মেনু

Tuesday, December 5, 2017

--গল্প নহয়—


ৰঞ্জনৰ এনেয়ে অফিচলৈ দেৰি হৈছে আজি । তাতে আকৌ এওঁক আজি স্কুলত থৈ যাব লাগিব । কাপোৰ পিন্ধি জোতাযোৰ পিন্ধিবলৈ লওঁতেই এওঁক দেখি ৰঞ্জনৰ মাথা গৰম হৈ গ’ল। তাৰ মুখেৰে নিজে নজনাকৈয়ে ওলাই গ’ল- “মই গা ধুবলৈ যাওঁতেই দেখোন তুমি কাপোৰ উলিয়াবলৈ লৈছিলা! এতিয়ালৈকে মূৰ আঁচুৰিয়েই হো‌ৱা নাই তোমাৰ ?”

যিষাৰ মাতে তাক মনে মনে বাইকখন চলাই যাবলৈ বাধ্য কৰালে সেইষাৰ আছিল-“মই কি ইমান দেৰি বহি আছিলো?”

Saturday, September 16, 2017

এইবেলি পূজা আমি কেনেদৰে পাতিম?



এইবেলি পূজা আমি কেনেদৰে পাতিম?
যদিওবা ভাৰতৰ বিভিন্ন ঠাইত এই পূজাৰ আয়োজন হয়, তথাপি ‘দূৰ্গা পূজা’ বুলি ক’লেই ভাৰতৰ যিকোনো লোকে যিখন ৰাজ্যৰ নাম সাউতকৈ লয়, সেয়া হ’ল পশ্চিম-বংগবংগৰ থলু‌ৱা হিন্দু বাঙালীসকলে পৰম্পৰাগতভা‌ৱে আৰু অতি অন্ত:কৰণেৰে বিশাল আয়োজনেৰে সৈতে দূৰ্গাপূজা উদযাপন কৰা দেখা যায়। সেই অনুপাতে কিন্তু দূৰ্গাপূজাৰ প্ৰচলন অসমত আগেয়ে অতি কম আছিল যদিও বৰ্তমানে ইয়াৰ স্থান পশ্চিম-বংগৰ ঠিক পাছতেই  বুলি ক’ব পৰা যায় । অসমত দুৰ্গা পূজাৰ এই বৰ্ধিত জনপ্ৰিয়তা খুব বেছি সময়ৰ নহয়। হয়তো পোন্ধৰ-বিশ বছৰৰপৰাহে অসমৰ প্ৰতিখন গা‌ৱেঁ-ভূঞেঁ এই পূজা ধুমধামেৰে পাতিবলৈ লো‌ৱা হৈছে ।
       এটা ধৰ্মীয় মাংগলিক অনুষ্ঠান হিচাপে ইয়াৰ প্ৰসাৰতা বৃদ্ধিৰ কাৰণ হ’ব লাগিছিল দে‌ৱী-উপাসকৰ সংখ্যাবৃদ্ধি । কিন্তু অতি আচৰিত কথা যে, অসমত এই দে‌ৱী-পূজা জনপ্ৰিয়তাৰ কাৰণ তেনে কোনো ধৰ্মীয় সংখ্যাগৰিষ্ঠতা সমূলি নহয় ! তেন্তে কি হ’ব পাৰে এই কাৰণ, যাৰ ফলত আজি অসমৰ প্ৰতিটো অলিয়ে-গলিয়ে এই দূৰ্গা-পূজা অতি জাকজমকতাৰে পাতিবলৈ লো‌ৱা হৈছে? শেহতীয়াকৈ বহু নগৰত এক কিমি. ব্যাসাৰ্ধৰ ভিতৰতে পঞ্চাছখন পূজা মণ্ডপে গিজগিজাই থকাও পৰিলক্ষিত হৈছে (নগাওঁ চহৰৰ হয়বৰগাওঁ ৰেলষ্টেছনৰ সমীপতে যো‌ৱাবেলি হয়তো ২০খন মান পূজা-মণ্ডপ দেখা গ’ল।) কিছু সুক্ষ্ম পৰ্যবেক্ষণেৰে অসমীয়া মানুহৰ এই অস্বাভা‌ৱিক উদযাপন-প্ৰীতিৰ মাজত আমি তেৰাসকলৰ প্ৰদৰ্শনধৰ্মী মনো‌ভা‌ৱ, বিকল্প পথেৰে ধন অৰ্জনৰ প্ৰতি আকৰ্ষণ আৰু অন্ধ অনুকৰণৰ স্বভা‌ৱ দেখিবলৈ পাওঁ । ইতিমধ্যেই এলেহু‌ৱা বুলি সুনাম(!) থকা জাতিটোৰ এনে পৰি‌ৱৰ্তিত ৰেহৰূপ কোনো সুভ‌ৱিষ্যতৰ ধ্বজাবাহক হ’ব পাৰে বুলি আমাৰ মনে নধৰে ।  
       অসমীয়া মানুহে এই যে দূৰ্গাপূজা ভাগ পাতে, প্ৰকৃততে কিমান মানুহে প্ৰকৃত উপাসনাৰে দূৰ্গা(মা)ক বন্দনা কৰে বাৰু ? সঁচা কথা ক’বলৈ গ’লে, আমাৰ মানুহে পূজা ‘চাবলৈ’হে যায়, পূজা কৰিবলৈ নাযায় ! অ‌ৱশ্যে ক’ব পাৰি যে আয়োজকসকলক ধৰি হয়তো ১০-১৫ শতাংশ মানুহে মাংগলিক অনুষ্ঠানত ভাগ লয় । এতিয়া কথা হৈছে, এনেদৰে মানুহে যেতিয়া পূজা ‘চাবলৈকে’ যায়, গতিকে নিশ্চয় তাত কিবা চাবলগীয়া বস্তুবিশেষ থাকিব লাগিব ।  আৰু এই যুক্তিটোৰ আঁত ধৰিয়েই অসমত দূৰ্গাপূজা এক বিশাল অংকৰ ব্য‌ৱসায়, বিয়াগোম প্ৰদৰ্শনী, মানুহৰ বাহ্যিক চৌখিনতাৰ বহি:প্ৰকাশ আৰু মুৰ্খৰ দৰে অবাবত টকা উৰু‌ৱাৰ উৎস‌ৱ হিচাপে পৰিগণিত হৈ আহিছে । পূজা মণ্ডপৰ কথাই ভা‌ৱকচোন- এখন নগৰৰ সকলো মানুহকে একত্ৰিত কৰিব পৰাকৈ, যান-জঁটৰ সংখ্যা সৰ্বনিম্ন কৰিব পৰাকৈ যেতিয়া আমি এখন মাত্ৰ পূজা-মণ্ডপেৰেই যি কাম কৰিব পাৰোঁ, সেই কাম আমি শ-শ খন পূজা সমিতিৰে আয়োজন কৰাৰ  প্ৰয়োজনীয়তাই বা ক’ত ?  হাজাৰৰ ওপৰৰ মানুহ গোট খো‌ৱা আন অনুষ্ঠান যেনে সাহিত্য সভাৰ অধি‌ৱেশন দেখোন আমি তেনেদৰে আহল-বহল আয়োজনেৰেই পাতি আহিছো । তেন্তে পূজা পাতিব নো‌ৱাৰো কিয়? আচলতে, আমি প্ৰত্যেকেই আজি টিভি চেনেলৰ টিআৰপিৰ দৰেই নিজৰ নিজৰ চাহিদা, নিজৰ নিজৰ মান বঢ়ো‌ৱাৰ দৌৰত দৌৰিছো কি আয়োজক, কি দৰ্শনাৰ্থী - সকলো একে ! দুজনমানে মিলি যদি সিফালে এটা অনুষ্ঠান পাতে, তেতিয়া আমাৰ গা জ্বলে । গতিকে আমিও এইফালে আন এটা অনুষ্ঠান পাতিবলৈ যোঁ-জা কৰোহঁকআমি বিচাৰোঁ যে, সিহঁততকৈ আমাৰ অনুষ্ঠানটো বেছি ডাঙৰ হওঁক, বেছি জাকজমকীয়া হওঁক – আমাৰ বিষয়ে মানুহে অধিক জানক, সিহঁত নিপাতে যাওঁক । আৰু এই প্ৰক্ৰিয়াটো‌ৱেই নিউক্লীয় ফিছন বিক্ৰিয়াৰ দৰেই এটা পাৰমাণ‌ৱিক বোমাৰ ৰূপ লয়গৈ । অৰ্থাৎ, আগেয়ে যি উৎস‌ৱক একতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল, বৰ্তমানে সেই উৎস‌ৱ পাতিবৰ বাবেই একেখন সমাজতে খণ্ড-বিখণ্ডিত হৈ আমি আমাৰ বিভেদ-ভা‌ৱৰ পৰিচয় দিওহঁক ।
       চান্দা তোলাৰপৰা আৰম্ভ কৰি দে‌ৱী বিসৰ্জন দিয়ালৈকে, আজিৰ অসমীয়া পূজা উদযাপানৰ এই সকলো আদ‌ৱ-কায়দাতে আমি কে‌ৱল আমাৰ মানুহৰ নিকৃষ্টতম মানসিকতাৰ প্ৰতিফলন ঘটাকেই দেখা পাওঁ । পূজাৰ চান্দা তোলা অভিযানত আজিকালি দোকান-পোহাৰৰপৰা আৰম্ভ কৰি গাড়ী-মটৰলৈকে কোনো সাৰি নাযায় । কাৰণ টকা সৰকো‌ৱাৰ ইয়েই এটা প্ৰাৰম্ভিক অস্ত্ৰ । তাতে আকৌ ‘পূজা’ নামৰ বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ বাবে--  য’ত আমি পূজা নমনা হিন্দু বা অহিন্দু সকলকো জোৰ-জবৰদস্তিৰে বৰঙণি দিবলৈ বাধ্য কৰিব পাৰোঁ । আৰু আজিৰ অসমীয়া ডেকাই ইয়াৰে সুবিধা ল’ব জানে বাৰুকৈয়ে- অহিন্দু‌ৱে চান্দা নিদিলে সাম্প্ৰদায়িক সংঘৰ্ষৰো হুংকাৰ দিব পাৰে ! বেচ্, লাচিতৰ তেজ থকা অসমীয়া ডেকা, তুমি নিজৰ শক্তিক ভালদৰেই চিনিছা । স্বয়ম্ভু সভাপতি-সম্পাদকে পূজা শেষ হো‌ৱাৰ পাছত চান্দা দিয়াসকলক খৰছৰ খতিয়ান দিয়াটো দূৰৰে কথা, ধন্যবাদ এষাৰি দিবলৈও পাহৰি যায় – কাৰণ তেতিয়া তেওঁলোক ব্যস্ত হৈ পৰে কাৰ পকেটত কিমান টকা সোমাল তাৰ অংককলৈহে! কোনে ক’ব, অসমীয়াই টকা ঘটিব নাজানে ?
       ভা‌ৱক- লাইট, জেনেৰেটৰ, মূৰ্তি, প্ৰসাদ, পেণ্ডেলেৰে কমখিনি আয়োজন নে? তাকো আকৌ অনুষ্টুপীয়াকৈ হ’লেও নহ’ব- লাইটে চকু চাঁট মাৰি ধৰিব লাগিব, মূৰ্তি-পেণ্ডেলৰ কাৰু-কাৰ্যই টিভি-চেনেল, খবৰ কাকতৰ মানুহক আকৃষ্ট কৰিব পাৰিব লাগিব ! আমি কো‌ৱাৰ দৰে এখন মাত্ৰ পূজা পাতিব পৰা হ’লে বাকী শ-শ পূজা সমিতিৰ এই সকলো আয়োজনত খৰছ হো‌ৱা লক্ষ লক্ষ টকা ৰাহি নহ’লহেঁতেন নে বাৰু ? এনে বিশাল পৰিমাণৰ টকাৰে প্ৰতিটো অঞ্চলৰ সমূহীয়া  উন্নতি সাধিনী বহুতো পদক্ষেপ হাতত ল’ব পৰা গ’লহেঁতেন নিশ্চয় । ৰাষ্টা-পদূলীৰ বাবেই আমি বছৰৰ পাছত বছৰ ধৰি চৰকাৰৰ মুখলৈ আশা পালি বহি থাকো। ৰাইজৰ বৰঙণিৰ এনে টকাৰে আমি নিজৰ এলেকাৰ বাট-পথবোৰ ঠিক কৰি ল’ব নো‌ৱাৰো নে?
       কণমাণিটোৰ হাতত তুলি দিয়া পিস্তলটো‌ৱে কি সূচায়- কেতিয়াবা ভা‌ৱি চাইছো নে ? আজিকালি সি ডাঙৰতকৈও ডাঙৰ ৰাইফলটোহে ল’বলৈ ভালপো‌ৱা হৈছে । আৰু তাকে চাই আমি ৰং লৈছো। কাহানিবা ভা‌ৱি চাওঁ নে যে এনে কাণ্ড-কাৰখানাই তাৰ সেই অকণমানি মনটোত কিমান বেয়া প্ৰভা‌ৱ পেলাব পাৰে ? আৰু পূজা বুলিলেই এতিয়া ধনী হওঁক দুখীয়া হওঁক কে‌ৱল খৰছ আৰু খৰছ । দিন-হাজিৰা কৰা সাধাৰণ লোকজনেও উপায়ন্তৰ হৈ দেখাক-দেখি টকাকেইটা পানীত পেলাব লগা হৈছে । গাৰ ঘামৰ প্ৰতিটো বিন্দু খৰছ কৰি অৰ্জা শিকিকেইটা পুতলা পিস্তলৰ মাত্ৰ কেইটামান ধূম-ধাম শব্দৰ মাজত হেৰাই যায় । দে‌ৱী বিসৰ্জনৰ নামতো অযথা কিছুমান হুলস্থুল-বিশৃংখলতা । পূজা উদযাপনৰ নামত উন্মত্ত হো‌ৱা কিছুমান মানুহৰ দলে বাকী সকলোৰে খা‌ৱন-শো‌ৱন হৰে । আৰু এই যান-জঁট,কোৰ্হালৰ সুবিধা লৈ কিছুমান মানুহে জু‌ৱা-খেল,তীৰ-খেল,মদৰ ঘাটিৰে গাওঁ-চহৰৰ গলিবোৰ বিপন্ন কৰি তোলে । ইয়াৰ মাজতো সুবিধাবাদী পুলিছ-ট্ৰেফিকে নিজৰ নিজৰ ধান্দা চলাই যায় । আমি এনেকৈয়ে দূৰ্গা-পূজা  পালন কৰি আহিছো।
       আহক- এইবেলি পূজাভাগ আমি প্ৰদূষিত হ’বলৈ নিদিওঁ । শুদ্ধ অন্তৰেৰে ভক্তি ভা‌ৱেৰে দূৰ্গতিনাশিনীৰ চৰণত প্ৰণিপাত জনাওঁ । আয়োজনৰ নামত আমি বাহ-বাহ ল’বলৈ নাযাওঁ। আমাৰ অঞ্চলত কেইবাখনো পূজাৰ সলনি মাত্ৰ এখন পূজা হ’বলৈ মানুহক উদ্বুদ্ধ কৰোহঁক। দান-বৰঙণি যদি তোলা হয়, তেন্তে তাৰে অন্ত:ত এটা সমাজৰ হকে ভাল কাম কৰোঁ। আৰু মুঠৰ ওপৰত আমাৰ নতুন-প্ৰজন্মক এটা আদৰ্শ দেখু‌ৱাওঁ। আহকচোন- ৰাইজে নখ জোকাৰিলে হেনো নৈ বয় ।
===================================০০০===================================
n  অৰুণজ্যোতি দাস, ৰজাবাৰী, বোকাখাত, গোলাঘাট-৭৮৫৬১২ (দূৰভাষ:৯৪৩৫১৫২৭৬৮)

