লেখা অনুসন্ধান কৰক

Tuesday, November 1, 2011

মোবাইল ফোনত কেনেকৈ অসমীয়া লিখিব পাৰি


দ্ৰষ্টব্য: তলৰ কথাখিনি কে‌ৱল Non-Android আৰু Non-Windows ফোনসমূহৰ বাবেহে প্ৰযোজ্য


১) আপুনি প্ৰথমে মোবাইলত থকা ব্ৰাউজাৰ যোগে এই জালস্থান খোলক:
http://www.paninikeypad.com/download.php
২) অথবা www.google.co.in খুলি “Panini keypad for mobile ” বা ‘Panini Bengali R’ বুলি বিচাৰিব পাৰে ।
৩) এতিয়া Panini Keypad Bengali নামৰ চফ্ট‌ৱেৰটো আপোনাৰ মোবাইললৈ ‘ডাউনলোড’ কৰক ।
৪) (স্বয়ংক্ৰীয়ভা‌ৱে) ই আপোনাৰ মোবাইলত ইনষ্টল হ’ব ।
৫) ইয়াক ব্য‌ৱহাৰ কৰিবৰ বাবে আপুনি (Nokia ত) Applications-> Games লৈ গৈ খুলিব লাগিব ।
৬) তাৰ পিছত Write Message কৰিলে আপুনি বাংলা ভাষাত লিখিব পাৰিব ।
৭) ‌’ৱ’ আৰু ‘ৰ’ৰ বাবে ‘Change Language ’ কৰিলে “Assamese ” দেখা পাব ।
৮) গোটেই বাক্যবোৰ লিখি হো‌ৱাৰ পাছত ‘View Text ’ কৰিলে আপুনি লিখা বাক্য দেখা পাব ।এতিয়া ‘Options’ ত গৈ ‘Mark All’ কৰি ‘Copy’ কৰক ।
৯) এতিয়া ব্ৰাউজাৰ খুলি যিকোনো জালস্থানত “Paste” কৰি দিয়ক অথবা আপুনি SMS হিচাপেও অসমীয়াত পঠিয়াব পাৰে

Thursday, October 27, 2011

“অভিযন্তা হো‌ৱাৰ গৌৰ‌ৱ”



নামভৰ্তিৰ বাবে হো‌ৱা বাছনী-পৰীক্ষাৰ ফলাফল ঘ‌োষণাৰ দিনা নিজৰ নামটো উত্তীৰ্ণসকলৰ তালিকাত দেখি কিমান এটা যে শিহৰণ আৰু আনন্দ অনুভ‌ৱ কৰা যায়, সেয়া নিশ্চয় অভিজ্ঞতা হো‌ৱাসকলেহে ভালদৰে বুজিব পাৰিব হয়,মই অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাছনী-পৰীক্ষাৰ কথাই কৈছোঁ ।যিসকল শিক্ষাৰ্থীয়ে  নিজকে এজন অভিযন্ত্ৰা হো‌ৱাৰ সপোন দেখে, তেওঁলোকৰ বাবে উচ্চ-মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ দেওনাখন পাৰ হো‌ৱাৰেপৰা আৰম্ভ হয় এই বাছনী -পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অনুশীলন আৰু প্ৰস্তুতি । উচ্চতৰ মাধ্যমিকৰ পাঠ্যপুথিয়ে যিহেতু এনে বাছনী-পৰীক্ষাৰ সকলো বিষয় সামৰি নলয়,গতিকে নিয়মীয়া পাঠ্যক্ৰমৰ লগতে আন বহুতো সহায়ক সমল গ্ৰন্থৰ বিস্তৰ অধ্যয়ন আৰু নিয়মীয়া অনুশীলনেহে এজন ছাত্ৰ বা ছাত্ৰীক অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উপযুক্ত কৰি তোলে ।সেয়েহে ,আজিকালিৰ প্ৰতিযোগিতাৰ যুগত লাখ লাখ শিক্ষাৰ্থীৰ ভিতৰত মাথ‌োঁ বাছকবনীয়া দুজনমানৰে এজন হৈ নিজৰ পছন্দৰ শিক্ষানুস্থানখনত পঢ়িবলৈ সুযোগ পো‌ৱাটো সঁচাকৈয়ে এটা গৌৰ‌ৱৰ বিষয় হৈ পৰিছে ।

       আৰু সেই দিনটো নিশ্চয় জী‌ৱনৰ এটা উল্লেখনীয় দিন হৈ ৰয়,যিদিনা ভ‌ৱিষ্যতৰ সোনালী সপোন দেখা সদ্যযৌ‌ৱনপ্ৰাপ্ত শিক্ষাৰ্থীগৰাকীয়ে পাঠগ্ৰহনৰ বাবে অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰথম খোজ পেলায় ।এনে সময়ত সাফল্যৰ কীৰ্তিয়ে অনবৰত তেওঁৰ মুখত এটা মিচিকিয়া হাঁহি বিৰিঙাই ৰাখে ।অ‌ৱশ্যে নতুন অচিনাকী পৰি‌ৱেশৰ অনাকাংক্ষিত মূহুৰ্তৰ সম্ভা‌ৱনাৰে কিছু গহীন হৈ নথকাও নহয় । নতুন বন্ধু-বান্ধ‌ৱীৰ স’তে এখন নতুন পৃথি‌ৱীত খোজ পেলায় আৰু জী‌ৱনৰ ৰঙীণ  তথা মাদকতাভৰা অভিযান্ত্ৰিক জগত এখনৰ স’তে কুচ-কা‌ৱাজ কৰিবলৈ তেওঁলোকে আৰম্ভ কৰে ।ছাত্ৰা‌ৱাসৰ দৈনিক নিত্য-নতুন ঘটনা,শ্ৰেণীকোঠাৰ ধেমালী,মহাবিদ্যালয়ৰ চৌহদৰ বাহিৰৰ ৰসাল কাহিনী আৰু বিদ্যায়তনিক পাঠৰ বাহিৰৰ অধ্যায়বোৰে তেওঁলোকৰ মন-প্ৰাণ সদা চঞ্চল আৰু উত্তেজিত কৰি ৰাখে । এই সময়তে জী‌ৱন-বাটৰ লগৰী বিচাৰি বহুজনেই আকৌ অতিৰিক্ত চাপ অথবা অতিৰিক্ত ৰোমাঞ্চেৰে সময় পাৰ কৰে সাধাৰণ মহাবিদ্যালয়ৰ জী‌ৱনশৈলীতকৈ  যথেষ্ট তফাৎ থকা এটা পৰি‌ৱেশত জী‌ৱনৰ মধুৰতম সময়বোৰ পাৰ কৰিবলৈ যিজন শিক্ষাৰ্থীয়ে পাইছে ,তেওঁৰ বাবে এই সময়ছো‌ৱা সদায় এক সুন্দৰ নস্তালজীয়া হৈ ৰয় ।

       লাহে লাহে আমি অভিযন্ত্ৰা এজন নিজৰ মাজতে ‌আৱিষ্কাৰ কৰিবলৈ লওঁ আৰু ঠিক সেইদিন ধৰি নিজৰ আদ‌ৱ-কায়দাবোৰো সেই খাপৰ হ’বলৈ ধৰে । যেনে ধৰক,’ৰক্’ সংগীত শুনিবলৈ লো‌ৱা,ইংৰাজী চিনেমাৰ নায়ক-নায়িকাক ভাললগা হো‌ৱা অথবা নগৰীত চলা-ফিৰা কৰি থাকোতে সাধাৰণ মানুহক নিজৰ অধ্যয়নৰত মহাবিদ্যালয়ৰ নামটো কিবা প্ৰকাৰে হ’লেও কৰ্ণগোচৰ কৰো‌ৱা,নামী-দামী ৰেস্তোঁৰাত খাবলৈ আৰম্ভ কৰা আৰু নতুন ফেশ্যনৰ কাপোৰ-কানি তথা আনুসংগিক পিন্ধা-উৰণৰ সামগ্ৰীৰে নিজক সু-সজ্জিত কৰা  ইত্যাদি।

       ইয়াৰ মাজতে  আমি শিক্ষা-প্ৰণালীৰ দোষ-ত্ৰুতিবোৰৰ ব্য‌ৱহাৰিক ফলাফল নিজৰ জী‌ৱনত সংঘটিত হো‌ৱা দেখিবলৈ পাওঁ আৰু প্ৰচণ্ড বিদ্ৰোহত কেতিয়াবা আটাহ পাৰি উঠো । ‘চেচ্ছন্যেল পৰীক্ষা’ ৰ নম্বৰ কম পো‌ৱাৰ কাৰণবোৰ বিশ্লেষণ কৰিবলৈ শিকোঁ ।আৰু কোনোবা এদিন বন্ধুৰ অনুৰোধতে হওঁক অথবা মনৰ ভিতৰত বিভিন্ন জনৰ ওপৰত গুজৰি গুমৰি থকা ক্ষোভৰ বৰ্হি:প্ৰকাশৰ বলতে হওঁক আমি এদিন সুৰাৰ ৰাগীৰে নিজকে পাহৰিবলৈ চেষ্টা কৰোঁ । কাহানিও নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি নথকা ছাত্ৰজনেও বন্ধুৰ স’তে কৰা আনন্দপূৰ্ণ সুৰাপানৰ মাদকতাৰে ৰঙীণ হ’বলৈ শিকে ।আদ্দাৰ সময়ত অথবা নিচাসক্ত অ‌ৱস্থাত নিজৰ প্ৰতিটো ইচ্ছা –আকাংক্ষাক বা‌স্ত‌ৱ কৰাৰ সপোন দেখে ।পিছদিনা সুস্থ মগজুৰে আকৌ শ্ৰেণীকোঠাত নিজৰ সপোনবোৰক বন্দী কৰি ৰাখে ।

