।

কুলিৰ মাত দুই-এবাৰ শুনাৰ ভাগ্য হ’ল।বিহুগীত দুটিমানও বজাই শুনিলো।তথাপি হঠাৎ আজি এই উপলব্ধি যেন, ‘কিবা এটা নাই’! কিবা এটা নাই আজিৰ এই বিহুৰ বতৰত যিয়ে হয়তো মোৰ বিহুৰ প্ৰতি থকা আকৰ্ষণ হৰি নিছে ।কি এই ‘কিবা’টো?

“হুঁচৰি”
-------------------------------------
আজিৰ ডেকা-গাভৰু একগোট হৈ হুঁচৰি নাগায় ।বিহুৰ বাবে এমাহ আগৰে পৰা হুঁচৰিৰ অনুশীলনো নকৰে ।জেতুকা গঁগণা গোটাবৰ বাবে মন উদ্বাউলো নহয় কাৰো ।জীয়েকক হুঁচৰি গো‌ৱাৰ মানা কৰি কাঢ়া নিৰ্দেশ জাৰী কৰে অভিভা‌ৱকে ।(নিদিবই বা কিয়,বিহুতে যদি কিবা এটা অঘটন ঘটে!কোনে জানে?) হু্ঁচৰি বাকী থাকিলগৈ কণ কণ পেন্দুকণাকেইটাৰ বাবে আৰু গা‌ৱঁৰ বুঢ়া ভকতকেইজনৰ বাবে ।

কিয়, বিহুকতো কো‌ৱা হয যৌ‌ৱনৰ উৎস‌ৱ বুলিহে?মানুহৰ দেহ-মন ৰঙীয়াল কৰা এই বসন্তৰ সুমধুৰ প্ৰকৃতিৰ মাজত বিহু‌ৱে আমাৰ প্ৰত্যেকৰে মনত প্ৰেম-ভালপো‌ৱাৰ বীজ সিঁচি জী‌ৱনটোক নকৈ গঢ়াৰ বাবেহে উৎসাহিত কৰিব পাৰিব লাগিছিল।

অৱশ্যে,আজিৰ অসমীয়া ডেকা-গাভৰু‌ৱে বিহু উদযাপন নকৰে বুলি ক’লে ভুল কো‌ৱা হ’ব ।গা‌ৱঁৰ ডেকাসকলে একগোট হৈ হুঁচৰিও গায়।পিছে সেয়া সন্ধ্যাৰ পাছত বিহু-বিশেষ পানীটুপি গলধ:কৰণ কৰি বিহুৰ ৰাগীৰে মতলীয়া জীনছ্ –টিচাৰ্ট পৰিহিত বিহু‌ৱা হৈহে !তেওঁলোকৰ সন্মিলিত প্ৰচেষ্টাত বিহুগীতেও হিন্দীগীতৰ সুৰ নতুবা কোনো পেৰদী গীতৰ সুৰ হৈ ওলাবলৈ কুন্ঠাবোধ নকৰে।এনে হু্ঁচৰিত উঠা বলপূৰ্বক দান-বৰঙণীয়ে বিলাতী সুৰাৰ দোকানীসকলক তেওঁলোকৰ ঘৰৰ বিহু বজাৰখন সুকলমে কৰাত ভাল অৰিহণা যোগাই আহিছে ।

“বিহুৰ ভিচিডি”
-------------------------------------
ভিচিডিৰ বিহু কাহিনী-চিত্ৰ-গীতবোৰে দুটা ভাল কাম কৰিছে –
ক)মৃত্যুৰ আগে আগে অসমীয়া সমাজৰ ৰীতি-নীতি আদ‌ৱ-কায়দা আৰু প্ৰচলিত প্ৰথা(দেখা যায়নে বিশেষ?)বোৰক অন্ত:ত এটা কালজয়ী ‘ডিজিটেল’ৰূপত বাণীবন্ধিত কৰিছে ।
খ)ন‌ৱপ্ৰজন্মক বিহুনাচ শিকি(চাই চাই!) অভিনেতা-অভিনেত্ৰী হ’বলৈ প্ৰেৰণা দিছে ‌।
আৰু এটা ভাল কাম অৱ্শ্যেই কৰিছে,এই মহঙা দিনত ঘৰতে বহি “অসমীয়া বিহু আৰু কাহিনীচিত্ৰ” দূৰদৰ্শনৰ পৰ্দাত ভিচিডি চাই চাই বিহুৰ দিনকেইটাৰ অৱৰসৰ বিনোদনৰ খোৰাক জগাইছে ।