Tuesday, June 7, 2016

"ডাস্তবিনত পৰি ৰো‌ৱা, হাজাৰ টকাত বিক্ৰী হো‌ৱা আমাৰ দেশৰ ভ‌ৱিষ্যৎ"



কিমান নিষ্ঠুৰ হ’লে এগৰাকী মাতৃ বা পিতৃয়ে নিজৰ শৰীৰৰে অংগসম এটি সন্তানক ভূমিষ্ঠ হো‌ৱাৰ পাছত আন ক’ৰবালৈ দলিয়াই দিব পাৰে ? কিমান মায়া-মমতাৰে আবৃত্ত হ’ব পাৰে সেই মাতৃৰ হৃদয় ? জী‌ৱনটোৰ প্ৰতি থকা আমাৰ ভালপো‌ৱা, আকৰ্ষণতকৈ এনে কি দুৰ্ভাগ্য‌ৱান পৰিস্থিতি থাকে, যিয়ে এটা ন-জী‌ৱনক বিতাড়িত কৰিবলৈ আমাক বাধ্য কৰায়? অতি পৰিতাপৰ কথা, খবৰ-কাকতত নিতৌ কোনোবা এটা ডাস্তবিনত মৃত বা জী‌ৱিত অ‌ৱস্থাত দে‌ৱশিশু উদ্ধাৰ কৰাৰ বাতৰি আহিয়েই আছে। বৰপেটাৰ ৩৫ বছৰীয়া আকবৰ আলিৰ দৰে ব্যক্তিয়ে আজি পেটৰ তাড়নাত সন্তানক বিক্ৰী কৰিবৰ বাবেও কুন্ঠাবোধ কৰা নাই । একেদৰে দিনক দিনে বাঢ়িবলৈ ধৰিছে ঢেকীয়াজুলীৰ সেই কিশোৰীগৰাকীৰ সংখ্যা, যি ফুলকুমলীয়া বয়সতে মাতৃত্বৰ বোজা কঢ়িয়াব নো‌ৱাৰি দুই যমজ সন্তানক মাথো হাজাৰ-পোন্ধৰশ টকাত বিক্ৰী কৰিছে । আমাৰ বোধৰে এইবোৰ অতি চিন্তনীয় বিষয় ।

আমি প্ৰশ্ন কৰোঁ, প্ৰতিটো শিশুৰ সু-স্বাস্থ্য, সু-শিক্ষাৰ কথা কো‌ৱা সেই মান‌ৱতাবাদী মান‌ৱাধিকাৰ কৰ্মীসকল, প্ৰতিবাদী নাৰীৰ সংস্থাসমূহ, দেশীয় বা আন্তৰ্দেশীয় বেচৰকাৰী সন্থাসমূহে এইক্ষেত্ৰত কি পদক্ষেপ হাতত লৈছে ? যাক ‘দেশৰ ভ‌ৱিষ্যৎ’ আখ্যা দিয়া হয়, যাৰ প্ৰতি থাকে আমাৰ অগাধ বিশ্বাস, আশা আৰু ভৰসা- সেইসকলৰ ভ‌ৱিষ্যৎ আমি এনেকৈয়ে সুৰক্ষিত কৰিছো নে? আমাৰ বোধেৰে অনাকাংক্ষিত মাতৃত্বৰে কাৰোবাৰ জী‌ৱন ধ্বংস কৰাটো কোনো এজন পুৰুষৰে কৰ্তব্য হো‌ৱা উচিত নহয়, লাগিলে তেওঁলোক বিবাহিতই বা অবিবাহিতই হওঁক । অন্যহাতে সন্তান বেচা-কিনাৰ বজাৰখন কেনে আৰু এইবোৰৰ ন্যায়িক বৈধতা কিমান, সেয়াও কিছু গমি-পিতি চো‌ৱা উচিত। গতিকে এই বিষয়তো আমাৰ স্বেচ্ছাস‌ে‌ৱকসকলে কিছু জৰীপ আৰু অধ্যয়ন কৰি সমাজৰপৰা এনে ব্যাধি কিদৰে আঁতৰাব পাৰি সেইবিষয়ত নিজা পদক্ষেপৰ লগতে চৰকাৰৰ লগতো আলোচনা কৰিব পাৰে ।

মুঠৰ ওপৰত, এইখন অসমতে এনে এটা দিন কাহানিও নাহক যাতে বাপেকে মদ খাবলৈয়ে হওঁক বা ঘৰ চলাবলৈকে হওঁক, সন্তান বেচি টকা পাবলৈ বুলিয়ে এগৰাকী নাৰীক অৰ্ধাংগিনী স্ত্ৰীৰ সলনি ‘কেঁচু‌ৱা জন্ম দিয়া যন্ত্ৰ’লৈ পৰি‌ৱৰ্তিত নকৰে যেন ।