       ছো‌ৱাল‌ী জোকো‌ৱাৰপৰা আৰম্ভ কৰি নিষিদ্ধ কিবা এটা কৰাৰ আনন্দ আৰু তাৰ মাজতে নিজৰ নিজৰ ছাত্ৰা‌ৱাস (বা ছাত্ৰীনিবাসৰ ) গৌৰ‌ৱৰ হকে কিবা অলপ অৰিহণা যোগো‌ৱাৰ মানসিকতা প্ৰতিজন আ‌ৱাসী অভিযন্ত্ৰাৰে গঢ় লয় ।সেয়ে হয়তো পঢ়া-শুনা সামৰিও কুচ-কা‌ৱাজ,নাটক,নৃত্য,খেল আদিৰ প্ৰতিযোগিতাৰ বাবে মহাবিদ্যালয়-সপ্তাহৰ সময়খিনিত প্ৰতিজন অভিযন্ত্ৰাই দেহে-মনে নিজৰ সময় উছৰ্গিত কৰে ।ছাত্ৰা‌ৱাস অথবা ছাত্ৰীনিবাসবোৰত পু‌ৱা তিনি বজাৰে পৰা কুচ-কা‌ৱাজৰ অনুশীলন হো‌ৱাটো এটা স্বাভা‌ৱিক পৰিঘটনালৈ ৰূপান্তৰিত হয় ।

       ই সঁচা কথা যে ,অভিযান্ত্ৰিক মহাবিদ্যালয়ত এজন ছাত্ৰ বা ছাত্ৰীয়ে সামাজিক দায়বদ্ধতা ভালদৰেই অনুধা‌ৱন কৰিবপৰা হয় ।তেওঁলোকে অতিবাহিত কৰা চৌপাশৰ পৰি‌ৱেশ এখন ‌বাস্ত‌ৱ সমাজৰে এটা ক্ষুদ্ৰ সংস্কৰণ বুলি ক’লেও বঢ়াই কো‌ৱা নহ’ব ।আনন্দ-উত্তেজনাৰ সময়তো,কেতিয়াবা কোনো এজন ছাত্ৰই হয়তো পাঠ্যপুথিক লৈ ব্যস্ত থাকিবলৈ ভাল পায়, আন এজনে আকৌ পাঠ্যপুথিৰ সলনি কে‌ৱন চলচ্চিত্ৰ-নাচ-গান-কবিতাতে মূৰ গুজি ভালপায় আৰু আন এজনে আকৌ ৰাস্তাত দাদাগিৰি কৰিহে ভালপায় !ঠিক তেনেদৰে কোনোবা এজনে যদি লেপটপ-দামী মোবাইল ফোন ইত্যাদিৰে পঢ়িবলৈ আহিছে,আন এজনে হয়তো বেংকৰ ঋণ পৰিশোধৰ ভা‌ৱনাত মগ্ন হৈছে ।

       এনেদৰে মিশ্ৰিত অভিজ্ঞতা আৰু হাঁহি-ধেমালীৰ মাজেৰে যেতিয়া সময়ে ৩য় বৰ্ষত ভৰি দিয়ে তেতিয়া শিক্ষাৰ্থী গৰাকীয়ে বুজিব পৰা হয় তেওঁ অধ্যয়ন কৰি থকা বিভাগটোৰ মহত্ত্ব ।অৰ্থাৎ তেওঁ বুজি পায় সেই বিষয়ত পঢ়ি ওলো‌ৱাৰ পিছত তেওঁ কেনেধৰণৰ চাকৰি পাব পাৰে বা কি কি বিভাগীয় কাৰ্যালয়বোৰত তেওঁলোকৰ মকৰলৰ সুবিধা আছে অথবা উচ্চ শিক্ষাৰ বাবে কি কি অনুষ্ঠান আৰু পাঠ্যক্ৰম মজুত আছে --এই সকলোবোৰ কথা । সেইমতে নিজৰ ইচ্ছা-অনিচ্ছা আৰু অৰ্জিত নম্বৰৰ শতাংশবোৰ ঠিক্–ঠাক‌্ কৰিবলৈ যো-জা কৰোতেই আন এটা বছৰ আহি সমুখত থিয় হয় । এই চতুৰ্থ বছৰটো তেওঁৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত থকা শেষৰটি বছৰ ।গতিকে অন্তৰংগ বন্ধুসকলক,যাৰ সতে তেওঁ বহুতো সুখ-দুখৰ সময় ইতিমধ্যেই ভাগ কৰিছে,হেৰু‌ৱাব লগীয়া হো‌ৱাৰ বেদনাই অন্তৰত কিছুমান আ‌‌ৱেগমিশ্ৰিত দুখৰ সৃষ্টি কৰে আৰু কিছু দুখা‌ৱৰণে সময়বোৰ গধুৰ কৰি ৰাখে ।ঠিক তেনে সময়তে মহাবিদ্যালয় গৰকেহি বিভিন্ন নামী-দামী কোম্পানী তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংশ্লিষ্ট কৰ্মকৰ্তাসকলে, নতুন অভিযন্ত্ৰা নিযুক্তিৰ বাবে ।এজন শিক্ষাৰ্থীৰ বাবে এনে ‘চৌহদীয় নিযুক্তি’ অতি সুবিধাজনক সুযোগ হিচাপে চিহ্নিত হয়; কিয়নো এনে প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ’লে তেওঁ চূড়ান্ত পৰীক্ষাৰ ফলাফল ওলো‌ৱাৰ লগে লগেই চাকৰিত যোগদান কৰিব পাৰে । দেশৰ অৰ্থনৈতিক অ‌ৱস্থাৰ উত্থান-পতানে মাজে সময়ে সকলো কোম্পানী তথা চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানকে প্ৰভা‌ৱান্বিত কৰা আমি দেখি আহিছোহঁক ।গতিকে অভিযান্ত্ৰিক পাঠ্যক্ৰম সুখ্যাতিৰে উত্তীৰ্ণ হো‌ৱাৰ পাছতো বহুতেই  খালী থকা পদবীৰ অভা‌ৱত  চাকৰি বিচাৰি হাবাথুৰি খো‌ৱা দেখা যায় ।সেয়েহে এনে চৌহদীয় সাক্ষাৎকাৰৰ সুযোগ পূৰ্ণমাত্ৰাত গ্ৰহণ কৰি এজন ছাত্ৰ বা ছাত্ৰীয়ে জী‌ৱনৰ নিশ্চিত সুৰক্ষা প‌‌াব পাৰে বুলি ভা‌ৱিব পাৰি ।

       আৰু স্বাবা‌ৱিকভা‌ৱেই চতুৰ্থ বৰ্ষত শিক্ষাৰ্থীৰ খা‌ৱন-শো‌ৱন হৰি নিয়ে এই শকত দৰমহাৰে নিযুক্তি দিবখোজা কোম্পানীবোৰৰ নিযুক্তি প্ৰক্ৰিয়াইলিখিত-পৰীক্ষা, ব্যক্তিগত সাক্ষাৎকাৰ আদিত সুধিব পৰা সম্ভাব্য প্ৰশ্না‌ৱলী ,বিষয়াসকলৰ আগত কেনে ধৰণৰ শিষ্টাচাৰে শোভা পাব আদি বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীৰ ব্যস্ততা বাঢ়ি যায় ।আৰু দেখা যায়, আজিকালি  নিজৰ বুদ্ধি-মত্তা,উপস্থাপনশৈলী তথা কাৰিকৰী জ্ঞানৰ ভিত্তিত প্ৰায় প্ৰতিজন অভিযন্ত্ৰাই পঢ়া সাং নৌকৰোতেই উচ্চ পদবীৰ সন্মানীয় আৰু মোটা পাৰিশ্ৰমিকৰ চাকৰি পাবলৈ সক্ষম হয় ।

       মহাবিদ্যালয়খনৰ বাবেও        ই এটা গৌৰ‌ৱৰ কথা হিচাপে স্বীকৃত হয় ।কাৰণ তেওঁলোকে পাঠদানৰ যোগেদি কোনো  কৰ্মহীন অভিযন্ত্ৰা সৃষ্টি কৰা নাই , বৰঞ্চ কৰিছে উচ্চ পদবীধাৰী অভিযন্ত্ৰা ,যি চাকৰিৰ বাবে এটা দিনো ‘বেকাৰ’ হৈ বহি থাকিব লগীয়া হো‌ৱা নাই !বহু ব্যক্তিগত খণ্ডৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ে আকৌ নামভৰ্তিৰ সময়তে চাকৰিৰ নিশ্চয়তা প্ৰদান কৰে ।এনেকি নিযুক্তিপত্ৰও দিয়ে ।আৰু বৰ্ত্তমানৰ এই অনিশ্চয়তা,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ দুৰ্দিনৰ সময়ত প্ৰতিজন অভিভা‌ৱকেই নিজৰ সন্তানে এনে এটা পাঠ্যক্ৰমত নামভৰ্তি হো‌ৱাটো বিচাৰে, য’ৰ পৰা ‘নিশ্চিত নিযুক্তি’ প‌ো‌ৱাৰ প্ৰতিশ্ৰুতি প‌ো‌ৱা যায় !