“মঞ্চৰ বিহু”
-------------------------------------
মঞ্চৰ বিহু‌ৱে বিহুক যিমান আধুনিকীকৰণ কৰি জনপ্ৰিয় কৰিছে,তাতোকৈ বেছি ক্ষতিসাধন কৰিছে ইয়াৰ স্বকীয়তা আৰু সৰলতাক বিনষ্ট কৰি।ই অসমীয়া সমাজত একপ্ৰকাৰৰ শ্ৰেনীবিভাজনৰ সৃষ্টি কৰিছে।বিহু হৈ পৰিছে সমাজৰ উচ্চ বা উচ্চ-মধ্যবিত্ত শ্ৰেণীৰ বাবে এক আভিজাত্যৰ চিন ।
বিহু-প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে দুমাহ আগৰে পৰা ঢুলীয়া-তালিয়া সহ বিহু‌ৱাসকলক আপুনি উচিত মাননি আৰু আপ্যায়ন সহিত অনুশীলন কৰিব লাগিব ।লগতে ইখনৰ পৰা সিখন প্ৰতিযোগিতালৈ যাবৰ বাবে এখন গাড়ীৰ বন্দোবস্ত কৰিব লাগিব ;অংশগ্ৰহণৰ মাচুল ভৰিব লাগিব ।সাজ-পাৰৰ দামৰ কথা নকলো‌ৱেই বা!দুখীয়া প্ৰতিভাশালী বিহু‌ৱা বা বিহু‌ৱতীয়ে এনে মঞ্চৰ বিহুত অংশ ল’বলৈ সাহস কৰিব পাৰিবনে?
অন্যহাতে দেখা গৈছে-দুখীয়াসকলেহে মাথো বিহুৰ পিঠা-পনা বা জলপান তৈয়াৰ কৰে,ধনীসকলে তাক কিনি বিহু পাতে ।

“বিহুববীয়া প্ৰস্তা‌ৱ’
-------------------------------------
১)আগতে মইনা-পাৰিজাত বোৰে বিহুৰ হুঁচৰি উলিয়াইছিল ।তেওঁলোকৰ প্ৰশিক্ষণ আৰু হুঁচৰি বেছ ভাল হৈছিল । এতিয়া আগ্ৰহী স্বেচ্ছাসে‌ৱকৰ অভা‌ৱত এই অনুষ্ঠানবোৰ মৰি গৈছে ।পুনৰ্জ্জী‌ৱিতকৰণৰ ব্য‌ৱস্থা নোলাবনে?
২)বিদ্যালয় স্তৰত অসমত ‘Performing Art’ বিষয়টো বাধ্যতামূলক কৰিব লাগে ।যাৰ প্ৰশ্নকাকতত আহিব “বিলতে হালিছে শীৰ্ষক ৰাভাসঙ্গীতটো গো‌ৱা”,”ঝুমুৰা নাচা”,”এটা পদ গো‌ৱা”,”লোকগীত এটা গো‌ৱা”,”ঢোলৰ ছেও এটা বজো‌ৱা” আদি ।
৩)অসমীয়া পিঠা-পনা আৰু জলপানৰ ইমানেই ভিন্নতা আছে যে সতকাই তালিকাভুক্ত কৰাটো কঠিনেই ।এনে অৱ স্থাতো, আমাৰ বহুতেই আৰু অনা-অসমীয়া প্ৰায়সংখ্যকেই বিহুৰ পিঠা-পনা তথা জলপান খাই সিমান এটা ভাল নাপায় ।এইটো এটা অপ্ৰিয় সত্য ।
মই ভা‌ৱো,বিহুৰ জনপ্ৰিয়তা বঢ়াবলৈ,এই খাদ্যসম্ভাৰৰো কিছু প্ৰস্তুত-প্ৰণালীৰ সালসলনি কৰি সো‌ৱাদভৰা কৰিবলৈ প্ৰচেষ্টা এটা চলাব লাগে ।প্ৰয়োজন হ’লে আমাৰ ভাষা-সাহিত্যৰ গ‌ৱেষকসকলে ইতিহাসতকৈ এনে বিষয়বস্তুত অধিক মনোনিবেশ কৰক ।

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...