===========================000==============================

Monday, June 6, 2016

সুৰাপায়ীৰ কান্ধত সভ্যতাৰ বোজা


যু‌ৱ শক্তি হৈছে এনে এক চালিকা শক্তি, যাৰ ওপৰত নিৰ্ভৰ কৰি কে‌ৱল এটা জাতিয়েই নহয়, এটা পূৰ্ণ-বিকশিত সভ্যতাই নিজৰ অস্তিত্ব ৰক্ষা, ক্ৰমবি‌ৱৰ্তন অথবা ক্ৰমবিকাশৰ পথ পোহৰাব পাৰে । সমাজখনক বৰ্তমানৰ ৰূপ দিয়া অগ্ৰজ ব্যক্তিসকল শাৰিৰীক-মানসিকভা‌ৱে দুৰ্বলী হৈ এসময়ত যেতিয়া বৃদ্ধা‌ৱস্থালৈ গতি কৰে, তেতিয়া এটা জাতিক সঠিক দিশেৰে আগু‌ৱাই নিব পৰা একামাত্ৰ চালক হৈছে এই যু‌ৱশক্তি। (যু‌ৱশক্তি বোলোতে আমি যু‌ৱতীসমাজকো সামৰি লৈছো ।) সেই হিচাপত চাবলৈ গ’লে আমি আমাৰ যু‌ৱক-যু‌ৱতীসকলক শিশু বা কৈশোৰা‌ৱস্থাৰপৰাই আমাৰ গৌৰ‌ৱান্বিত ঐতিহ্যৰ অধ্যয়নেৰে শিপা চিনাই, সু-শিক্ষাৰে শিক্ষিত কৰি সুসংস্কাৰেৰে জাতিষ্মান কৰাই ভ‌ৱিষ্যতৰ গুৰি বঁঠা ধৰোঁতা হিচাপে গঢ়ি তোলাটো এক নৈতিক কৰ্তব্য হো‌ৱা উচিত । এই দায়িত্ব পালন কৰোতে আমি অভিভা‌ৱকসকল আজি কিমান সফল হৈছো সেয়া হয়তো এক আলোচ্য বিষয়কিন্তু আন নহ’লেও যু‌ৱক-যু‌ৱতীসকলে তেওঁলোকৰ নিজ দায়িত্ব তথা কৰ্তব্যক হৃদয়ংগম কৰিব পৰা এটা পাৰিপাৰ্শ্বিকতা আমি যদি গঢ় দিব পাৰোঁ, তেন্তে সেয়াই হয়তো এই ক্ষেত্ৰত সফলতাৰ চাবি-কাঠি হ’ব বুলি ধৰি ল’ব পাৰি ।
       পাছে অতি পৰিতাপ আৰু শংকাৰ বিষয় হৈছে এয়ে যে, বৰ্তমান অসমৰ যু‌ৱসমাজ মান‌ৱতাৰ নৈতিক শিক্ষাৰে উজ্জী‌ৱিত হো‌ৱাৰ সলনি বিশ্বায়নৰ পাকচক্ৰত পৰি নিজেই বিপথে পৰিচালিত হো‌ৱাহে পৰিলক্ষিত হৈছে । বৰ্তমান অসমত এনে মানসিকতাৰ যু‌ৱক-যু‌ৱতীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে, যিয়ে সমুখত সংঘটিত হো‌ৱা দুৰ্ঘটনাটোত আৰ্তনাদ কৰি থকা আহতজনক তাৎক্ষণিক সহায়ৰ হাত আগবঢ়ো‌ৱাৰ সলনি মোবাইলত ফটো তুলি চ’চিয়েল মেডিয়াত হাস্যৰসৰ যোগান ধৰিবলৈহে তৎপৰ হয় । এই ধৰণৰ আচৰিত মনোবৃত্তি অসমীয়া ডেকা-ডেকেৰীৰ মনত গঢ় লো‌ৱাৰ কাৰক হিচাপে বহু কেইটা বিষয় সমালোচকসকলে দাঙি ধৰিব পাৰে । এনে বহু কাৰণ, যিবোৰে আমাৰ ডেকা-সমাজক আমি আশা কৰামতে প্ৰক্ষেপিত নকৰি অন্য দিশেৰেহে ঠেলি পঠাইছে, তাৰ ভিতৰত অন্যতম এটি হৈছে সুৰাপান । এই কথা ডাঠি ক’ব পাৰি যে অসমত আজি উচ্চ-শিক্ষা গ্ৰহণ কৰা ল’ৰা-ছো‌ৱালীৰ সংখ্যা যিমানেই বাঢ়িছে প্ৰায় সমান সংখ্যাৰেই বাঢ়িবলৈ লৈছে সুৰাপায়ীৰ সংখ্যা । আজিৰ শিক্ষা-ব্য‌ৱস্থাই আমাক প্ৰতিবছৰে শ শ ডাক্তৰ-ইঞ্জিনীয়াৰ-প্ৰ‌ৱক্তা জন্ম দিব পাৰিছে সঁচা, কিন্তু তেৰাসকলক মাদক দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে কাহানিও পতিয়ন নিয়াব পৰা নাই । ফলত আমাৰ সমাজত অশিক্ষিত আৰু দিন-হাজিৰা কৰি ঘৰ চলো‌ৱা মানুহে সংসাৰৰ জ্বালা সহিব নো‌ৱাৰাৰ অজুহাতত দুটুপি চুলাই মদ গলাধ:কৰণ কৰাৰ সংখ্যা যিমান আছে, চাকৰি পো‌ৱা বা পৰীক্ষাৰ ফলাফল ভাল হো‌ৱাৰ আনন্দতো মঙহেৰে সৈতে নিজৰ লগতে আন দহোজনকো ৰঙীণ পানীয়ৰে আপ্যায়ন কৰা মানুহৰ সংখ্যা বৰ্তমানে তাতোকৈ বহুগুণে বেছি আছে । গতিকে ক’ব পাৰি, হয়তো আমাৰ সমাজৰ অৰ্ধেক সংখ্যক মানুহেই বৰ্তমানে সুৰাৰ ৰাগীৰে ৰাগিয়াল এনে প্ৰেক্ষাপটত উচ্চ-পদস্থ হৈও আমাৰ ডেকাই সুস্থ মানসিকতাৰ পৰিচয় দিবলৈ সমৰ্থ নহ’ব পাৰে ।  সুৰাপায়ী বিষয়া একোজনে  যিমানেই নিজকে নিয়ন্ত্ৰণ নকৰক কিয়, হয়তো কোনো কোনো সময়ত শুদ্ধ বিচাৰ বা পদক্ষেপ লো‌ৱাত তেওঁ বিফল হ’ব পাৰে । আৰু ইয়াৰ কুফল গোটেই সমাজে ভোগ কৰিবলগীয়া হয়
পূৰ্বতে আমি কে‌ৱল নগৰাঞ্চলত সুৰাৰ পয়োভৰ বেছি বুলি ধাৰণা কৰিছিলোকিয়নো গ্ৰামাঞ্চলসমূহত আঙুলিৰ মূৰত লেখিব পৰাকৈ ‘লেবেল’ থকা কেইটামান মদাহীৰ বাদে মদ খাই আবোল-তাবোল বকা বা তলং-ভটং কৰি থকা ডেকা ল’ৰা আগতে প্ৰায় নাছিল বুলিয়েই ক’ব পাৰি । কিন্তু সম্প্ৰতি পৰিলক্ষিত হৈছে যে সময় সলনি হো‌ৱাৰ লগে লগে অসমৰ চুকে-কোণে ডেকা-ডেকেৰী তথা কিশোৰ-কিশোৰীৰ মাজতো কিছুমান আচহু‌ৱা তথা সমাজৰ অহিত সাধন কৰিব পৰা কিছুমান অভ্যাস গঢ় লৈ উঠি পৰম্পৰাৰ ৰূপ ল’বলৈ ধা‌ৱমান হৈছে । অশ্লীল কথা-বাৰ্তা, নাৰীক পণ্য সামগ্ৰী হিচাপে গণ্য কৰাৰ মানসিকতা, ডাঙৰক সন্মান কৰিবলৈ নজনা, সুন্দৰভা‌ৱে সমাজত এটা বিষয় উপস্থাপন কৰিব নজনা, ব্য‌ৱহাৰ-পাতিত ভদ্ৰতা আৰু শিষ্টাচাৰ নজনা ইত্যাদি এশ-এবুৰি কু-অভ্যাসৰ কিন্তু এটা মূল কাৰক হৈছে মাদক-দ্ৰব্য সে‌ৱন
আজিৰ ডেকাচামে সমাজৰ ভিন্ন অনুষ্ঠান,উৎস‌ৱ-পাৰ্বণ আদিত অংশ লো‌ৱাটো নিসন্দেহে এক অতি শুভ লক্ষণ । কাৰণ ইয়াৰ যোগেদি তেওঁলোকে আমাৰ প্ৰচলিত পৰম্পৰা আৰু সংস্কৃতিৰ সতে মিলামিছা হো‌ৱাৰ এক প্ৰত্যক্ষ সুযোগ পায় । প্ৰকৃতাৰ্থত যু‌ৱসমাজৰ সক্ৰিয় অংশগ্ৰহণে এটা উৎস‌ৱক দীৰ্ঘস্থায়ী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । সেইদৰে বিষ্ণুৰাভা দি‌ৱস,শিল্পী-দি‌ৱস,শিশু-দি‌ৱস,বিহু উদযাপন আদি সামাজিক কাম-কাজৰ প্ৰতি ডেকা-ডেকেৰীৰ উৎসাহ নিতান্তই আদৰণীয় কথা । কিন্তু সম্প্ৰতি দেখা গৈছে যে, বিহু পাতো বুলিয়েই হওঁক বা শি‌ৱ-ৰাত্ৰি পাতো বুলিয়েই হওঁক, ডেকাচামে চান্দা তোলাৰপৰা বৰভোজ খো‌ৱালৈকে সমগ্ৰ কাণ্ডটোতে মদ-ভাঙৰ দৰে নিচাজাতীয় দ্ৰব্য সে‌ৱনকো কাৰ্যসূচীৰে এটা অংশ কৰি তুলি সকলোখিনি নষ্ট কৰি পেলাইছে । বৰ্তমানে বিয়াসমূহত এই প্ৰ‌ৱণতা অতি বেছি প্ৰকট হৈ পৰিছে । দৰাৰ লগত যো‌ৱা অধিকাংশ ডেকাই বা দৰাঘৰীয়াক আদৰিবলৈ(?) আগবঢ়া অধিকাংশ ডেকাই সুৰাৰ ৰাগীৰে মতলীয়া হৈ বিয়াৰ দৰে পবিত্ৰ এটি মাংগলিক অনুষ্ঠানতো অশুভ পৰিস্থিতিৰ সৃষ্টি কৰা আমি নিজ চকুৰে দেখি আহিছো । খুবাই-খুবুনীৰ ভোজলৈও যেতিয়া সুৰাসক্ত হৈ ডেকাল’ৰা আহিবলৈ লয়, তেতিয়া বিয়াখনত তেওঁলোকৰ কিবা অৰিহণা থাকিলেও তাক স্বীকাৰ কৰি ধন্যবাদ জনাবলৈ কাৰো মন নাযায় ।
       মুক্তভা‌ৱে সুৰাপানৰ মান্যতা অসমৰ সমাজত যদিও বৰ্তমানে নাই, তথাপি আমাৰ অনুমান হয় তেনে এটা দিনো হয়তো অনাগত সময়ত অতি শীঘ্ৰেই আহি পৰিব পাৰে  এনে নহয় যে, পূৰ্বতে সুৰাপায়ীৰ সংখ্যা একেবাৰেই কম আছিল অসমত ।  খো‌ৱাসকল তেতিয়াও আছিল, এতিয়াও আছেকিন্তু এটা কথা ডাঠি ক’ব পৰা হৈছে, সেয়া হ’ল এয়ে যে আগেয়ে হয়তো কাহানিও অগ্ৰজৰ লগত অনুজে মদ বা আন মাদক দ্ৰব্য খো‌ৱাৰ দৃশ্য দেখা পো‌ৱা নগৈছিল ,যিটো বৰ্তমানে অতি সুলভ হৈ পৰিছেআগেয়ে কোনো কোনো‌ৱে চিগাৰেট-মদ খালেও লোকচক্ষুৰ আঁৰত, জ্যেষ্ঠজনক সমীহ কৰিহে খাব পাৰিছিল । কিন্তু এতিয়া কিশোৰ-কিশোৰীয়ে নিজৰ মাজতে খো‌ৱাৰ ওপৰিও ডেকা-বুঢ়াই একেলগে এনে মৌজ-মস্তিত ভাগ লো‌ৱা দেখা যায় । এয়া হয়তো অতি-মুক্ত আদৰ্শবাদৰ অন্ধ অনুকৰণৰ প্ৰভা‌ৱো হ’ব পাৰে নতুবা আমাৰ জ্যেষ্ঠসকলৰ ভুল নিৰ্দেশনাৰ ফলো হ’ব পাৰে
       নিজৰ ঘৰতে, মাক-দেউতাকৰ চকুৰ আগতে চিখৰ-গোটখা খাব পৰাৰ মানসিকতা এটা গঢ় লো‌ৱা ল’ৰা-ছো‌ৱালীয়ে কাইলৈ লগৰীয়াৰ লগত মদ-ভাং খাবলৈ লো‌ৱাটো একো অস্বাভা‌ৱিক কথা হ’ব নো‌ৱাৰে । খাব পাৰে । কাৰণ আজিকালি অসামাজিক কিবা এটা কামত নিজকে নিয়োজিত কৰিবলৈ হাজাৰটা উপাদান আপোনাৰ ল’ৰাৰ(বা ছো‌ৱালীৰ) সোঁৱে-বাঁ‌‌‌ৱে বিৰাজমানআজি ষষ্ঠ-সপ্তম শ্ৰেণীৰ ল’ৰাই বিদ্যালয়ৰ প্ৰস্বা‌ৱগাৰ বা হোটেলৰ চুকত বিড়ি-চিগাৰেট টনাটো অতি সুলভ হৈ পৰিছে । সৌ সিদিনা মধ্য-অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ দুজনমান ল’ৰাক বিদ্যালয়তে জ্যেষ্ঠ ছাত্ৰক সুৰাৰ বটল উপঢৌকন হিচাপে দিয়া আৰু মদ্যপান কৰাৰ অপৰাধত প্ৰধান-শিক্ষকে বিদ্যালয়ৰপৰা নাম কৰ্তন কৰিছিল এইবোৰৰ কাৰণ চিনেমা-দৰদৰ্শনৰ প্ৰভা‌ৱৰ উপৰিও সংগদোষ হ’ব পাৰে । কিন্তু সংগদোষ বুলি নিৰ্দিষ্টকৈ আজিকালি কোনো এটা সংজ্ঞাবদ্ধ পৰি‌ৱেশ নাই, যাৰপৰা আপুনি আপোনাৰ ল’ৰাক আঁতৰাই আনিব পাৰে । প্ৰকৃততে বৰ্তমানৰ ‘ট্ৰেণ্ড’ বা ঢংটো‌ৱেই হৈছে এনেকু‌ৱা বেপৰু‌ৱা । আজিৰ ল’ৰাই মনৰ খুছিত কাম কৰিব বিচাৰে, মাক-দেউতাকৰ ইচ্ছামতে নহয় । আৰু তাকে কৰিবলৈ গৈ সমাজত যিটো চলি থকা দেখে তাকেই অনুকৰণ কৰিবলৈ শিকে ।
       ল’ৰা-ছো‌ৱালীয়ে আপুনাআপুনিকৈ শিকি লো‌ৱা মাদক–দ্ৰ‌ব্যৰ প্ৰতি হো‌ৱা এই আকৰ্ষণে এক অন্য ৰূপ পায় যেতিয়ে সিহঁত বিদ্যালয়ৰ দেউনা পাৰ হৈ কলেজৰ দু‌ৱাৰদলিত থিয় হয় । আজিকালি প্ৰায়ভাগ অভিভা‌ৱকেই নিজৰ সন্তানক বিভিন্ন কাৰণত ছাত্ৰাবাস বা ছাত্ৰীনিবাসত থৈ পঢ়ু‌ৱাবলৈ ভাল পায় । এনে ছাত্ৰা‌ৱাসবোৰত সাধাৰণতে ল’ৰাই অতদিনে কটাই অহা বান্ধোনৰ সময়খিনিৰ পৰি‌ৱৰ্তে কিছু মুক্ত জী‌ৱনশৈলী এটা কটাবলৈ সুবিধা পায় । ইয়াত তেঁওলোকৰ কাণ্ড-কাৰখানাৰ তত্বাবধান কৰিবলৈ ক’বলৈ গ’লে কোনো‌ৱেই নাথাকে । বিশেষকৈ ব্যক্তিগত জী‌ৱনৰ কাম-কাজসমূহ । তাৰোপৰি ইয়াৰ লগত ৰজিতা খু‌ৱাই অনুকূলীয় পৰি‌ৱেশ এটাৰ অভা‌ৱ হোষ্টেলীয়া জী‌ৱনত কাহানিও নহয় । গতিকে দেখাক-দেখি বুলিয়েই কো‌ৱা যাওঁক বা কাৰোবাৰ প্ৰৰোচনাৰ বলতেই হওঁক, ছাত্ৰা‌ৱাসত  থকা প্ৰায় প্ৰতিজন আ‌ৱাসীয়েই ৰঙীন পানীয়ৰ অন্ধ ভক্ত হো‌ৱা দেখা যায় । অভিযান্ত্ৰিক মহাবিদ্যলয় আৰু চিকিৎসা মহাবিদ্যালয়বোৰত এই সুৰাপানৰ প্ৰথাটো অতি বেছিকৈ যে জনপ্ৰিয় হয় সেই কথাটো হাজাৰ শতাংশই শুদ্ধ । এনে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়বোৰতে কোনো বিশেষ পাৰ্টী বা উৎ‌স‌ৱ উদযাপনৰ মূল অৰ্থই হৈছে দামী দামী দেশী-বিদেশী ৰঙীণ পানীয়ৰ সমাহাৰত নিজকে বিলীন কৰি দিয়া । অ‌ৱশ্যে সকলো ল’ৰাই মদ্যাপান কৰে বুলি ক’লেও ভুল হ’ব । কিন্তু আমি এনে বহু সতীৰ্থকো লগ পাইছো যি এপেগ মদ সে‌ৱন নকৰাকৈ ভালদৰে পঢ়া-শুনা কৰিব নো‌ৱাৰে । আৰু তেনে বহু ল’ৰাই বহু ভাল ভাল ফলাফলেৰে বৰ্তমানে শকত দৰমহা-পাতিৰে নামী-দামী প্ৰতিষ্ঠানত কাম কৰি আছে ।  
প্ৰতিষ্ঠানৰ কথা কওঁতে আৰু এটা কথা মনত পৰিল । বহুতো সৰ্বভাৰতীয়া বা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কোম্পেনীত চাকৰি কৰাসকলৰ আকৌ সুৰাপা হৈছে এটা ষ্টেটাছ চিম্বল এই ‘ষ্টেটাচ মেইন্টেইন’ৰ অজুহাতত বহু আমোলা-বিষয়াই পত্নী বা পৰিয়ালৰ অনুমোদন লৈ সুৰাপান কৰে । আৰ্মীত যো‌ৱাসকলৰ কথা নক’লো‌ৱেই । পুলিচত চাকৰি কৰাসকল আৰু চৰা। ৰাতি-বিয়লি সময়ত অসমৰ কোনো থানালৈ আপুনি যাব নো‌ৱাৰে আপোনাক ভালদৰে চিনি পো‌‌ৱা পুলিচজনে ৰাতি হ’লে আপোনাক কাহানিও চিনি নাপায়। বৰ্তমানে পুলিচত বহুতো ডেকা ল’ৰা মকৰল হৈছে । আমি আশা কৰোঁ, সেই সকলো আকৌ মদাহী অভদ্ৰ পুলিচ নহয় যাতে  
       আমি কো‌ৱা নাই যে, মদ খালেই মানুহ নষ্ট হয় । মদ খাই বহু সাহিত্যিকে মহৎ সাহিত্য ৰচনাৰ প্ৰেৰণা পায়, গায়কে গায়কীত নতুনত্ব পায় অথবা কোনো কোনোজনে প্ৰেয়সী বা পত্নীক নতুন ৰূপত আ‌‌ৱিষ্কাৰ কৰিবও পাৰে কিন্তু সতৰ্ক হ’বলগীয়া কথাটো হৈছে-  মদৰ ৰাগী এনে নিচাদায়ক যে আজি অলপ,কালি অলপকৈ এজন মানুহে ইয়াৰ নিচাৰ সো‌ৱাদ ক্ৰমে বেছিকৈ ল’বলৈ উত্তা‌ৱল হয় যাৰ বিষয়ে তেওঁ কাহানিও গমেই নাপায় । আৰু নক’লেও হ’ব অতিমাত্ৰা মদ্যপানৰ পৰিণতি অতি হৃদয়বিদাৰক । আমি নিজ বংশ-পৰিয়ালতে একো একোটা সুন্দৰ পৰিয়াল কে‌ৱল গৃহস্থৰ মদ্যপানৰ বাবেই সৰ্বনাশ হৈ পৰা দেখি আহিছো । ল’ৰা-ছো‌ৱালীৰ পঢ়া-শুনাতেই নহয়, সিঁহতৰ মানসিক তথা বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰতো ই হেঙাৰ হৈ পৰে ।
       আমি আশা কৰোঁ, প্ৰতিজন অভিভা‌ৱকেই নিজৰ সন্তানক নিচাসক্ত হো‌ৱাৰ পৰা মুক্ত কৰক , সিঁহতৰ প্ৰতিটো খোজতে চোকা নজৰ ৰাখক । প্ৰতিজন আমোলা-বিষয়া, কৰ্মচাৰীয়ে কৰ্তব্যৰ সময়ত ৰাগীয়াল নোহো‌ৱাকৈ থাকি সমাজলৈ সু-সে‌ৱা  আগবঢ়াওঁক । অন্ত:ত আন দেশৰ মানুহ অসমলৈ ফুৰিবলৈ আহি এজন ভদ্ৰ আৰু নিকা অসমীয়াক লগ পাওঁক । একে এষাৰে ক’বলৈ গ’লে আজিৰ সময়ত এখন সুস্থ প্ৰগতিশীল সমাজ গঢ়িবলৈ হ’লে আমি কানীয়া বা মদপী হৈ টলং-ভটং কৰি থাকিলে কাহানিও নহ’ব, আৰু বহু বিষয় আছে যিবোৰত আমি ভা‌ৱি-চিন্তি মাত মাতিব পৰা বা হাতে-কামে কৰিব পৰা হ’ব লাগিব ।(নিয়মীয়া বাৰ্তা, ০৬/০৬/২০১৬ ত প্ৰকাশিত)