       সমস্যাটো হৈছে তাতেই ! হয় ।আমাৰ শিক্ষা-ব্য‌ৱস্থাই আমাক অভিযন্ত্ৰা,ডাক্তৰ,উকীল ‘বনাইছে’ সঁচাই—কিন্তু আমাক শিকো‌ৱা নাই এজন অভিযন্ত্ৰাৰ সামৰ্থ্য কিমান ,এজন ডাক্তৰৰ দায়িত্ব আৰু কৰ্তব্য কি , এজন উকীলৰ বাবে সত্য আৰু ন্যায়ৰ মূল্য কিমান ।

       চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমান-পত্ৰ হাতত পৰাৰ দিনা আমাৰ অভিযন্ত্ৰা সকলে মঙহ  আৰু প্ৰাসঙ্গিক খাদ্য-সূচীৰে আনন্দোল্লাস কৰিবলৈ ভালকৈয়ে শিকিছে হয় ,কিন্তু কোনো এজনে যে নিজৰ বুকুত হাত থৈ নিজকে কিমান মান আৰু প্ৰতিভাধাৰী অভিযন্ত্ৰা হিচাপে নিজকে চিনাকী দিব পাৰিব ,তাত সন্দেহ আছে ।সঁচা অৰ্থত ক’বলৈ গ’লে আমি অভিযান্ত্ৰিক পাঠ্যক্ৰমৰপৰা পাওঁ মাথোঁ এটা ‘ডিগ্ৰী’ আৰু এটা ‘চাকৰি’ !

       আমাৰ দেশৰ সৰহসংখ্যক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰপৰা উত্তীৰ্ণ হো‌ৱা এজন ‘মেকানিকেল ইঞ্জিনীয়াৰে’ নাজানে মটৰ-চাইকেলখনৰ ক্ষুদ্ৰাটিক্ষুদ্ৰ মেৰামতি কৰিবলৈ –যি সময়ত তেওঁ নতুন ইঞ্জিন উৎদ্ভা‌ৱন কৰিবপৰা হ’ব লাগিছিল ।এজন ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰে বিদ্যুৎ উৎপাদনৰ বিকল্প পদ্ধতি উদ্ভা‌ৱনৰ কথা দূৰৰে কথা, ঘৰৰ সাধাৰণ এটা ‘টিউব লাইট’ ভালদৰে লগাবলৈ নাজানে ।ঠিক সেইদৰে কম্পিউটাৰ ইঞ্জিনীয়াৰজনেও এটা কম্পিউটাৰৰ অংশসমূহ সংযোজিত(Assemble) কৰিবলৈও হয়তো অসমৰ্থ! হায়, আমাৰ শিক্ষা –ব্য‌ৱস্থা, আমাৰ ভ‌ৱিষ্যত!

          আচলতে ,আমাৰ শিক্ষা-ব্য‌ৱস্থাটো‌ৱে আমাক প্ৰত্যেককে চাকৰিমুখীহে কৰি তুলিছে—য’ত এটা উচিত চাকৰি পো‌ৱাটো‌ৱেই শিক্ষাৰ্থীৰ প্ৰধান উদ্দেশ্য হৈ পৰিছে । আৰু এই নম্বৰভিত্তিক পৰীক্ষা-প্ৰণালীয়ে ছাত্ৰ-ছাত্ৰীক নম্বৰ গোটাবলৈ সমৰ্থবান কৰিছে ,প্ৰথম-শ্ৰেণীপ্ৰাপ্ত অভিযন্ত্ৰা সাজিছে সঁচাই – কিন্তু ব্য‌ৱহাৰিক জ্ঞানত এজন শিক্ষাৰ্থীক অন্ধকাৰক ৰাখিছে । এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ নিজা কিছু আগ্ৰহৰো প্ৰয়োজন হয় । সেই আগ্ৰহ আমাৰ পাঠ্যপুথিৰ বিষয়-বস্তু আৰু শিক্ষাদানৰ পদ্ধতিয়ে জন্মাব পাৰিব লাগিছিল ,যিটো প্ৰকৃতাৰ্থত হ‌ো‌ৱা নাই ।

       ব্য‌ৱহাৰিক শ্ৰেণীৰ কোঠাত ছাত্ৰ-ছাত্ৰীয়ে প্ৰযুক্তিৰ শিক্ষা ল’বলৈ আহৰিয়েই পো‌ৱা নাই ,কোনোজনে যদি এজনৰ পৰা টুকি লিখিছে, আনজনে নো‌ৱাৰা কথাট‌ো বিশেষজ্ঞৰ হতু‌ৱাই মাননীৰদ্বাৰা কৰো‌ৱাই আনিছেকাৰণ,মুঠৰ ওপৰত তেওঁলোকক নম্বৰহে লাগে ,পাঠ্যক্ৰমৰ সাৰাংশ নহয়!

       এনে হো‌ৱাও দেখা যায় যে, দুৰ্ভাগ্যক্ৰমে কোনোবা এজনে যদি চৌহদীয় নিযুক্তি প্ৰক্ৰিয়াযোগে চাকৰি লাভ নকৰে ,তেন্তে তেওঁ চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া হয় ।অন্য বিভাগৰ বিষয়ে অজ্ঞ যদিও কম্পিউটাৰ অভিযন্ত্ৰাসকলৰ বাবে এই কথা সত্য।আৰু তেনে এজন ছাত্ৰই যিয়ে চাকৰিৰ বাবে মহাবিদ্যালয়ৰ বহি:জগতত অন্বেষণ আৰম্ভ কৰে,তেওঁ হয়তো দুই –তিনিটাৰ পৰা আৰম্ভ কৰি শ-শ সাক্ষাৎকাৰৰো মুখামুখি হ’বলগীয়া হয় ।তেনে অ‌ৱস্থাত তেওঁ উপলব্ধি কৰে ব্য‌ৱহাৰিক কাৰিকৰী জ্ঞানৰ মূল্য কিমান । কাৰণ, যিকোনো কোম্পানী বা প্ৰতিষ্ঠানে এনে এজন লোককহে মকৰল কৰিব খোজে যাৰ অনুসাংগিক অভিজ্ঞতা আছে অথবা প্ৰচুৰ প্ৰায়োগিক কাৰিকৰী জ্ঞান আছে । গতিকে অভিযান্ত্ৰিক মহাবিদ্যালয়ত ১ম শ্ৰেণীৰ ১ম হ’লেও কেতিয়াবা এনে ক্ষেত্ৰত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজকে জ্ঞানশূন্য ৰূপতহে আ‌‌ৱিষ্কাৰ কৰে ।

       আমি এইবোৰ কথা দেখি-শুনি বুজি উঠিছোঁ যে,প্ৰায়োগিক শিক্ষা বা প্ৰযুক্তিগত জ্ঞানেৰে যি চহকী,ঔদ্যোগিক ক্ষেত্ৰখনত তেওঁৰ আদৰ সকলোতকৈ বেছি । আৰু ক’বলৈ গ’লে তেওঁৰ বাবে চাকৰিৰ আকাল নাই ! তেওঁ চাকৰি বিচাৰিব নালাগে, চাকৰিয়েহে তেওঁক বিচাৰি ফুৰে ! অধ্য‌ৱসায় আৰু অশেষ কষ্টেৰে স্ব-অৰ্জিত প্ৰায়োগিক বিদ্যাৰ বলত কেবাজনো অভিযন্ত্ৰাই দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ পৰা একে দিনাই তিনি –চাৰিখন  নিযুক্তিপত্ৰ লাভ কৰা আমি নিজ চকুৰে দেখিছোঁ ।

       গতিকে আমি এই লেখাৰ জৰিয়তে আমাৰ ন-অভিযন্ত্ৰাসকলক এই আবেদন জনাব বিচাৰোঁ যে তেওঁলোকে যাতে নম্বৰ গোটো‌ৱাৰ সমানে সমানে ব্য‌ৱহাৰিক শিক্ষাৰ জ্ঞানো অৰ্জন কৰিবলৈ মনত বল বান্ধে । এনে প্ৰকৃত প্ৰায়োগিক –শিক্ষাৰে চহকী এজন অভিযন্ত্ৰাই তেহে অন্য কোম্পানীৰ মূৰব্বীৰ নিৰ্দেশমতে চলাতকৈ নিজাববীয়া প্ৰচেষ্টাৰে কোনো উদ্যোগৰ জৰিয়তেই বা অন্য মাধ্যমেৰে কিছু অ‌ৱদান সমাজৰ বাবে আগবঢ়াব পাৰিব ।

       কিয়নো আমি আমাৰ নিজৰ সামৰ্থ্যক এবাৰ অনুধা‌ৱন কৰিবলৈ চেষ্টা নকৰোহঁক? কম্পিউটাৰ-মোবাইল ফোনত আমি খেলি ভালপো‌ৱা “গে’ম”বোৰৰে এটা যে নিজেও সৃষ্টি কৰিব পাৰোঁ,সেই কথা এবাৰলৈ হ’লেও এজন তথাকথিত কম্পিউটাৰ অভিযন্ত্ৰাই তেওঁৰ মহাবিদ্যালয়ৰ দিনতেই ভা‌ৱি চাইছেনে ?বেটাৰী-বিহীন অনাতাঁৰ যন্ত্ৰ এটা অথবা ঘৰৰ ইনভাৰ্টাৰ এটা নিজেই সাজিবলৈ আমি কেতিয়াবা যুঁজি পাইছোনে? 