Wednesday, April 27, 2016

নিৰ্বাচনী প্ৰচাৰত অপব্য‌ৱহৃত টকাৰ সদ্ব্য‌ৱহাৰ


আজিকালি দেখা যায় যে, নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলেই হওঁক বা ব্যক্তিবিশেষেই হওঁক, ভোটাৰক আকৃষ্ট কৰিবৰ বাবে বেনাৰ-পোষ্টাৰৰপৰা আৰম্ভ কৰি বৈদ্যুতিন মাধ্যম, চ’চিয়েল মেডিয়া, ছপা মাধ্যম ইত্যাদি সকলো মাধ্যমেৰেই নিজৰ নিজৰ গুণ-গান বখানি প্ৰচাৰ চলাবলৈ উঠি-পৰি লাগি যায় । কোনো এটা দলে যদি বাতৰি-কাকতত পৃষ্ঠাজোৰা বিজ্ঞাপন দিয়ে, তেন্তে আন এটা দলে দূৰদৰ্শনত দীঘলীয়া বক্তব্য ৰাখে । এটা দলে যদি নিজৰ সুকীৰ্তিৰ কথা দোহাৰে, আন এটা দলে সিটো দলৰ দোষ খোঁচৰে । আৰু এইখিনি কৰিবৰ বাবেই চহৰে-নগৰে গাঁ‌ৱেঁ-ভূঞেঁ বিয়াগোম আকাৰৰ হোৰ্ডিং অঁৰা হয় । হেলিকপ্তাৰত উঠি হ’লেও আগেয়ে কাহানিও গৈ নো‌পো‌ৱা ঠাইলৈ গৈ ভোট ভিক্ষা কৰা হয় । একো-একোজন প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবৰ বাবে নামী-দামী ‘ষ্টাৰ কেম্পেইনাৰ’ বা ‘চিলেব্ৰিটী’ক নিমন্ত্ৰণ জনাই ৰাজহু‌ৱা সভা পতা হয় । এই সভাবোৰ আয়োজন কৰোতে কোটিৰ ওপৰত টকা খৰছ কৰা হয়, যিবোৰৰ দৰ্শক-শ্ৰোতাসকলকো দিনটোৰ হাজিৰা আৰু অহা-যো‌ৱাৰ খৰছ তথা খো‌ৱা-বো‌ৱা দি ‘হায়াৰ’ কৰি অনা হয় । সুকীৰ্তিৰ গুণগান কৰা সম্প্ৰচাৰ সকলোখিনিৰ কিন্তু ভোটদানৰ আগে আগেই সামৰণি পৰে । ইয়াৰ অৰ্থ এয়ে যে কে‌ৱল ভোট পো‌ৱাৰ স্বাৰ্থতে সকলো দল বা প্ৰাৰ্থীয়ে এনে বৰশীত দিয়া টোপৰ দৰে সৰ্বসাধাৰণক অধিক প্ৰাপ্তিৰ স্বপ্ন দান কৰে ।
      এই টোপ দিয়াৰ নামতো এক বিশাল অংকৰ টকা-পইছা খৰছ কৰা হয় । কাৰণ, বৰ্তমানে ৰাজনীতিত নমা প্ৰতিজন প্ৰাৰ্থীয়ে অন্ত:কৰণে বিশ্বাস কৰে যে সাধাৰণ ভোটাৰক উপৰিউক্ত সকলো প্ৰকাৰৰ প্ৰচাৰ অভিযানেৰে মোহিব নো‌ৱাৰিলেও এটা অস্ত্ৰই নিশ্চিতভা‌ৱে মোহিব পাৰে, সেয়া হ’ল :-  মদ-সূতা-কম্বল-আঁঠু‌ৱা আৰু টকা । এইকেইটা প্ৰাথমিক(!) প্ৰয়োজন পূৰণ হ’লে আমাৰ বহুতো অশিক্ষিত(তথা শিক্ষিত) ভোটাৰ যথেষ্ট পৰিমাণে সন্তুষ্টও যে হয়, সেই কথাটো অ‌ৱশ্যে একেবাৰে অস্বীকাৰ কৰিব নো‌ৱাৰি । কিন্তু ৰাজনীতিবিদসকলে জানি আমোদ পাব যে, আজিকালিৰ সৰ্বসাধাৰণ অশিক্ষিত ভোটাৰো সেই পুৰণিকলীয়া নদাই-ভদাই হৈ থকা নাই যে আপোনাৰপৰা টকা-কম্বল লৈ ভোটটি আপোনাকেই দিব । এনে সুবিধাবাদী ভোটাৰে আজিকালি প্ৰতিজন প্ৰাৰ্থীৰপৰাই এনেদৰে টকা বা উৎকোচ লৈ নিৰ্বাচনৰ আগেয়েই চহকী হৈ লয় । তাৰ পাছত ভোটটো কাক দিয়ে সেয়া কে‌ৱল বেলট-বাকচেহে জানে । অসমৰ মানুহ পূৰ্বতে কাহানিও এই ধৰণৰ সুবিধাবাদী চৰিত্ৰৰ নাছিল । এনে এটা পৰি‌ৱেশ ৰাজ্যখনত সৃষ্টি কৰাৰ বাবে প্ৰকৃততে দায়ী উৎকোচ দিবলৈ আগবাঢ়ি অহা সেই চতুৰ ৰাজনীতিবিদসকলেই ।
      আমাৰ প্ৰশ্ন হৈছে, যিবোৰ সভা-সমিতি পাতিবলৈ কোটিৰ ঘৰত টকা খৰছ কৰা হৈছে আৰু যিবোৰ ভাষণৰ সাৰ-মৰ্ম উপস্থিত থকা কোনো এজন শ্ৰোতা-দৰ্শকেও হৃদয়েৰে বুজিবলৈ কাহানিও চেষ্টাই নকৰে, তেনে আয়োজনৰ প্ৰয়োজনেই বা কি ? কোনো এটা আঁচনিৰ বাবে যদি এটা দলে কৃতিত্ব ল’ব খোজে,  তেন্তে সিটো দলে আকৌ জনতাক পতিয়ন নিয়াব খোজে যে আচলতে সফলতাৰ দাবীদাৰ তেওঁলোকহে ! গতিকেই একেখন ফটো, একেখিনি কথাকে ভিন্ন দৃষ্টিকোণেৰে ভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ মতেৰে ৰাইজৰ আগত প্ৰকাশ কৰে। এনে ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে কোনো সিদ্ধান্ত ল’ব নো‌ৱাৰা এটা বাতাবৰণৰহে সৃষ্টি হয় । গতিকে ক’ব পাৰি যে, বৰ বৰ হৰফেৰে ঢাক-ঢোল বজো‌ৱা বিজ্ঞাপনসমূহেও সাধাৰণ মানুহৰ বিচাৰ-বুদ্ধি বা জ্ঞানৰ কোনো ধৰণৰ পৰিবৰ্ধন বা পৰিবৰ্তন কৰিব পৰা নাই । সেই হেতুকেই আমাৰ এনে অনুভ‌ৱ হয় যে,এই প্ৰচাৰ অভিযানৰ নামত উৰু‌ওৱা টকাখিনিয়ে প্ৰকৃতাৰ্থত দলৰ বাদেই, আন কোনো এজন সাধাৰণ মানুহকে লাভান্বিত কৰিব পৰা নাই । ভা‌ৱি আচৰিত লাগে, এঘন্টাত ষাঠি-সত্তৰ হাজাৰ টকা ভাড়া দি হেলিকপ্তাৰত উঠি ঘুৰি ফুৰিব পৰা কোটিপতি এজনে ব্যক্তিগতভা‌ৱে হয়তো ৰাইজৰ নামত ফুটা কড়ি এটাও খৰছ কৰি নাপায়, অথচ তেওঁ ৰাইজৰ সে‌ৱাৰ বাবেই মন্ত্ৰী,বিধায়ক হ’ব খোজে। কিমান নিৰ্ল্লজ্জ ৰাজনীতি! আমি ক’ব খোজো যে যিসময়ত অসমত নিৰ্বাচনী-প্ৰচাৰৰ নামত আজি কোটি কোটি টকা প্ৰাৰ্থীসকলে খৰছ কৰি আছে আৰু যিবোৰ টকাৰ খৰছেৰে কোনো সামগ্ৰিক বা সামাজিক উন্নয়ণ আজিকোপতি হো‌ৱা নাই, তেনে ক্ষেত্ৰত সেই টকাৰ উচিত ব্যৱহাৰেৰে সমাজৰ বহুখিনি উন্নতি কৰিব পাৰি । কোনো কোনোজনৰ পকেট গৰম হো‌ৱাৰ সলনি যদি কিবা প্ৰকাৰে টকাখিনি ৰাইজৰ সমূহীয়া উন্নয়ণৰ বাবে খটু‌ৱাব পৰা যায়, তেন্তে প্ৰতি নিৰ্বাচনৰ আগে আগে অসমৰ চেহেৰাই সলনি হৈ থাকিব । যদি কোনো ধনী সে‌ৱকৰ ইমানেই জনসে‌ৱা কৰিবলৈ মন আছে, তেন্তে তেওঁ নিৰ্বাচনৰ বাবে সাঁচতীয়া টকাখিনিৰে নিজৰ অঞ্চলত  সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে ৰাষ্টা-ঘাট, বজাৰ-সমাৰ, দলং,দমকল, সমূহীয়া ভ‌ৱন, গ‌ৱেষণাগাৰ, পুথিভঁৰাল ইত্যাদি স্থাপন তথা মেৰামতিৰ বাবে চিন্তা কৰিব পাৰে । আৰু এনে সমাজসে‌ৱাৰ উদাহৰণ স্বচক্ষে প্ৰত্যক্ষ কৰিলে সমাজৰ প্ৰতিজনেই তেখেতক ভোট দি জিকাবৰ বাবে স্বয়ংক্ৰিয়ভা‌ৱে সচেতন হ’ব ।
      আৰু এটা অতি কম-খৰছী তথা দৰকাৰী প্ৰচাৰ অভিযান হৈছে একেখন মঞ্চতে সকলো প্ৰাৰ্থীয়ে একেলগে ভাষণ ৰখা কামটো । এই প্ৰথাৰে নিৰ্বাচনী-প্ৰচাৰ চলো‌ৱাটো প্ৰায় সকলো উন্নত গণতান্ত্ৰিক দেশতে দেখা যায় । এনে অনুষ্ঠানত জনসাধাৰণে প্ৰতিজন প্ৰাৰ্থীকে মুখামুখিকৈ প্ৰশ্ন কৰিব পাৰিব আৰু প্ৰাৰ্থীসকলেও জনতাৰ প্ৰকৃত দুখ-কষ্ট বা প্ৰয়োজনসমূহৰ বুজ ল’ব পাৰিব । গতিকে, ইয়ে জনসাধাৰণক প্ৰাৰ্থীৰ প্ৰকৃত যোগ্যতা নিৰূপণ কৰিবলৈ সুযোগ দিয়ে আৰু প্ৰাৰ্থীসকলক এক প্ৰকাৰে সৎ তথা সমাজসে‌ৱী হ’বলৈ বাধ্য কৰায় । আমাৰ দেশতো ভোটাৰ ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰি আমি এইদৰে দুই-এটা মিতব্যয়ী পদ্ধতিৰ সদ্ব‌্য‌ৱহাৰ কৰিব জানিলে আজিৰ ৰাজিনীতিবিদসকলে ভ‌ৱাৰ দৰে “ৰাজনীতি এক ব্য‌ৱসায়, য’ত লাখৰ ঘৰত বিনিয়োগ কৰিলে কোটিৰ ঘৰত আয় কৰিব পাৰি”- এই ধৰণৰ কু-সংস্কাৰ উফৰাই পেলাই সমাজত প্ৰকৃত গণতন্ত্ৰৰ ভেঁটি স্থাপন কৰিব পৰা যাব ।
----------------------------------------০০০------------------------------------

নাৰী-নিৰ্যাতন ৰোধৰ উপায় সন্দৰ্ভত দুআষাৰ


যো‌ৱা ২২ এপ্ৰিলৰ ‘আমাৰ অসম’ৰ ‘ধৰিত্ৰী’ শিতানত ঊষাকান্তি দাস ডাঙৰীয়াই অতি সুন্দৰভা‌ৱে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ভাৰত তথা অসমৰ তথ্যভিত্তিক পৰ্যবেক্ষণ আৰু মতামত আগবঢ়ালে ।  লেখাটোত বিষয়টো সন্দৰ্ভত তেখেতে মূলত: চৰকাৰৰ ব্যৰ্থতাৰ কথা দোহাৰিলে আৰু কেইটিমান পৰামৰ্শ আগবঢ়ালে । কিন্তু তেখেতৰ সকলো পৰামৰ্শ আমাৰ বোধেৰে সম্পূৰ্ণভা‌ৱে গ্ৰহণযোগ্য হ’ব নো‌ৱাৰে । তেখেতে সাজ-পোছাকৰ ক্ষেত্ৰত মহিলাসকল সা‌ৱধান হ’লে যৌন নিৰ্যাতন ৬০% পৰ্যন্ত কমাব পাৰি বুলি কৈছে । কিন্তু আমাৰ প্ৰশ্ন হয়, কে‌ৱল উত্তেজক সাজ-পোছাকৰ বাবেই এগৰাকী নাৰী বা ছো‌ৱালী সঁচাকৈয়ে নিৰ্যাতিত হয় জানো ? বহু বলাৎকাৰৰ ঘটনা মাৰ্জিত সাজ-পাৰ পিন্ধা বিবাহিত মহিলা, নান, বোৰ্খা পিন্ধা মুছলিম মহিলা বা কম বয়সীয়া ছো‌ৱালীৰ ক্ষেত্ৰতে দেখোন এইখন অসমতে হৈ আছে! ইয়াৰ অৰ্থ এয়ে যে, যিসকল লোকৰ এনে অপৰাধপ্ৰ‌ৱণতা বেছি, তেওঁলোকক মাৰ্জিত সাজ-পাৰেও একো প্ৰভা‌ৱ পেলাব নো‌ৱাৰ । প্ৰভা‌ৱ পেলাব পৰা অস্ত্ৰটো হৈছে মানসিক উত্তৰণ বা জ্ঞান । শিক্ষাই এই মানসিকতা গঢ় দিয়াত সহায় কৰিব পাৰে, কিন্তু কে‌ৱল শিক্ষালাভেই এনে বৌদ্ধিক জ্ঞানৰ উদয় নকৰাবও পাৰে । (বহুতো উচ্চশিক্ষিত পুৰুষ আজিও নাৰী নিৰ্যাতনৰ বাবে দায়ী নতুবা প্ৰত্যক্ষ্যভা‌ৱে অপৰাধী।) ইয়াৰ বাবে সামাজিক জাগৰণৰো প্ৰয়োজন আছে । আমাৰ দেশত কে‌ৱল মহিলাই নিজৰ সুৰক্ষাৰ বাবে যৎকিঞ্চিত মাত মতা দেখা যায়, কিন্তু কোনো এজন পুৰুষে এই বিষয়ত ‘টু’ এটাও শব্দ নকৰে । এনে পৰি‌ৱেশত সামাজিক সংস্কাৰ অসম্ভ‌ৱ ।
        ইয়াৰোপৰি লেখকে কৈছে যে মহিলা বা ছো‌ৱালীসকলে ‘যিমান সম্ভ‌ৱ নিশা অকলে ভ্ৰমণ কৰা উচিত নহয় আৰু নিশাৰ আগতেই নিজৰ নিজৰ ঘৰলৈ উভতিবলৈ চেষ্টা কৰা উচিত ।’ দাস ডাঙৰীয়াই নাৰী-নিৰ্যাতন ৰোধৰ বাবেই এনে এষাৰ সতৰ্কবাণী শুনাইছে যে, সেই কথা আমি হৃদয়ংগম কৰিব পাৰিছো; তথাপি তেওঁ বিচাৰ-বিবেচনা কৰি চো‌ৱা উচিত যে তেনে মন্তব্যৰে তেওঁ নাৰীৰ স্বাধীনতা আৰু অধিকাৰ খৰ্ব কৰিছে । আজিৰ এই একবিংশ শতিকাৰ বিশ্বায়ণৰ যুগত মানুহৰ কাম-কাজ কে‌ৱল দিনতহে হ’ব পাৰিব বুলি ভ‌ৱা কথাটো ভুল ধৰাণা। আমাৰ গু‌ৱাহাটীতেই দেখোন কত কিমান ‘কল-চেন্টাৰ’, ‘অফশ্ব’ৰ চফ্ট‌ৱেৰ ডেভেলপমেন্ট’ ইত্যাদি বিষয়ৰ কাৰ্যালয় স্থাপিত হৈছে তেওঁ নাজানে নেকি? সিবোৰত ক‌ে‌ৱল ল’ৰামানুহেইযে কাম কৰিব পাৰিব, তেনেতো কোনো নীতি-নিয়ম নাই !
        আমাৰ দেশত ৰাতি দহবজাৰ পাছত এগৰাকী নাৰীক ঘৰৰ বাহিৰত পো‌ৱা মানেই তেওঁক অপৰাধী হিচাপে ব্যাখ্যা কৰা হয় । কিন্তু একে সময়তে ল’ৰা বা পুৰুষৰ বাবে এই নীতি প্ৰযোজ্য নহয় । সমাজৰ এনে নিয়ম-কানুনে আমাক কি শিকাইছে ? আমি আমাৰ ছো‌ৱালীজনীক শিকাবলগীয়া হৈছো যে ল’ৰাৰপৰা বা মতা মানুহৰপৰা সদায় বাছি থাকিবি । কিন্তু কাহানিবা আমি আমাৰ ল’ৰাটোক শিকাইছো নে যে ছো‌ৱালীক বা মহিলা মানুহক সন্মান কৰিবি বুলি ? আমি সদায় ছো‌ৱালীজনীক প্ৰশ্নটো সুধো যে ‘ক’ত যা‌ৱি বা কি কৰিবি?’ । কিন্তু ল’ৰাটোক আমি একেটা প্ৰশ্ন কৰিব নো‌ৱাৰো কিয় ? ছো‌ৱালীৰ প্ৰতি ল’ৰাৰ যি ধাৰণা বা মানসিকতা,সেয়া গঢ় লয় সি দেখিবলৈ পো‌ৱা সদায় উঠা-বহা কৰি থকা সমাজখনৰপৰাই । গতিকে আমি যদি আমাৰ সমাজখনক সলনি কৰিব নো‌ৱাৰো বুলি ভা‌ৱোঁ, তেন্তে আমি ভ‌ৱা উচিত যে আমাৰ ল’ৰাটোকতো আমি সলনি কৰিব পাৰোঁ ! কণ্যা সন্তানক হীনদৃষ্টিৰে চো‌ৱাৰ মানসিকতাক দলিয়াই দি আমি যদি নিজৰ ছো‌ৱালীজনীকো আঁকো‌ৱালি লৈ ব্যক্তিত্ববান এগৰাগী সুযোগ্যা নাৰী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰো, তেন্তে তেনে এগৰাকী নাৰীয়ে ভ‌ৱিষ্যতৰ হাজাৰটা ৰত্নাকৰক বাল্মিকী সাজিবলৈ সমৰ্থবান হ’ব ।