       অভিযন্ত্ৰাসকলেই এখন সমাজৰ উত্তৰণৰ গুৰি-ধৰোঁতা ।এইলোকেই নিত্য-নতুন প্ৰযুক্তিৰে এখন সমাজক উন্নতিৰ চৰম শিখৰলৈ আগু‌ৱাই নিব পাৰে । আজিও পৃথি‌ৱীৰ চুকে কোণে বিজ্ঞানৰ নানান চমৎকাৰী কলা-কৌশল আৰু প্ৰযুক্তিও এনে অভিযন্ত্ৰসকলৰে অ‌ৱদান ।

       যিসময়ত বিদেশৰ ছাত্ৰ—ছাত্ৰীয়ে বিদ্যালয় স্তৰতে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাত অৰিহণা যোগাবলৈ সক্ষম হৈছে,তেনে সময়ত আমি সকলো সুবিধা কম-বেছি পৰিমাণে পো‌ৱাৰ পিছত এজন অভিযন্ত্ৰা হৈও কিবা অলপ কিয় কৰিব পৰা হো‌ৱা নাই ?

       প্ৰতিজন অভিযন্ত্ৰাই নিজকে এবাৰ আ‌‌ৱিষ্কাৰ কৰা উচিত আৰু আত্ম-প্ৰত্যয়েৰে নিজ নিজ বিভাগত সঠিক প্ৰায়োগিক শিক্ষা শিকাৰ  বাবে আগ্ৰহী হো‌ৱা উচিত । বিদেশৰ বাবে হাড়ক পানী কৰি কষ্ট কৰাতকৈ স্বদেশক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে আগু‌ৱাই নিবলৈ অহোপুৰুষাৰ্থ কৰা উচিত । কাৰণ ,আমি সেইখন দেশৰ সন্তান য’ত বিশ্ববিখ্যাত বিজ্ঞানীৰ সৃষ্টি অন্য বহু জাতিতকৈ আগতেই হৈছে ।




      

মিজোৰামৰ সজ কথা -১



ঘটনাটো কালিৰ । পু‌ৱা ৭:৩০ বজাত সাধাৰণতে মই ভীষণ ব্যস্ত হৈ থাকিবলগীয়া হয়। দাড়ি খুৰো‌ৱাৰপৰা আৰম্ভ কৰি ভাত ৰন্ধা আৰু কাপোৰ-কানি ধো‌ৱালৈকে । তেতিয়া মই ভাত-কেৰেলাৰ বাকলি চুঁচি আছিলো । তেনেতে বাৰান্দাৰপৰা এটা নাৰীকন্ঠ ভাঁহি আহিল । দু‌ৱাৰ খুলি দেখিলোঁ এগৰাকী বৃদ্ধ মহিলা ।পিঠিত তেওঁ কঢ়িয়াই আনিছে আমাৰ বাগিছাৰ বণু‌ৱাসকলে লো‌ৱাধৰণৰ এটা ‘টুকুৰী’। ইয়াৰ খেতিয়ক মহিলাসকলে এনে এটা শংকু আকাৰৰ ‘টুকুৰী’তে তেওঁলোকৰ উৎপাদিত শাক-পাছলি বা অন্য বিক্ৰি কৰিবলগীয়া বস্তু কঢ়িয়াই ফুৰে ।মই সুধিলোঁ, "এঙে অ‌’ম?”(কি আছে?), তাই কিবা কিবি ক’লে ।সিমান এটা বুজি নাপালো,কাৰণ তাই ইয়াৰ স্থানীয় জনজাতীয় ‘মাৰা’ভাষাত কৈছে ,বহুল প্ৰচাৰিত ‘মিজো’ভাষাত নহয় ।

তাইৰ টুকুৰীটো জুমি চালো,কিজানি ভাল কিবা পাছলি আছেইবা! নাই, টুকুৰীটো খালী । মই বুজি পালোঁ, তাই কি বিচাৰিছে । কোনোবা মানুহৰ মৃত্যু হ’লে মৃতকৰ শ্ৰাদ্ধাদি অনুষ্ঠানত ভোজ খুওৱাইৰ নিয়ম আছে ইয়াত। আৰু সেই অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় চাউলখিনি ওচৰৰ সকলো মানুহে দান দি যোগাৰ কৰে। এবাৰ তেনে দান দিয়াৰ অভিজ্ঞতা আছে ।গতিকে মই ততালিকে মোৰ চাউল থো‌ৱা মোনাটোৰ কাষলৈ গ’লো আৰু পলম নকৰি আধাকেজি মান চাউল পলিথিনত ভৰাই তাইৰ হাতত তুলি দিলোঁ । তাই ল’লে যদিও কিবাকিবি ভোঁৰভোঁৰায়ে থাকিল ।মই যে বুজি পোল‌ৱা নাই,সেই কথালৈ তাইৰ কাণসাৰেই নাই! তথাপিও নাই নোহযো‌ৱা দেখি মই নিৰ্বাক হৈ থিয় দি থাকিলোঁ ।এইবাৰ তাই মাজে মাজে দুটামান কথা মিজোত ক’লে । আৰু অংগী-ভংগীৰে কিবা এটা বুজাব খুজিলে ।মই বুজিব পাৰিলো যে তাইৰ কোনোবা এজন সম্বন্ধীয়ৰ ভৰিত কিবা এটা হৈছে ,আৰু কাইলৈ মোৰ ওচৰলৈ লৈ আহিব । মই ‘হ’ব বাৰু যা’ বুলি ক’লো, যেনেতেনে তাই যাওকগৈ বুলি । মনতে ভা‌ৱিলোঁ, যি হয় দেখা যাব পিছত । আৰু ৰন্ধা-মেলাত পুণৰ ব্যস্ত হ’লো।

আজি শোৱাপাটীৰপৰাই শুনিলোঁ দু‌ৱাৰত পৰা টোকৰ ।সময়টো চালো,পু‌ৱা ৫:৫৫ ।এই সময়ত সাধাৰণতে মই ৰাতিৰ সপোনবোৰৰ সামৰণি অধ্যায়ত ব্যস্ত থাকোঁ । উপায়বিহীন হৈ দু‌ৱাৰ খুলিলোঁ । দেখিলোঁ, সেই কালি অহা বুঢ়ী মানুহগৰাকী ।আৰু পিছফালে থিয় হৈ আছে এটা ল’ৰা ।বয়সত প্ৰায় ১৪-১৫ বছৰীয়া হ’ব । ‘কি হ’ল?’-বিৰক্তিৰে মই প্ৰশ্ন কৰিলোঁ ।বুঢ়ীজনীয়ে আকৌ কিবা-কিবি বৰ্ণনা কৰিবলৈ লাগি গ’ল । উপায়ন্তৰ হৈ ল’ৰাটোকে সুধিলোঁ ,’হিন্দি তং থিয়াম এম?’(হিন্দী জান নেকি ?) মূৰেৰে নঞবাচক উত্তৰ এটা দিলে সি।ওচৰৰ ঘৰৰ মানুহজনক দেখা পালো কাম কৰি থকা । তেওঁকে মতাই আনি কি কৈছে বুজি ল’লো। সাৰাংশ হ’ল-‘বুঢ়ীৰ স্বামীগৰাকী পাহাৰৰপৰা কাঠ কাটি আনোতে দুৰ্ঘটনাত পতিত হ’ল আৰু ভৰি এখন কাটিব লগীয়া হ’ল । এই নাতি পোৰ‌ৱালীটো‌ৱে মোৰ ঘৰত যিকোনো ধৰণৰ কাম(হাজিৰা) কৰি দিবলৈ সাজু আছে ,তাৰ বিনিময়ত কিছু টকা মই দিব লাগে ।’ আৰু ক’লে যে ‘তোমাৰ ঘৰৰ চৌপাশে ঘাঁহ-বন বেছি হৈ আছে ,সেইবোৰ কটাব পাৰা নতুবা কিবা চাং সজা,দৰ্জা দিয়া,বেৰা দিয়া আদি কামো কৰাই ল’ব পাৰা ।’ ইতিমধ্যে বেটাই খুকুৰীৰ নিচিনা দা এখন উলিয়ালেই ।মই বোলো ‘হেৰৌ মই অকলে থকা মানুহ ,যি সামান্য ঘাঁহ-বন আছে,মই নিজে চাফা কৰি ল’ব পাৰিম ’। বুঢ়ীয়ে দুভাষীজনক কিবা এটা ক’লে । তেতিয়া তেওঁ মোক ক’লে যে, কালি হেনো তুমি ‘হ’ব বাৰু আহিবি’ বুলি কৈছিলা!