প্ৰশাসনৰ তৎপৰতা

‘আমাৰ অসম’ কাকতে প্ৰথম পৃষ্ঠাত আলোকপাত কৰা ইলাচী বসুমতাৰী নামৰ দুৰ্ভগীয়া মহিলাগৰাকীৰ জী‌ৱনগাঁথাৰ কথা জানিব পাৰি লখিমপুৰ জিলা প্ৰশাসনে অতি তৎপৰতাৰে চৰকাৰী সা-সুবিধা প্ৰদান কৰিছে বুলি গম পাই অতি আনন্দিত হৈছো । ইয়াৰ বাবে বৰ্তমানে প্ৰচলিত চমক লগো‌ৱা হালধীয়া সাংবাদিকতাৰ বিপৰীতে নিৰলে সত্যনিষ্ঠ সংবাদ সে‌ৱনৰ প্ৰতি উৎসৰ্গিত কাকতখনৰ এনে দায়িত্ববোধৰ শলাগ লৈছো আৰু প্ৰশাসনৰ সংশ্লিষ্ট বিষয়ববীয়াসকলক ধন্যবাদ জনাইছো । এতিয়া কথা হৈছে, এইখন অসমত বৰ্তমানে এনে ইলাচী বসুমতাৰী কে‌ৱল এগৰাকীয়েই আছে নে? প্ৰশাসনৰ দায়িত্ব ইমানতেই যতি পৰিল নে? নিশ্চয় নাইপৰা । কাৰণ, অসমৰ গা‌ৱেঁ-ভূঞেঁ চুকে-কোণে আজিও হাজাৰজন দৰিদ্ৰই দুবেলা-দুসাজ নোখো‌ৱা‌কৈ থাকি হয়তো আপাতত: গৃহহীন হৈয়েই জী‌ৱন কটাইছে । খাদ্য-সুৰক্ষা,আ‌ৱাস–যোঁজনাৰ কথা কো‌ৱা চৰকাৰখনে কাগজে-কলমে সকলো দৰিদ্ৰকে উদ্ধাৰ কৰিছে ঠিকেই, কিন্তু বাস্ত‌ৱক্ষেত্ৰত এই সা-সুবিধাবোৰ কোনে কেনেকৈ পাইছে বা নাই পো‌ৱা তাৰ জৰীপ কৰি চো‌ৱা উচিত । হিতাধিকাৰীয়ে সেইবোৰ  পো‌ৱাৰ পথত কিমান টকাৰ ভেটি কোনে ক’ত আত্মসাৎ কৰিছে তাৰো হিচাপ হো‌ৱা উচিত । ঠিকাদাৰে আমোলা-বিষয়াৰ পৰা চহীৰে টকা উলিয়াই কাম-কাজ নো কিমান কৰিছে, তাৰ তদন্ত হো‌ৱা উচিত । কে‌ৱল জনপ্ৰতিনিধিয়ে কিয়, বিষয়াসকলেও শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ বাহিৰত কি ঘটি আছে তাৰ বুজ লো‌ৱাটো অতি প্ৰয়োজন ।
        দেখা যায়, বাতৰি-কাকত বা দূৰদৰ্শনৰ নিউজ-চেনেলে কিবা এটা কথাক বলিষ্ঠৰূপত প্ৰকাশ কৰাৰ পাছতহে বিষয়া-আমোলাই অলপ-অচৰপ চকু মেলি তাৰ অধ্যয়ন কৰে বা কাহানিবা দুই-এক পদক্ষেপ গ্ৰহণ কৰে । কিন্তু প্ৰকৃতাৰ্থত হ’ব লাগিছিল তাৰ ওলোটাটোহে ! অৰ্থাৎ, প্ৰশাসনে কিবা বিষয়ত লো‌ৱা পদক্ষেপকহে সংবাদ মাধ্যমে এটা ‘খবৰ’ হিচাপে প্ৰকাশ কৰিব লাগিছিল । বুজিব পৰা সকলে নিশ্চয় অনুমান কৰিব পাৰিছে যে অসমৰ প্ৰশাসন কোন দিশেৰে কেনেদৰে চলি আছে । ঘোঁচ নিদিয়াৰ বাবে কাৰ্যালয়লৈ মাহৰ পাছত মাহ অহা-যো‌ৱা কৰা ভুক্তভোগীসকলেহে বিষয়া-কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ বিষয়ে গম পায় ।
জিলা ঘোষণা কৰাৰ ২৫ বছৰৰ পাছতো মৰিগাঁৱৰ সদৰ সংলগ্ন কোনো এটা ৰাষ্টা আজিকোপতি ভাল হৈ নুঠিল । জিলাখনত অত বছৰে যে কোনো উপায়ুক্ত, চক্ৰ বিষয়া নিযুক্ত হো‌ৱা নাই তেনেও নহয় । প্ৰতি নিৰ্বাচনতে বিধায়ক, লোকসভাৰ সদস্য জয়ী হৈয়েই আছে । ৰহা-বাৰপূজীয়া সংলগ্ন সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো অতিক্ৰম কৰিবলৈ আজিও আধাঘন্টাৰ ওপৰত সময় লাগে কে‌ৱল ৰাষ্টাৰ দুৰ‌ৱস্থাৰ বাবেই । অথচ, তেনেস্থলত যো‌ৱা চাৰিমাহমান আগতে জিলাখনলৈ ৰাজ্যপালে ভ্ৰমণ কাৰ্যসূচী হাতত লো‌ৱা বাবেহে তেলাহি-দলবাৰী সংলগ্ন ৰাষ্টাটো পকীকৰণ কৰা হয় যিটো বৰ্তমানে জিলাখনৰ একমাত্ৰ  ঘাইপথ-সংযোগী ৰাষ্টা হিচাপে পৰিগণিত হৈছে । এদিনৰ ভিতৰতে নিৰ্মানকাৰ্য সম্পূৰ্ণ কৰা আৰু প্ৰস্থেৰে মাত্ৰ এখন গাড়ীহে যাব পৰা এই ৰাষ্টাটোৰো স্থায়িত্ব কিমান দিনৰ হয় সেয়া মৰিগঞাঁ ৰাইজৰ বাবে কৌতুহলৰ বিষয় হৈ পৰিছে ।
সেইদৰে নিৰ্বাচনৰ কিছু পূৰ্বে নগা‌ৱঁলৈ মুখ্যমন্ত্ৰীৰ অহাৰ কথা জানিব পাৰি প্ৰশাসনে ওচৰৰ বাট-পথবোৰ চিকুণাই ৰাতিটোৰ ভিতৰতে এলেকাটোৰ ন-ৰূপ এটা দিবলৈ সমৰ্থবান হৈছিল । ‘নাক’ নামৰ উই.জি.চি.ৰ দল এটাই আমাৰ অসমৰ মহাবিদ্যালয়সমূহ পৰিভ্ৰমণ কৰি প্ৰতিবেদন যুগুতাবলৈ বিচাৰিলেও মহাবিদ্যালয়ৰ চৌহদবোৰ দুই-চাৰি বছৰেকৰ মূৰত একোবাৰ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰা আমি দেখি আহিছো ।  এইধৰণৰ তৎপৰতা দেখি আমাৰ ল’ৰালিৰ দিনলৈ মনত পৰে । আমি পঢ়ামেজৰ আগফালে এখন আইনা ৰাখি থৈছিলো যাতে পঢ়াৰ সময়ত পাছফালৰপৰা মা-দেউতা আহিলে আগতীয়াকৈ দেখিব পাৰো । আৰু তেনে কোনো পৰ্যবেক্ষকৰ আগমণিৰ বতৰা পালেই আমি টিংকল পঢ়া বা অন্য চখৰ কাম বাদ দি পাঠ্যপুথি হাতত তুলি লৈছিলো ।
আমি আশা কৰোঁ, প্ৰশাসনিক তৎপৰতা কে‌ৱল প্ৰদৰ্শনীৰ বাবে হো‌ৱা উচিত নহয় । যিসময়ত যাৰ যি দায়িত্ব সেয়া সঠিকভা‌ৱে কৰি গ’লেহে আমাৰ সমাজে এক সুস্থ প্ৰগতিৰ সোপোন ৰচিব পাৰিব ।

Wednesday, December 30, 2015

সৰ্বানন্দ সোনো‌ৱালে লীলা‌ৱতী দৈমাৰীৰ দৰে লোকক যোগ্য মঞ্চ দিব নে ?


                ‘আমাৰ অসম’ কাকতৰ ২৯ ডিচেম্বৰ,২০১৫ তাৰিখৰ ১২ পৃষ্ঠাৰ বাতৰিটো‌‌ৱে আন মন্ত্ৰী-বিষয়াৰ কথা নাজানো, আমাৰদৰে সৰ্বসাধাৰণ পাঠকক চূড়ান্তভা‌ৱে মৰ্মাহত কৰিলে । যিসময়ত অসমত ক্ৰীড়া প্ৰতিভাৰ অভা‌ৱ বুলি সততেই অভিযোগ শুনা যায়, সেই সময়ত বিটিএডিৰ শালমাৰী সমষ্টিৰ খাটালমৰা গাঁ‌ৱৰ লীলা‌ৱতীয়ে আমাৰ সকলো অভিযোগ ভুল বুলি প্ৰমাণিত কৰি কত বছৰৰ আগতেই ৰাজ্যখনৰ নাম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তুলিছিল সেই কথা জানি গৌৰ‌ৱ অনুভ‌ৱ হো‌ৱাৰ লগতে বেদনাত হিয়া দগ্ধ হৈছে । বাতৰিটোত লীলা‌ৱতীৰ সফলতাৰ বিতং খবৰ তথ্য সহকাৰে ৰাজী‌ৱ তালুকদাৰে প্ৰকাশ কৰিছে । জেভেলিন থ্ৰো বা যাঠি দলিও‌ৱা খেলত সাতোটা ৰাষ্ট্ৰীয় বঁটা, ১৮টা ৰাজ্যিক বঁটা আৰু ১৪টাকৈ জিলা পৰ্যায়ৰ বঁটাৰে গৌৰ‌ৱ কঢ়িয়াই অনা লীলা‌ৱতী  দৈমাৰী সদৌ অসমৰ ৰাইজ তথা ন-প্ৰজন্মৰ বাবে সদায়ে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব । কিন্তু অতি পৰিতাপ আৰু দুখৰ খবৰ এইটো‌ৱেই যে ক্ৰীড়াৰ ক্ষেত্ৰত চৰম প্ৰতিভাধাৰী হৈও ৰাজ্যখনত আজি সেইগৰাকী নাৰীয়ে সংসাৰৰ কঠিন পৰিস্থিতিত এজন ২৬ বছৰীয়া মানসিকভা‌ৱে ভাৰসাম্যসীন পুত্ৰ আৰু শাৰিৰীক-মানসিকভা‌ৱে জৰ্জৰিত স্বামীৰ সতে আনৰ ৰো‌ৱনী-দা‌ৱনী হৈ জী‌ৱন অতিবাহিত কৰিবলগীয়াত পৰিছে । কৰ্ণাটক,গুজৰাটৰদৰে ৰাজ্যসমূহত হো‌ৱাহ’লে চৰকাৰেই অত বছৰে এনে স্বীকৃতিপ্ৰাপ্ত খেলু‌ৱৈক উপযুক্ত সা-সুবিধা দি পৰ্যাপ্ত প্ৰশিক্ষণেৰে আন এশজনী লীলা‌ৱতীৰ জন্ম দিবলৈ বদ্ধ পৰিকৰ  হ’লহেঁতেন । কিন্তু আমাৰে দুৰ্ভাগ্য যে লীলা‌ৱতীয়ে অসমৰদৰে এখন ৰাজ্যত জনম ল’লে য’ত খোদ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী এই মুলুকৰে হৈও ৰাজ্যখনত ক্ৰীড়াৰ এক সুস্থ  বাতাবৰণ গঢ়ি তুলিব পৰা নাই । জনসভা আৰু সাংবাদিক-মেলত সততেই কেন্দ্ৰীয় চৰকাৰৰ ঢাক-ঢোল বজো‌ৱা সৰ্বানন্দ সোনো‌ৱালে লীলা‌ৱতীৰদৰে বোকাৰ পদুমক আদৰেৰে তুলি লৈ উপযুক্ত মান্যতা আৰু ক্ৰীড়া-প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰাপ্য মঞ্চ এখন প্ৰদান কৰিব পাৰিব নে ? 

সাম্প্ৰতিক সময়ত সাহিত্য সভাই কোনখিনি কামক কৰণীয় বুলি ভ‌ৱা উচিত?





“এসময়ত ‘অসম সাহিত্য সভা’ নামৰ অনুষ্ঠানটি অসমৰ ৰাইজৰ হিয়াৰ আমঠু আছিল ।”- কথাফাঁকি লিখোতে বৰ্তমান কালত লিখিবলৈ লৈও কোনো এক সংকোচবোধেৰে ইয়াক কে‌ৱল অতীত কালৰ বাক্যৰূপেই মানি ল’বলৈ বাধ্য হ’বলগীয়াত পৰিছো । ই অতি দু:খজনক সত্য যে, বৰ্তমানে অসম সাহিত্য সভাই যিদৰে অসমৰ খিলঞ্জীয়া ৰাইজৰ আদৰ আৰু বিশ্বাসৰ পাত্ৰ হ’ব পাৰিব লাগিছিল, সেইদৰে কোনো এক আস্থাভাজন বলিষ্ঠ স্থিতি ল’ব পৰা হো‌ৱা নাই । বাৰু সেয়া যিয়েই নহওঁক বা কেৰোণ য’তেই নালাগক, তাৰ কাৰণসমূহ ফঁহিয়াই দোষ-ত্ৰুতিৰ হিচাপ ল’বলৈ যো‌ৱা অথবা কৈফিয়ৎ তলব কৰাটো আমাৰ উদ্দেশ্য হো‌ৱা উচিত নহয় । বৰঞ্চ, মাতৃভাষাটোৰ এই দুৰ্যোগময় সময়ত ভাষাটো জনপ্ৰিয়কৰণ, প্ৰসাৰ আৰু প্ৰচাৰ, বিশুদ্ধতা সংৰক্ষণ ইত্যাদিৰ ক্ষেত্ৰত অসম আৰু অসমীয়াৰ স্বাৰ্থত সাধাৰণ জনতাৰ ব্যক্তিগত প্ৰচেষ্টাক সম্মিলিত কৰি অসম সাহিত্য সভাই কিদৰে কিছু ইতিবাচক পদক্ষেপেৰে আগু‌ৱাই যো‌ৱাৰ সোপান ৰচিব পাৰ সেই কথাহে আমি বিচাৰ কৰি চো‌ৱা উচিত
সাহিত্য সভাই অনাগত বছৰ ইয়াৰ প্ৰতিষ্ঠাৰ শতবৰ্ষ উদযাপন কৰিব । সভাৰ লগত জড়িত থকা আৰু  ভাষাটোক ভালপো‌ৱা প্ৰতিজন অসমীয়াৰ বাবে নি:সন্দেহে ই এটা অতি গৌৰ‌ৱময় বাৰ্তা । সৌ তাহানিতেই পদ্মনাথ গোঁহাঞিবৰু‌ৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰু‌ৱাদে‌ৱৰদৰে পুৰোধা ব্যক্তিসকলৰ সাহিত্য-চৰ্চা আৰু আনুসংগিক কাৰ্যপন্থাৰে যিদৰে অসমত এক বৌদ্ধিক জাগৰণৰ সূচনা কৰি জাতিটোক নতুন দিগন্তৰ মুখ দেখু‌ৱাইছিল, সেই ধাৰা বৰ্তমানে স্তিমিত হৈ আহি শূণ্যসম হৈছেহি বুলি ক’লেও অত্যুক্তি কৰা নহ’ব । অ‌ৱশ্যে এই কথা স্বীকাৰ নকৰাকৈ থাকিব নো‌ৱাৰি যে যো‌ৱা দশকটোত সাহিত্য সভাই নাই বুলি ক’লেও সৰু-বৰ কেইবাটাও প্ৰকল্প সম্পাদন কৰিছে স্মৃতিগ্ৰন্থ, অভিধান, প্ৰ‌ৱন্ধ-পাতি ইত্যাদি প্ৰকাশৰ উপৰিও সাহিত্য সভাই কেইবাটাও বঁটা প্ৰদান, কবি-সন্মিলন, অভিবৰ্তন, কৰ্মশালা আদি সময়ে-সময়ে অনুষ্ঠিত  কৰি আহিছে । ভাষা-আইনৰ সমৰ্থনত সাহিত্য সভাই মাজে-সময়ে ভিন্ন ঠাইত চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানক অসমীয়া ভাষাত নামফলক আঁৰিবলৈ অনুৰোধ কৰাও পৰিলক্ষিত হৈছে । তাৰোপৰি শেহতীয়াভা‌ৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত থলু‌ৱা সম্প্ৰদায়ৰ মানুহখিনিক পোনপটীয়াভা‌ৱে তালিকাত সন্নিবিষ্ট কৰিবলৈও সভাই মাননীয় উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছে । এই সকলোখিনিৰ উৰ্ধত আমি ভা‌ৱোঁ যে বৰ্তমান সময়ত সাহিত্য সভাৰ ওচৰত আন কিছু কৰণীয় আহি পৰিছে । প্ৰচলিত পৰম্পৰাৰে সভাই লিখা-লিখি কৰি যি অলপ কাম-কাজ কৰি আহিছে, সেই একেখিনিকে দোহাৰি থকাৰ সময় বৰ্তমানে নাই । কাৰণ, বৰ্তমান যুগটো‌ৱেই হৈছে এনেকু‌ৱা যে তথ্য-প্ৰযুক্তিৰ উপলব্ধতা আৰু যু‌ৱ-প্ৰজন্মৰ বেপৰু‌ৱা স্বভা‌ৱে কোনো এটা অনুষ্ঠান বা সংগঠনে ‘ধীৰ গতি’ৰে বা সুপ্তভা‌ৱে কৰি থকা কিবা এটা কামক কাহানিও উপযুক্ত মান্যতা নিদিয়ে আৰু তাৰ ফলতেই তেনে সৎ প্ৰচেষ্টাও কাহানিবা স্তিমিত হৈ পৰা দেখা যায় । গতিকে সাম্প্ৰতিক সময়ত সভাই জাতিটোৰ হৈ, ভাষাটোৰ হৈ কিবা এটা কৰিবলৈ যদি ইচ্ছা কৰে, তেন্তে তেনে প্ৰকল্প এটাৰ ৰূপায়ণৰ পন্থা কিছু উন্নত হ’ব লাগিব । অ‌ৱশ্যে আমি ইয়াৰদ্বাৰা এইটো কাহানিও বুজাব খোজা নাই যে সভাই নিজা উন্নয়ন পূঁজি বৃদ্ধিৰ বাবে কোনো ৰাজনৈতিক নেতাৰ ওচৰত হাত পাতিব লাগিব । সমজু‌ৱা কাম-কাজত যথেষ্ঠ পা-পইচাৰ প্ৰয়োজন হয়, সেই কথা ঠিক । কিন্তু সেইবুলিয়ে কে‌ৱল লক্ষ লক্ষ টকা হাতত থাকিলেই যে যিকোনো অনুষ্ঠানে, বা যিকোনো নেতাই সমাজৰ হিতৰ বাবে, জাতিটোৰ মংগলাৰ্থে তাক প্ৰকৃতাৰ্থত কামত লগাব পাৰিব তাতো যথেষ্ট সন্দেহৰ অ‌ৱকাশ থাকে । কাৰণ, পৰিকল্পনাবিহীন আঁচনিত সদায় ধন আৰু মান‌ৱ-সম্পদৰ অপব্য‌ৱ‌হাৰৰ সুৰুঙা থাকি যায় । ইয়াৰোপৰি নি:স্বাৰ্থভা‌ৱে কাম কৰিবপৰা দহোজন মানুহ বিচাৰি উলিও‌ৱাটোও আজিৰ সময়ত এক দু:সাহস ।
আজিৰ ইন্টাৰনেট-সৰ্বস্ব বিশ্বায়ন-ধাৰণাৰ সময়ত, পৃথি‌ৱীত একোটা জাতিয়ে নিজৰ পৰিচয় প্ৰতিষ্ঠাৰ বাবে প্ৰযুক্তিৰ থলু‌ৱাকৰণ এটা মুখ্য আহিলা হিচাপে গণ্য কৰিছেইয়াৰ বাবেই অসমীয়া ভাষাটোক কে‌ৱল কাগজে-কলমেই নহয়, কম্পিউটাৰ-ইন্টাৰনেটেৰেও বিশ্ববাসীৰ আগত উদঙাই দিয়াটো আমাৰ কাৰণে এক প্ৰাৰম্ভিক লক্ষ্য হো‌ৱা উচিত । আৰু এইখিনিতেই এটা সমস্যাৰ উদ্ভ‌ৱ হৈছে যিটোৰ স‌ৱিশেষ হয়তো সাহিত্য সভাৰ দৰে বৰ্ষীয়মান অনুষ্ঠান এটাৰ বিষয়-ববীয়াসকলে বিশেষভা‌ৱে গম নাপায় বা তেৰাসকলে ইয়াক গভীৰভা‌ৱে বুজিব পৰা হো‌ৱা নাই । সমস্যাটো হৈছে এয়ে যে ভাষা সমূহৰ মান্যতা প্ৰদানকাৰী সংস্থা ‘য়ুনিকোড কনচৰ্টিয়ামে’ অসমীয়া ভাষাটোক বাংলাৰে অপভ্ৰংশ বুলি ভা‌ৱি ইয়াক স্বকীয় সুকীয়া ভাষা হিচাপে স্বীকৃতি দিয়া নাই । এই স্বীকৃতি অবিহনে ইন্টাৰনেটত যদিও অসমীয়াত লেখা-মেলা সম্ভ‌ৱ হ’ব, তথাপি কিন্তু ভাষা হিচাপে ই ‘বাংলা’ ভাষাৰে অন্তৰ্ভুক্ত হৈ থাকিব । যিসময়ত বাংলাৰ সমানে সমানে মূলত: সংস্কৃতৰপৰাই উদ্ভ‌ৱ হৈ বি‌ৱৰ্তনৰ নানানটা স্তৰ বাগৰি অসমীয়া ভাষাটো আজিৰ এই সুমধুৰ মসৃণ এটি ভাষালৈ ৰূপান্তৰিত হৈছে, য’ত কে‌ৱল বৰ্ণ আৰু কিছু শব্দাৰ্থৰ সাদৃশ্যৰ বাদে বাক্য-গাঁঠনিত সম্পূৰ্ণ ভিন্নতা প্ৰকটমান, যি ভাষাৰে মান‌ুহৰ হৃদয় আলোড়িত কৰা হাজাৰ-বিজাৰ গ্ৰন্থ ৰচিত হৈ আহিছে-  তেনে এটা ভাষাক অন্য ভাষাৰে ধৰু‌ৱা বুলি অপবাদ দি নিজস্ব স্থান আৰু মান নিদিয়াটো জাতিটোৰ বাবে এক অসহনীয় গ্লানি । এই গ্লানিৰ বিপক্ষে যুঁজি জাতি তথা ভাষাটোক উদ্ধাৰৰ বাবে ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাৰ উপৰিও মূলত: অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ফালৰপৰা সেই কনচৰ্টিয়ামলৈ কিছু হেঁচা তথা ন্যায্য স্বীকৃতি বিচাৰি দাবী জনো‌ৱাৰ প্ৰয়োজন আছে । গতিকে এইখিনিৰ বাবে কিছু প্ৰশাসনীয় তৎপৰতাৰ দৰকাৰ । বৰ্তমানে সাহিত্য সভাৰ লগত বিশেষ ঘনিষ্ঠ সম্পৰ্ক নথকা কেইজনমান ভাষাপ্ৰেমী গ‌ৱেষকেহে এই কামটোত জড়িত হৈ দেহে-কেহে লাগি আছে । অথচ অসম সাহিত্য সভা হ’ব লাগিছিল এনে এটা অনুষ্ঠান যিয়ে এই য়ুনিকোডৰ ক্ষেত্ৰত বিশ্বত অসমীয়া ভাষাটোক স্বীকৃতি দিয়াবৰ বাবে আৰম্ভ হো‌ৱা বিপ্ল‌ৱৰ গুৰি বঁঠা মাৰিব পাৰে । আমাৰ বোধেৰে সভাই পতাকা উত্তোলনেৰে অভিলেখ গঢ়া , সমবেত সংগীতেৰে আকাশ-বতাহ কঁপাই তোলা , পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ সুৰ বজো‌ৱা, ন‌ৱ-প্ৰজন্মক সশ্ৰদ্ধ আদৰণি জনো‌ৱা, দেশৰ মাটিত বিশ্বজয়ৰ সমন্বিত শব্দ-ঝংকাৰ তোলা ইত্যাদি কে‌ৱল চিত্তোকৰ্ষক কাৰ্যসূচীৰে নিজকে নিজে বাহ্ বাহ্ দিয়াৰ সলনি এনে কিছু গুৰুত্বপূৰ্ণ কাম-কাজতহে মনোনি‌ৱেশ কৰা উচিত ।