মোৰ বেয়া লাগিল মনটো। ভিতৰলৈ আহিলো আৰু সিঁহতকো বহিবলৈ দিলোঁ ।মুখখন ধুই সাউৎকৈ চাহ কৰিলো । সিঁহতক দুকাপ দিলোঁ আৰু নিজেও ল’লো । চাহ খাই উঠি টকা ১০০ উলিয়াই বুঢ়ীৰ হাতত দিলো আৰু কাম কৰিব নালাগে,ল’ৰাটোক পঢ়িবলৈ দিবি বুলি ক’লো । বুঢ়ীয়ে উলাহতে মোক গাত ধৰি আশীৰ্বাদৰ নিচিনা কিবা এটা ক’লে । মনটো ভাল লাগিল ।

মিজোৰামত ভিক্ষাৰী বুলিবলৈ প্ৰায় নায়েই । আমাৰ অসমত বা অন্য ৰাজ্যত এনে দুৰ্দশাগ্ৰস্ত মানুহৰ বাবে ভিক্ষাবৃত্তিটো অন্তিম আৰু সহজতম উপায় । গাওঁবুঢ়াৰপৰা কিবা এখন কাগজ লিখাই সেয়া দেখু‌ৱাই বাটে-পথে ঘুৰি থাকিলেহেঁতেন এই বুঢ়ীগৰাকী ।
কিন্তু একেবাৰে কাম কৰি খাব নো‌ৱাৰা জন্মগতভা‌ৱে বিকলাংগ দুই এজন ইয়াতো নথকা নহয় ।তেওঁলোকে ভিক্ষা খুজিবৰ বাবে ৰাজপথৰ কাষত গীটাৰ এখন লৈ গান গাই গাই ভিক্ষা মাগে । ভদ্ৰ ভা‌ৱে। আপোনাৰ মন গ’লে আপুনি ভিক্ষা দিব,মন নগ’লে নাই! আমাৰ দেশৰ হাতত বাতি এটা লৈ কণ-কণ দুজনীমান লেতেৰী ছো‌ৱালীয়ে আপোনাৰ ভৰিত বা কাপোৰত সা‌ৱটি ধৰি নগুৰ–নাকটি কৰা বিধৰ নহয় ।

Friday, September 30, 2011

ৰাজনীতিৰ বিষয়ে মোৰ মতামত

মই ব্যক্তিগতভা‌ৱে ৰাজনীতি ঘিনা কৰোঁ ।(হেনোঁ মুৰ্খৰ শেষ আশ্ৰয় হ'ল ৰাজনীতি!) কিন্তু কেতিয়াবা ভা‌ৱোঁ, ৰাজনীতি নহ'লে দেশখন চলিব কেনেকৈ ? আমি নিবিচাৰিলেও আমি যে দেশৰ ৰাজনীতিৰ লগত পাকে-প্ৰকাৰে সদায়েই জড়িত! ইয়াক আমি একেবাৰে বাদ দি চলিব নো‌ৱাৰোঁ । পাৰোঁ, কিন্তু সকলোবোৰ ভাল-বেয়া ঘটনা সমাজত চকুৰ আগতে ঘটি থাকিব,সেয়া আমি নিৰ্বিবাদে মানি বহি থাকিব লাগিব ।আৰু তেনে 'চকু মুদা কুলি' হৈয়ো থাকিব নিবিচাৰোঁ ।
সেয়ে কেতিয়াবা মন যায়, -জী‌ৱনৰ শেষ অধ্যায়ত ৰাজনীতিতে সোমাও নেকি ! মানুহে কয়, বেয়াটোক ভাল কৰিবলৈ হ'লে প্ৰথমে তুমি 'বেয়া'ৰ 'চিষ্টেম'টোত সোমাই ল'ব লাগিব !

Thursday, September 15, 2011

লোকসংগীতৰ প্ৰয়োজনীয়তা


বিগত এটা দশকৰ পৰা ন অসমীয়া সংগীত শিল্পীসকলে যি ধূম-ধামেৰে সংগীত উৎপাদন কৰিচি.ডি.বা কেছেটৰূপত বজাৰত এৰি দিছে,সেয়া মন কৰিলে বুজিব পাৰি যে তেওঁলোকৰ সংগীত-সাধনাৰ আগ্ৰহতকৈ ব্য‌ৱসায়মুখী জনপ্ৰিয়তা অৰ্জনৰ আকাংক্ষা বেছি । মন কৰিবলগীয়া কথাটো হৈছে যে অসমীয়া ৰাইজে(বিশেষকৈ যু‌ৱ-সমাজে) তেওঁলোকৰ গীত শুনিছেও, অৰ্থাৎ তেওঁলোক বাণিজ্যিকভা‌ৱে সফল আৰু জনপ্ৰিয়ও হৈছে । আমি ভা‌ৱোঁ, ইয়াৰ ফলত অসমীয়া সংগীতৰ জগতখন কিছু পৰিমাণে হলেও প্ৰদুষিত হৈছে ।
           
            এতিয়া আপুনি প্ৰশ্ন কৰিব,গীতৰ মান যদি নিম্নই হয়,তেন্তে সেয়া জনপ্ৰিয় হৈছে কেনেকৈ? ভাল নলগাকৈ মানুহে এটা গান আঁকো‌ৱালি লব পাৰেনে?
            জিতুল,জুবিনকে আদি কৰি এই সোঁতত সমিল(চামিল!) হো‌ৱা প্ৰায় সকলো সংগীত-শিল্পীয়েই পশ্চিমীয় সংগীতৰ অনুকৰণেৰে বা অনুপ্ৰেৰণাৰে(প্ৰাৰ্থক্য নাই বুলিবই পাৰি এই ক্ষেত্ৰত!) নানা পৰীক্ষা-নিৰীক্ষা কৰি নতুন আধুনিক অসমীয়া গীত কিছুমান সৃষ্টি কৰি এটা ধাৰা বোৱাই আনিছে । তেওঁলোকে এই গীতবোৰত অনা-থলু‌ৱা বাদ্য-যন্ত্ৰও সংগত কৰিছে ।এনে সংগীতেৰে অসমৰ আকাশ-বতাহ ভৰি পৰাৰ ফলতে পশ্চিমীয় সংগীতৰ জোঁৱাৰে অসমীয়া ডেকা-ডেকেৰীক বাৰুকৈয়ে প্ৰভা‌ৱান্বিত কৰিছে । বিশ্বজনীন জ্ঞানৰ দু‌ৱাৰ গৰকা মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ কথা বাদেই, বিদ্যালয়ৰ চৌহদ গচকি নো‌পো‌ৱা পেন্দোকণাহঁতৰ মুখতো চাকিৰা’, ‘মাইকেল’, ‘একনৰ গীত নিত্য বিদ্যমান হৈ উঠিছে ।বহুতেই আকৌ বুজি নাপালেও হকে-বিহকে কিছুমান ইংৰাজী গান শুনি বা শুনি দেখু‌ৱাই নিজকেসময়তকৈ আগত দৌৰাসকলৰ মাজৰে এজন বুলি জাহিৰ কৰিবলৈ ভাল পো ‌ৱা হৈছে । ই সিমান এটা শুভ লক্ষণ বুলি আমাৰ মনে নধৰে ।
           
            বয়ষ্ক সকলৰ লগতে জুবিন,দীক্ষুহঁতৰ গান শুনি ভালপো‌ৱাৰো অধিকাংশই স্বীকাৰ কৰিব যে পুৰণী অসমীয়া গীতসমূহে আজিও তেওঁলোকৰ মন-প্ৰাণ জুৰ পেলায় ।দেখা যায় যে ,লতা-কিশোৰ-ৰফি-মুকেশ-য়েচুদাসৰ পুৰণি হিন্দী গীতবোৰে কে‌ৱল ভাৰতবৰ্ষতে নহয়,সমগ্ৰ বিশ্বতে মানুহৰ অন্তৰ জিনিব পাৰিছে আৰু শ শ বছৰলৈ সিবোৰ অমৰ হৈ থাকি মানুহক সংগীতৰ অমিয়া সুধা বিলাই থাকিব পাৰিছে বা পাৰিব ।ইয়াৰ কাৰণ হিচাপে আমি কব খুজিম যে সিবোৰ গীতত কথা,সুৰ আৰু সংগীতৰ শ্ৰেষ্ঠতম সংমিশ্ৰণ ঘটিছে যত গীতিকাৰৰ কথাংশ ভাৰতীয় থলু‌ৱা লোকসংগীত আধাৰিত (বা লোকসংগীত-উদ্ভুত) সুৰেৰে সুনিৰ্দিষ্ট তাল-লয়ৰে সংযোজিত হৈ গায়ক/গায়িকাৰ গীতটিৰ প্ৰতি উৎসৰ্গিত কন্ঠৰ মাজেৰে প্ৰকাশ পাই পূৰ্ণৰূপ ধাৰণ কৰিছে ।
                                                            ******
            যো‌ৱা দশকটোৰ অসমীয়া গীতৰ বিশ্লেষণ কৰিবলৈ যাওঁতে জুবিন গাৰ্গদে‌ৱৰ নাম উল্লেখ কৰিবই লাগিব ।কাৰণ তেওঁ এনে এটা যুগৰ একছত্ৰী সংগীত-সে‌ৱক ৰূপে ইতিমধ্যেই চিহ্নিত আৰু যু‌ৱ-প্ৰজন্মৰ হিয়াৰ মণি হিচাপে পৰিগণিত হৈছে । আমি এনে জুবিন-অনুগামী বান্ধ‌ৱৰ সান্নিধ্যও পাইছোঁ, যিয়ে তেখেতৰ যিকোনো গীতৰ সংকলন মুক্তি পো‌ৱাৰ দিনাই কিনি আনি শুনিবলৈ আগ্ৰহেৰে ৰৈ থাকে । মাহেকজোৰা একেকেইটা গান শুনা আৰু শুনো‌ৱা কাৰ্যসূচীৰ পিছত বিশ্লেষণাত্মক মন্তব্য আহে ,- ‘‘বুজিছা, জুবিনৰ গান প্ৰথমবাৰ শুনি কোনেও ভাল নাপায়,চাৰি-পাঁচবাৰ শুনি চো‌ৱা,তাৰ পিছত দেখিবা তুমি এডিক্টেডহৈ গৈছা!। যদি বান্ধ‌ৱৰ কথাই সঁচা,তেন্তে জুবিন গাৰ্গদে‌ৱৰ গীতে দেখোন প্ৰথম শ্ৰ‌ৱণতে আমাক সন্মোহিত কৰিব নো‌ৱাৰে,তাক জোৰ কৰি আমিহে চিনাকী ভাললগা গীত কৰি লওঁ ! বৰ পাকলগা কথা!
           
            আৰু আমাৰ বিশ্বাস, এয়াই ঘটি আছে আমাৰ অসমীয়া সংগীত জগতত! আমাক জোৰ কৰি শুনো‌ৱা হৈছে অনা-থলু‌ৱা সুৰ-সংগীতৰ তথাকথিত আধুনিক সংগীত ।এইবোৰকে আমি ভাল পাবলৈ লৈছোহঁক ।
                        জী‌ৱবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা আৰু গ‌ৱেষণাৰদ্বাৰা দাবী কৰে যে পিতৃ-মাতৃৰ দৈহিক গঠনৰ লগতে বিভিন্ন মানসিক গুণাগুণ আৰু প্ৰতিভাও তেঁওলোকৰ সতি-সন্ততিয়ে জন্মসূত্ৰে লাভ কৰে । সেই হিচাপত পুৰণী গীতৰ অনুৰাগী সকলো মাক-দেউতাকৰ সন্তানেও সুমধুৰ গীত পছন্দ কৰাৰ এটা জৈ‌ৱিক কাৰক ইতিমধ্যেই শৰীৰত কঢ়িয়াই ফুৰিছে । কিন্তু তৎসত্ত্বেও আমাৰ আজিৰ যু‌ৱ-প্ৰজন্মই হুলস্থুলীয়া তেজোদ্দীপক সংগীত ভাল পাবলৈ লো‌ৱাৰ কাৰণ হৈছে ,আমাৰ দৃষ্টিত এটাই! সি হল-
            মানুহ হৈছে এনে এক জী‌ৱ,যি যিকোনো অস্বাভা‌ৱিক পৰিস্থিতিতে পাৰ্যমানে নিজকে খাপ খু‌ৱাই বৰ্তিব পাৰে (adaptation)আমাৰ কণমানিহঁতক আমি বিভিন্ন মাধ্যমযোগে তাৰ কাণৰ পৰ্দাত যেনে ধৰণৰ সংগীত শুনাইছোঁ, সি তেনেধৰণৰ সংগীতেই ভালপো‌ৱা হব । আৰু সেয়াই হৈ উঠিব আমাৰ ন-প্ৰজন্মৰ সংগীত ।

                        লোকসংগীতৰ চৰ্চা ইমানেই কমি গৈছে যে,বিশেষ পৰ্ব,দি‌ৱস অবিহনে আমি এইবোৰৰ স্মৃতিচাৰণ নকৰোঁহক। কিন্তু চাবলৈ লে লোকসংগীতবোৰ প্ৰকৃততে মানুহৰ দৈনন্দিন জী‌ৱনৰ গীত, এইবোৰ স্বত:স্ফূৰ্ত স্বাভা‌ৱিক সংগীত । এই পৃথি‌ৱীত লোকসংগীত বিহীন এটা জাতিৰ অস্তিত্ব নিশ্চয় নোলাব ।আৰু এক কথাত কবলৈ গলে এটা সংস্কৃতিবান জাতি গঠন প্ৰক্ৰিয়াতো লোকসংগীতৰ অৱদান অপৰিসীম ।

            বিশ্বৰ সম্মুখত আমি আমাৰ অসমীয়া সংগীত কেনেদৰে উপস্থাপন কৰিম ? অন্য দেশৰ বা জাতিৰ জনপ্ৰিয় সংগীতেৰে অনুপ্ৰাণিত হৈ সৃষ্টি কৰা পশ্চিমীয় সুৰ-শৈলীৰ গীতেৰে নে আমাৰ চহকী লোকসংগীতৰ ভঁৰালেৰে ?

            কাইলৈ আপোনাক যদি এজন ইংৰাজ লোকে ঔৎসুকতাবশত: এটা অসমীয়া গীত বজাই শুনাবলৈ কয়,আৰু আপুনি যদি আপোনাৰ ভাল লগা জুবিন গাৰ্গদে‌ৱৰ পামনে মই ঘুৰাই আকৌ এবাৰ জী‌ৱনতবা অমানিশা সাৰে আছে আৰু সাৰে আছোঁ মইগীতটি শুনায়,তেওঁ হয়তো আটাহ পাৰি উঠিবও পাৰে এইবুলি :-ইচ্ এইটো আকৌ কেনেকৈ অসমীয়া গীত হ ? কথা কেইটাহে অসমীয়া!। অন্যথা দক্ষিণ ভাৰতীয় এজনে সীমান্ত শেখৰদে‌ৱৰ আকাশে-বতাহে তোমাকে দেখিছোঁশীৰ্ষক গীতটি শুনিলেও একেটাকে ভোঁৰভোঁৰাব।

            [অসমত চৌৰ্যবৃত্তিৰে সংগীত সাধনা কৰা শিল্পীৰ অভা‌ৱ নাই । তেৰাস‌ৱৰ মতে সিবোৰ চুৰি কৰা গীত নহয়, মাথোঁ সুৰৰ মিল থকা গীত! আৰু বিশ্বৰ অতসোপা সংগীত শিল্পীৰ দুই একোজনৰ ভা‌ৱ একে নহৈ পাৰেনে? ]

            আমাৰ বোধেৰে ন অসমীয়া সংগীত-শিল্পীসকলে যদিহে নিজকে এই মাটিৰ মানুহ হিচাপে পৰিচয় দিব বিচাৰে তেন্তে কামিজত খাঁটি-অসমীয়াবুলি লিখি প্ৰাশ্চাত্য-সংগীতৰ বৰতাল বজোৱাতকৈ লোকসংগীতৰ চৰ্চাত নিজকে নিয়োগ কৰিবলৈ শিকা উচিত । এই দেশৰ চিনাকী গীত-মাতবোৰ হৃদয়ত প্ৰোথিত কৰি তাৰ আধাৰত ন-অসমীয়া সংগীত সৃষ্টি কৰক ।

            প্ৰতিবেশী ৰাজ্যখনতে দেখা পো‌ৱা সাধাৰণ দৃশ্য :- চহৰৰ ধনীজনেই হওক অথবা গা‌ৱঁৰ চহাজনেই হওক, আজৰি সময়ত লগ হৈ একেলগে আনন্দেৰে ৰবীন্দ্ৰ সংগীতৰ এটা সুন্দৰ আবেলি পাৰ কৰে । ৰবীন্দ্ৰ সংগীতে প্ৰতিজন বাঙ্গালীৰ হৃদয়ত এক সুকীয়া আসন দখল কৰি আছে ,যিকোনো মূহুৰ্ততে সুখী কৰিব পৰাকৈ! আমাৰ বৰগীত,লোকগীতে তেনে স্থান লৈ আছে নে আমাৰ বাবে ? আৰু তেওঁলোকৰ ৰাজ্যৰপৰা কিমানজন গায়ক-গায়িকাই সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠিত হব পাৰিছে তাৰ নিশ্চয় হিচাপ নাই !

            আমি ৰক্ষণশীল মনোভা‌ৱ পোষণ কৰি অসমীয়া পুৰণী গীতৰ দৰেই আজিও কে‌ৱল তেনেধৰণৰ গীতেই সৃষ্টি কৰিব লাগিব বুলি দাবী কৰা নাই ।অথবা কে‌ৱল হাৰমনিয়াম,তাবলা,দোঁতাৰাৰেই গীত হ লাগিব বুলিও দোহৰা নাই ।এই বিশ্ব-ব্ৰহ্মাণ্ডত এটাই মাথোঁ ধ্ৰু‌ৱক(Constant),সি হৈছেৰূপান্তৰ’ (Change)গতিকে নতুনক আমি আদৰি লবই লাগিব।
        আমি জোৰ দিয়া কথাটো হল এয়ে যে, ন শিল্পীসকলে থলু‌ৱা গীত-মাত অথবা শাস্ত্ৰীয় সংগীতৰ ওপৰত আধাৰ কৰি নতুন অসমীয়া গীত সৃষ্টি কৰক, ত আমাৰ লোকসংগীত সমূহৰ প্ৰতিফলন ঘটে আৰু যি সংগীতে নিমিষতে আমাৰ মন-প্ৰাণ জুৰ পেলায় ।
        পুলক বেনাৰ্জী,সংগীতা বৰঠাকুৰ,তৰালী শৰ্মা- এনেধৰণৰ দুই একোজন শিল্পীয়ে আজিও শাস্ত্ৰীয় সংগীত আধাৰিত আধুনিক অসমীয়া গীত গাই আছে ; কিন্তু তেওঁলোকক খুব কমেইহে চিনি পায়, কাৰণ তেওঁলোকে জনপ্ৰিয় হবৰ বাবে গীত নাগায় ।
        গতিকে এনে এক  ন-জাগৰণ অসমৰ সংগীতৰ ইতিহাসত হবৰ বাবে মই ভা‌ৱোঁ অসমৰ থলু‌ৱা লোকসংগীত সমূহৰ প্ৰচলন,জনপ্ৰিয়তা,প্ৰসাৰ আৰু সংৰক্ষণ অতিকেই জৰুৰী হৈ পৰিছে ।

Wednesday, August 10, 2011

এটা পুৰস্কাৰ,এখন চিঠি



প্ৰিয় ভ‌ৱিতা দাস সমীপেষু,

       নমস্কাৰ! প্ৰীতি সম্ভাষণ গ্ৰহণ কৰিব ।আশা কৰোঁ, নেদেখাজনে আপোনাক কুশলে ৰাখিছে ।

           এই কথা জানি আপোনাৰ কেনে অনুভ‌ৱ হ’ব সঠিকভা‌ৱে অনুমান কৰিব পৰা নাই, যে মই আপোনালৈ বুলি চিঠিখন লিখাৰ প্ৰতিটো মূহুৰ্তত এক অজানা আৰু অভূতপূৰ্ব শিহৰণ অনুভ‌ৱ কৰিছোঁ । এনে হোস‌ৱাৰ কাৰণ অৱূশ্যেই আপুনি ভ‌ৱাৰ দৰে এজন যু‌ৱকে এগৰাকী যু‌ৱতীৰ ওচৰ চপাৰ প্ৰয়াসেৰে প্ৰথমটো খোজ দিওতে স্বাভা‌ৱিকতেই সৃষ্টি হোে‌ৱা উত্তেজনা আৰু ‌আৱেগ, সমূলি নহয়!

            ই হৈছে সৰুতে অসমীয়া সাহিত্যৰ ভঁৰাল খুঁচৰি ভালপো‌ৱা,সততেই বিদ্যালয়ৰ পাঠ্যপুথিতকৈ তথাকথিত ‘বাহিৰা’ কিতাপ পঢ়িবলৈহে ইচ্ছা কৰা আৰু মনৰ ভাষাক কবিতাৰ ৰূপ দিবলৈ চেষ্টা কৰা ল’ৰাজন—যি ভাগ্যৰ বিড়ম্বনাত বৰ্তমানে এজন কম্পিউটাৰ অভিযন্তা হিচাপেহে কৰ্মৰত ,যাৰ হৃদয়ৰ কথা-বতৰা এতিয়া কাগজ-কলমৰ সলনি একোটা বাকচসদৃশ যন্ত্ৰইহে সংৰক্ষিত কৰে,যি মনত পেলাব পৰা নাই তেওঁ কেতিয়া শেহতীয়াকৈ কলমেৰে মাতৃভাষাত কিবা এটা লিখিছিল ;  তেনে এজন ডেকাই এখন চিঠি লিখািৰ আনন্দ আৰু সুখানুভূতি !

           আপোনাক অভিনন্দন জনাইছোঁ-কে‌ৱল মাথোঁ ‘ফেচবুক’ৰ ‘চিঠি’ নামৰ গোটটোশত এটা প্ৰশ্নৰ সঠিক উত্তৰেৰে বিজয়ীন হো‌ৱাৰ বাবে নহয়, এটা উপযুক্ত পুৰস্কাৰ দাবী কৰি এজনৰ মাজত ক্ৰমান্বয়ে মৰহি যাব ধৰা চিঠি লিখাৰ অভ্যাসক পুণৰ্জ্জী‌ৱিত কৰাৰ বাবেও –যাৰ গৌৰ‌ৱৰ অংশীদাৰ সমানেই আপুনিও।

         আজিকালিৰ তথ্য-প্ৰযুক্তিৰ ‌যুগত সমগ্ৰ পৃথিৱীৰ মানুহকে একত্ৰিত কৰি এখন বিশ্বজনীন গাঁৱৰ ধাৰণাৰ সৃষ্টি হৈছে ।সেইমতেই মানুহ এইক্ষেত্ৰত সফলো হৈছে । দূৰদৰ্শন,অনাতাঁৰ,আন্ত:জাল আৰু দূৰভাষেই দেখোন আমাক নিজৰ মাতৃভূমিৰ পৰা, আপোনজনৰ পৰা আঁতৰত থাকিবলৈ দিয়া নাই !এই ধৰাৰ যি প্ৰান্ততেই আপুনি নাথাকক কিয়,আধুনিক কাৰিকৰী প্ৰযুক্তিৰ উচিত ব্যৱহাৰেৰে আপুনি বিশ্বৰ যিকোনো ঠাইৰ  যিকোনো মানুহৰ সতে, আপাত: মুখামুখিকৈ ভা‌ৱৰ আদান-প্ৰদান কৰিব পাৰে ।

         কিন্তু এনে উচ্চ মানৰ প্ৰযুক্তিৰ উপলব্ধতাৰ পাৰ্শ্চক্ৰিয়া স্বৰূপেই  মানুহে যেন হেৰু‌ৱাইছে আন বহুতো কিবা-কিবি ।আপুনিতো জানেই, শুভেচ্ছা-পত্ৰৰ ঠাইত সময় আৰু টকা ৰাহি কৰি আজিকালি সকলো‌ৱে দূৰভাষযোগে চুটি-বাৰ্তা পঠিয়াবলৈহে পছন্দ কৰে । চমকপ্ৰদ প্ৰযুক্তি-নিহিত এই নিত্য-নতুন আধুনিক সা-সঁজুলীবোৰ আমাৰ দৈনন্দিন জী‌ৱনৰ প্ৰতিটো কাৰ্য-কলাপৰ লগত এনেভা‌ৱে জড়িত হৈ পৰিছে যে মানুহে নিজে নজনাকৈয়ে ক্ৰমশ: যান্ত্ৰিক আৰু ব্যস্ত জী‌ৱন অতিবাহিত কৰাত  অভ্যস্ত হৈ পৰিছে ।

          মই ক’ব খুজিছোঁ ,মান‌ৱ-জাতিৰ একতা,মান‌ৱীয়তা,প্ৰগতি আৰু উদ্ভা‌ৱনী শক্তিৰ আধাৰস্বৰূপ উপাদান মানুহৰ অনুভূতি ,আ‌‌ৱেগ আৰু চিন্তাশক্তিৰ  কথা ।যাৰ অবিহনে মানুহ এটা জড় পদাৰ্থ অথবা অনুন্নত প্ৰজাতিৰ কোনো জন্তুৰ বাদে একো নহ’লহেঁতেন । মই অনুমান কৰোঁ, ২ ঘন্টীয়া এটা দূৰভাষিক আলাপেও কিজানি একেখিনি ভা‌ৱ প্ৰকাশ কৰাত ব্যৰ্থ হ’ব , যিখিনি এখন চিঠিয়ে ক’ব পাৰিব ।চিঠিয়ে প্ৰকাশ কৰে লিখোঁতাৰ হৃদয়ৰ বতৰা--অন্তৰ্নিহিত ভা‌ৱনা-চিন্তা আৰু অনুভূতি ।এনে হো‌ৱাও দেখা যায় যে বহুক্ষেত্ৰত আমি কিছুমান কথা মুখ ফুটাই কাৰোবাক কোৱাতকৈ এখন চিঠিৰে জনাবলৈহে বেচি পছন্দ কৰোঁহক।প্ৰথম কথা, কোন‌ৱাৰ সময়ত আমাৰ মনলৈ  সঠিক বাক্যশাৰী বা সঠিক ভা‌ৱটো নাহিব পাৰে ,কিন্তু লিখাৰ সময়ত , তাক আমি ধীৰে-সুস্থিৰে চালিজাৰি উপযুক্তভা‌ৱে উপস্থাপন কৰিব পাৰোঁ ।আৰু দ্বিতীয়তে মৌখিকভা‌ৱে কো‌ৱা কথাষাৰৰ প্ৰতিক্ৰীয়া সাধাৰণতেই তৎমূহুৰ্ততে হয় –যাৰ বাবে বিষয়বস্তুৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা বক্তাজনো কোনো অভা‌ৱনীয় পৰিস্থিতিৰ সম্মুখীন হ’বৰ বাবে প্ৰস্তুত থাকিবলগীয়া হয় । কিন্তু চিঠি এখনে আমাক তেনে শংকাৰ পৰাও নিৰাপদে ৰখাৰ আশ্বাস প্ৰদান কৰে!(এতিয়া এই চিঠি পঢ়ি অমুকাৰ আবোল-তাবোল কথাৰ বাবে খঙতে আস্ফালন কৰি থাকিলেও সেয়া নিস্ফল হ’ব-লিখক যে নিৰাপদ দূৰত্বত বৰ্তমান!)

            মোৰ এগৰাকী বাইদেউ, যি আমাৰ ঘৰৰ পৰা মাত্ৰ ২ কি.মি. আঁতৰত থাকে আৰু যাৰ সতে সঘনাই দেখা-সাক্ষাৎ হৈ থাকে,তেওঁও মোক আগতে চিঠি দিছিল-লেফাফাত নভৰো‌ৱাকৈ ,লগ পো‌ৱাৰ সময়ত নিজ হাতে। দৈনন্দিন কথা-বতৰাত প্ৰকাশ নোহো‌ৱা কিছুমান মৰম আৰু বিশ্বাসৰ সততেই স্বাক্ষৰ কঢ়িয়াইছিল,বাইদেউৰ সেই তিনি-চাৰি পৃষ্ঠাজোতৰা চিঠিৰ বৰ্ণমালাই ।বাইদেউৰ মনৰ ভিতৰৰ মানুহজনীক পঢ়ি চাবলৈ সুবিধা পাইছিলো।বাস্ত‌ৱ জী‌ৱনৰ বহু অভিজ্ঞতাই তেওঁ মোৰ সতে আলোচনা কৰিছিল । আৰু কিছুমান সৰু-সুৰা অভিমান,কিছু অনুৰোধ তথা পৰামৰ্শ আছিল তেওঁৰ চিঠিৰ মাজত, মৰমৰ ভায়েকৰ প্ৰতি।

    সেইজনী বাইদেউ,যাৰ লগত তেজৰ সম্বন্ধ নাই বুলি বিশ্বাস কৰিবলৈ মই টান পাওঁ,তেওঁ আজিকালি মোলৈ চিঠি নিলিখে ।আমাৰ সম্বন্ধ আৰু যোগাযোগ একেদৰে আছে--প্ৰায়ে বাৰ্তালাপ হয় বা ঘৰলৈ গ’লে  ভিনদেউৰ সতে আমি তিনিও কোনো নিৰ্জন ঠাইত ফুৰিবলৈ যাওঁ ।

    কাৰণ হ’ল, মই যে যান্ত্ৰিক হৈ গৈছো,ৰুটিনমাফিক কাৰ্যা‌ৱলীৰে প্ৰণালীটোৰ লগত একাকাৰ হৈ গৈছো, কিতাপ পঢ়া বা লিখা-মেলা কৰিবলৈ যে কমাই দিছো; সেয়া বাইদে‌ৱে অনুধা‌ৱন কৰিব পাৰিছে আৰু গতিকেই তেওঁ মোলৈ চিঠি দিয়া নাই ।(অভিমানৰ অন্য ৰূপ নিশ্চয়!)

            এনে অভিজ্ঞতাই মোক উপলব্ধি কৰাইছে যে চিঠিয়ে প্ৰকৃততে কিছুমান লিখিত প্ৰাণহীন শব্দ নকঢ়িয়ায়- ই কঢ়িয়ায় সম্বন্ধ !

          আজি লিখা এই চিঠিখনে মোক যেন আকৌ এবাৰ জগাই তুলিলে। অন্তৰত সঞ্চিত হৈ থকা অনুভ‌ৱবো ৰ ব্যক্ত কৰিবলৈ যেন মোক প্ৰেৰণা দিছে ।মই যে যান্ত্ৰিক হৈ যো‌ৱা নাই,মোৰ মগজুৰ অভ্যন্তৰত অনুভূতি-প্ৰ‌ৱণ কোষকণাবোৰ যে এতিয়াও জী‌ৱিত হৈ আছে, সেই কথা এই মুহূৰ্তত উপলব্ধি কৰি পুলকিত হৈ উঠিছোঁ ।

         মই চিঠি লিখিবলৈ ল’ম। মোৰ বাইদে‌ৱে মোৰ প্ৰতি পো ষণ কৰা ধাৰণাক মই ন কৈ সজাম,কলেজীয়া পুৰণা বন্ধুৰ ই-পত্ৰৰ ঠিকনা বা দূৰভাষ নম্বৰ গোটো‌ৱাৰ সমানে সমানে গুৰত্ব দিম মই তেওঁলোকৰ ডাক-ঠিকনা যোগাৰ কৰাত । আৰু ঘৰৰপৰা হাজাৰ মাইল দূৰত এই পাহাৰীয়া সীমান্ত‌ৱৰ্তী ঠাইত অকলে থাকি অনুভ‌ৱ কৰা প্ৰতিটো নিসংগতা,প্ৰতিটো  মনৰ খবৰ চিঠিৰে জনাই হঠাৎ আচৰিত আৰু আনন্দিত কৰি তুলিম দৈনিক দূৰভাষযোগে যোগাযোগ ৰখা মা-দেউতাকো!

           আপুনি শুনি আচৰিত হ’ব নিশ্চয় যে বিগত চাৰে চাৰি বছৰে প্ৰেয়সীলৈ বুলি  লিখা চিঠিৰ এখনো সম্পূৰ্ণ হৈ নুঠাৰ পিছত তিনিদিনীয়া প্ৰচেষ্টাৰে এখন চিঠি লিখা সম্পূৰ্ণ হ’ল- যিখন আপুনি আজি পঢ়ি আছে ।গতিকে এই সংক্ৰান্তত প্ৰিয়তমাৰ পৰা পাবলগীয়া কঠোৰ শাস্তি উপভোগ কৰিবলৈও মানসিকভা‌ৱে মোক প্ৰস্তুত কৰিলে আপোনালৈ  লিখা এই চিঠিখনে ।

                 অ’ ৰ’ব ,আপুনি নিশ্চয় বিৰক্ত হৈছে! কাৰণ মই ইমান সময়ে কে‌ৱল নিজৰ কথাই বখালি থাকিলোঁ ।এজনে কৈছে ,”কথা কমকৈ ক’বা,বেছিকৈ শুনিবা” । মোৰ আকৌ ওলোটাটোহে হয় ! যি নহওঁক, দুদিন আগলৈকে মাথোঁ কম্পিউটাৰৰ পৰ্দাত আৱবদ্ধ এটা নাম আজি মোৰ বন্ধুৰ তালিকাত যোগ হ’ল । তাৰ বাবে ‘চিঠি’ গোটলৈ ধন্যবাদ যাঁচিলোঁ । আপোনাৰ লেখাবোৰ পঢ়িছোঁ । ভাল লিখে আপুনি !অনুভূতিপ্ৰ‌ৱণ হৃদয়বান মানুহক মই সম্মান কৰোঁ ।আশা কৰোঁ, অনাগত দিনতো আপোনাৰ অনুভূতিৰ জোলোঙা জুমি চাবলৈ সুযোগ পাম ।

               ভয় নাখাব, আৰু বেছি দীঘলীয়া নকৰোঁ ।কিন্তু যি দুটা কথা নক’লে এই চিঠিখন মূল্যহীন হ’ব বুলি ভা‌ৱোঁ ,সেয়া কৈ সামৰণি মাৰিম ।আচলতে এই দুটা মোৰ ব্যক্তিগত অনুৰোধহে ; কে‌ৱল আপোনাৰ প্ৰতি নহয়,মোৰ সকলো ইচ্ছুক বন্ধু-বান্ধ‌ৱীলৈয়ে মই এই বক্তব্য ৰাখোঁ । সেয়া হ’ল-


                 ক) আপোনাৰ ব্যক্তিগত জী‌ৱনটোৰ পৰা অকণমান হ’লেও সময় উলিয়াই সমাজৰ কামত নিজকে নিয়োগ কৰক । আজিকালিৰ পৃথি‌ৱীত ভাল কামৰ চিন্তা কৰা মানুহ বহুত পো‌ৱা যায়,কিন্তু হাতে-কামে লগা মানুহ পাবলৈ বিৰল । দুৰ্নীতি,অহিংসা আৰু অবিচাৰৰ এই দু:সময়তো চৌপাশে ঘটি থকা ভাল কামবোৰত জড়িত হওক আৰু আনকো জড়িত কৰাওক । প্ৰত্যেকেই গা-এৰা দি কে‌ৱল নিজকলৈ ব্যস্ত থাকিলে সমাজৰ প্ৰগতি হ’ব বুলি আমাৰ মনে নধৰে । অসমীয়াৰ মাজত সকলো প্ৰতিভা আৰু গুণ আছে; নাই মাথোঁ সাহস,একতা আৰু পৰোপকাৰী মনোভা‌ৱ ।

              খ) লক্ষ্য কৰিছোঁ যে, আপুনি আন্ত:জালতো অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা অলপ হ’লেও কৰে (অন্ত:ত ফেচবুকত হ’লেও)।গতিকে লিখিছেই যেতিয়া ;নিজৰ মাতৃভাষাটোক ইংৰাজী বৰ্ণমালাৰে প্ৰকাশ কৰি দৃষ্টিকটু কিয় কৰিব লাগে, সুন্দৰ অসমীয়া ইউনিক’ডত টাইপ কৰক আৰু ভাষাটোৰ শুদ্ধৰূপ প্ৰচাৰ তথা প্ৰসাৰত যথাকিঞ্চিৎ অৰিহণা যোগাওক ।অসমীয়াভাষী  মানুহৰ সংখ্যা ক্ৰমান্বয়ে নিম্নগামী হো‌ৱা,ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে হেতা-উপৰা কৰা,প্ৰচাৰ মাধ্যমতো শুদ্ধ ৰূপৰ অসমীয়া প্ৰচলন নোহো‌ৱা--এনেবোৰ পৰিস্থিতিৰ এই সংকট কালত কে‌ৱল মাথোান এজন মানুহৰ সজাগতাৰ প্ৰয়োজন হৈ আছে,যিয়ে নেকি এই শু‌ৱলা অসমীয়া ভাষাটোক সজী‌ৱ কৰি টনকীয়াল কৰি তুলিব পাৰিব; তেওঁ হ’ল ‘আপুনি’ । আমি প্ৰত্যেকেই ।
  
            অনুৰোধ দুটিৰ বাবে বেয়া নাপায় যেন ।আপোনাৰ কুশল-বাৰ্তা জনাব ।
                                                         আজিলৈ সামৰিছোঁ ।
                                                                       প্ৰান্তত,
                                                               আপোনাৰ বন্ধু
                                                                  অৰুণজ্যোতি
                                                                 ২ আগষ্ট,২০১১
                                                              চাইহা, মিজোৰাম


পুণ:শ্চ    -আপোনাৰ নামটো যদি ভুলকৈ লিখিছোঁ,তেন্তে ক্ষমা কৰে যেন। ‘ব’ হ’ব     নে ‘‌ৱ’ হ’ব মোৰ সীমিত ভাষাজ্ঞানেৰে ঠিৰাং কৰিব নো‌ৱাৰিলো ।

জী‌ৱনটো কিদৰে উদযাপন কৰিব ?

কিছুমান কাম কৰি আমি কেতিয়াবা এক বুজাব নো‌ৱাৰা মাদকতা অনুভ‌ৱ কৰোহঁক – এই ধৰক জুবিন-পাপনৰ অনুষ্ঠানত বোকাত নাচি ভাল লাগে , স্কুল-কলেজলৈ বুলি ...