প্ৰযুক্তিৰ কথা ক’বলৈ লওঁতে আৰু এটি উপাদানৰ কথা উল্লেখ নকৰিলে নহ’ব । সি হৈছে দূৰদৰ্শনৰ নিউজ চেনেল । ডাঁৰৰ বাতৰি ডাঁৰে সম্প্ৰচাৰ কৰিবলৈ দেশত বৰ্তমানে নিউজ চেনেলৰ অভা‌ৱ নো‌হ‌ো‌ৱা হ’ল । কাৰোবাৰ ঘৰত মাজৰাতি কেঁচু‌ৱাই কান্দিলেও, ৰাষ্টাৰ কুকুৰকেইটাই বৰকৈ ভুকিলেও আজিকালি অসমৰ ৰাইজে সেয়া ‘ব্ৰেকিং নিউজ’ হিচাপে পাবপৰা অ‌ৱস্থা এটা হ’ল । প্ৰগতিৰ নিচান উৰু‌ৱা এই চেনেলসমূহে ব্য‌ৱসায়িক মুনাফা লুটাৰ মোহত বন্দী হৈ বাতৰিৰ নামত এশ এবুৰি ভুল শব্দৰ লিখিত ৰূপ তথা বিকৃত উচ্চাৰণ প্ৰচাৰ কৰি বৰ্তমানে অসমীয়া ভাষাটোৰ শৰাধ পাতিছে । দূৰদৰ্শনৰ পৰ্দাত “সুধি”ৰ সলনি “সোধি”, “কাইলৈ”ৰ সলনি “অহা-কালি”, “কালি”ৰ সলনি “যো‌ৱাকালি”, “২ বজাৰ অনুষ্ঠান”ৰ সলনি “২টাৰ অনুস্থান ”,  ওফণ্ডি উঠিছে”ৰ সলনি “উফণ্ডি ঠিছে” ইত্যাদি ভুল শব্দ দেখি দেখি আমাৰ ন-শিকাৰু কণমানিহঁতেও এনেদৰেই শিকিবলৈ লৈছে । মাতৃভাষাটোৰ এইহেন দুৰ্গতিৰ সময়ত এনে বিষয়বোৰত চৰকাৰে যদি চকু মুদা কুলিৰ ৰূপ লৈ মৌনতা অ‌ৱলম্বন কৰে , তেন্তে সাধাৰণ জনতাইনো কাৰ ভৰসাত মাতৃভাষাটোৰ ভ‌ৱিষ্যত সুৰক্ষিত বুলি আশ্বাসিত হ’ব পাৰিব ? ভা‌ৱি চালে ব্য‌ৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ এইহেন মইমতালিক নাকী লগাবৰ বাবে অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান এটা বাদ দি আন কোনো অনুষ্ঠান জানো উপযুক্ত হ’ব পাৰে ? কিন্তু সাহিত্য সভাই এইহেন জ্বলন্ত বিষয়তো আজিকোপতি নিমাতে থাকি অপদাৰ্থ বুলি নিজকে প্ৰমাণিত কৰি আহিছে । চৰকাৰী কাৰ্যালয়ৰ নথি-পত্ৰ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামফলক, বেনাৰ, চাইনবোৰ্ড ইত্যাদিত ইংৰাজী বা হিন্দী ভাষাৰ লগতে মূল শিৰোনামাসমূহ অন্ত:ত  অসমীয়াত লিখাৰ বাবে সভাই মাজেসময়ে খবৰ-কাগজত গোহাৰি অথবা দে‌ৱালে দে‌ৱালে পোষ্টাৰ লগো‌ৱা দেখা যায় । কিন্তু আমি নাভা‌ৱোঁ যে আজিৰ দিনত কে‌ৱল অনুৰোধ বা অনুনয়-বিনয়েৰে এনে এটা কাম সমাধা কৰিব পৰা যাব । গতিকে ল’ৰা-ছো‌ৱালীয়ে দুষ্টামী কৰিলে যিদৰে আমি দুই-এটা কাণ-চেঁপাৰেও সিহঁতক শিকনি দিও, সেইদৰেই অনুষ্ঠান-প্ৰতিষ্ঠানে এই অনুৰোধ অ‌ৱজ্ঞা কৰিলে আইনগত ব্য‌ৱস্থাৰে অথবা উচ্চস্তৰীয় প্ৰশাসনীয় নিৰ্দেশনা জাৰিৰে হ’লেও সেই কামফেৰা সাহিত্য সভাই কৰাব পৰাৰ যোগ্যতা অৰ্জন কৰিব লাগিব । অ‌ৱশ্যেই স্বীকাৰ কৰিব লাগিব, অন্ত:কৰণেৰে ভাষাটোক ভালপো‌ৱা মানুহৰ সংখ্যা ক্ৰমাগতভা‌ৱে হ্ৰাস পো‌ৱা বাবেই স্বভাষাপ্ৰীতিৰ এই সামান্যতম উদাহৰণটিও আজিকোপতি অসমীয়া মানুহে স্বত:স্ফুৰ্তভা‌ৱে দেখু‌ৱাবলৈ সমৰ্থ হো‌ৱা নাই ; যিটো সঁচাকৈয়ে কিছু হাতাশাজনক ।
সাহিত্য সভাই বহল পৰিসৰেৰে যদি নিজৰ কৰ্মদলত আজিৰ যু‌ৱ-প্ৰজন্মক আকৰ্ষিত কৰি সন্নিবিষ্ট কৰি ল’ব পাৰে, তেন্তে অনাগত সময়ত ‘অসম সাহিত্য সভা’ অসমৰ এক অন্যতম শক্তিশালী জাগৰণকাৰী অনুষ্ঠান হিচাপে পৰিগণিত হ’ব । ইয়াৰ বাবে ন-প্ৰজন্মৰ কাষ চাপি তেওঁলোকৰ মতামতক মূল্য দিয়া আৰু উপযুক্ত দায়িত্ব অৰ্পণ কৰাটোও সাহিত্য সভাৰ জনপ্ৰিয়কৰণৰে এক পন্থা হ’ব পাৰে । তাৰ বাবে সাহিত্য সভাৰ বিষয়ববীয়াসকলে কিন্তু নিজৰ আওপুৰণি চিন্তাধাৰাৰ আ‌ৱৰণি গুচাই চ’চিয়েল মেডিয়াৰ যোগেদি প্ৰচাৰ চলো‌ৱাৰদৰে প্ৰযু্ক্তিগত পদ্ধতিকো আঁকো‌ৱালি ল’বলৈ কুন্ঠাবোধ কৰিব নালাগিব ।  সেই হিচাপত চাবলৈ গ’লে সাহিত্য সভাই অসমীয়া ভাষাটোৰ ‘ডিজিটেল’ সংস্কৰণকো চকু-কাণ ফুৰাব লগীয়া পাৰিপাৰ্শ্বিকতা এটা বৰ্তমানে সৃষ্টি হৈছে । খুব বেছি দীঘলীয়া নকৰি দুটিমান এনে দায়িত্বৰ কথা যদি সংক্ষেপে উল্লেখ কৰো তেন্তে সেই তালিকাত সোমাব- ১) অসমীয়া সাহিত্যৰ উল্লেখনীয় গ্ৰন্থৰাজী আটোমটোকাৰীকৈ অনন্ত কালকৈ অক্ষত অ‌ৱস্থাত সংৰক্ষণ কৰাৰ স্বাৰ্থত আৰু বিশ্বৰ ভিন্নপ্ৰান্তৰ অসমীয়া বা অসমীয়া-ভাষাপ্ৰেমী তথা গ‌ৱেষকসকলে থাউকতে পাব পৰাৰ বন্দো‌ৱস্ত হো‌ৱাকৈ এই গ্ৰন্থসমূহৰ য়ুনিকোড ৰূপান্তৰকৰণ তথা ‘ইন্টাৰনেট ‌ৱেব চাৰ্ভাৰ’ত ইয়াৰ উপস্থাপন । ২) ‘গুগল’ বা ‘য়াহু’ৰ দৰে চাৰ্চ ইঞ্জিনে মূহুৰ্তৰ ভিতৰত হাতৰ মুঠিতে অসমীয়া সাহিত্যৰ ভিন্ন পৃষ্ঠা খুলিব পৰাকৈ ‘অসমীয়া ‌ৱিকিপেডিয়া’ বা অন্য ই-আলোচনীসমূহত সাহিত্যৰ সমল বঢ়ো‌ৱাত গুৰুত্ব দিয়া । ৩) প্ৰথম অসমীয়া সতাঁৰ অভিধান ‘শব্দ ডট অৰ্গ’(www.xobodo.org) ক আনুষ্ঠানিক মান্যতা দিয়া আৰু ইয়াৰ অৰিহণাৰ ওপৰত নজৰ ৰখা ৪) ‘ড্য চানডে ইণ্ডিয়ান’ নামৰ আলোচনীখনে দেখু‌ৱাই দিয়া উদাহৰণেৰে অসমৰ পৰা প্ৰকাশিত সকলো বাতৰি কাকতৰ ইন্টাৰনেট সংস্কৰণবোৰত বাতৰিসমূহৰ আলোকচিত্ৰৰ সলনি ‘য়ুনিকোড’ৰ আখৰ ব্য‌ৱহাৰ কৰিবলৈ জোৰ দিয়া(অন্তৰ্নিহিত কাৰণ- চাৰ্চ ইঞ্জিনে আলোকচিত্ৰত থকা আখৰ বিচাৰি উলিয়াব নো‌ৱাৰে, অথচ য়ুনিকোডত লিখা আখৰ বিচাৰি পাব পাৰে) ৫)  বৰ্ণশুদ্ধি, ব্যাকৰণ আদিৰ প্ৰাথমিক জ্ঞান প্ৰতিজন অসমীয়াক শিকাবৰ বাবে অতি কাৰ্যক্ষম মাধ্যম হিচাপে চ’চিয়েল মেডিয়াক ব্য‌ৱহাৰ কৰা ইত্যাদি । এই কাৰ্যা‌ৱলীসমূহ ৰূপায়নৰ ক্ষেত্ৰত সভাৰ বিষয়ববীয়াসকলে প্ৰয়োজন সাপেক্ষে প্ৰযুক্তি-বিশাৰদৰপৰা কাৰিকৰী প্ৰশিক্ষণ ল’ব পাৰে  আৰু ঠায়ে ঠায়ে শিবিৰ অনুষ্ঠিত কৰি ন-প্ৰজন্মক কামবোৰৰ প্ৰতি উছাহ জগাব পাৰে ।
ক’ব পাৰি, অনুৰাগী আৰু স্বেচ্ছাসে‌ৱীৰ অভা‌ৱতে জিলাসমূহৰ ভিন্ন ঠাইত পূৰ্বে গঠিত শাখা সাহিত্য সভাসমূহো বৰ্তমানে কে‌ৱল নমৰিহে জীয়াই আছে । এই শাখাসমূহ পুণৰোজ্জী‌ৱিত হৈ উঠিবলৈ সভাই প্ৰত্যেককে যোগাত্মক আৰু জনতা-সহযোগী কাৰ্যপন্থা হাতত ল’বলৈ নিৰ্দেশ দিব পাৰে । গাঁৱে-ভূঞেঁ সভাই অসমীয়া হাতৰ-আখৰৰ প্ৰশিক্ষণ দিয়া, সংস্কৃত ভাষাৰ আদিপাঠ দিয়া, ৰচনা-প্ৰবন্ধ লিখাৰ কৌশল শিকো‌ৱা, ছাত্ৰ-ছাত্ৰীক ভাষা-জ্ঞান প্ৰদান কৰা, শিক্ষানুষ্ঠানত শ্ৰেষ্ঠ সাহিত্যিক বাছি উলিও‌ৱা ইত্যাদি নানান তৃণমূল পৰ্যায়ৰ পদক্ষেপ হাতত ল’ব পাৰে । এক কথাত, ঘৰে ঘৰে চাহৰ জুতি আৰু ৰাজনীতিৰ আলোচনাৰে কবিতা-মেল পতাতকৈ আমি ক’ম যে সাহিত্য সভাই গুণগত কবিতাৰ বৈশিষ্ট, ধাৰা, অন্য ভাষাৰ কবিতাৰ মান ইত্যাদি বিষয়ত আলোচনা পতাটোহে আমাৰ কাম্য ইয়াৰোপৰি কিছু আগু‌ৱাই গৈ সাহিত্য সভাই আধুনিক শিক্ষাৰ মান আৰু পদ্ধতি সম্পৰ্কে আলোচনা, বিদেশৰ মাটিত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰশিক্ষণ, মানসম্পন্ন সাহিত্যৰ চৰ্চা আৰু সৃষ্টিৰ বাবে ন-পুৰুষক অনুপ্ৰেৰণা জগোৱা ইত্যাদি কাৰ্য হাতত ল’ব পাৰিলে খুবেই ভাল হ’ব বুলি আমি বিশ্বাস কৰোঁ ।
অসম সাহিত্য সভাৰ সংবিধানত উল্লেখ থকা ইয়াৰ উদ্দেশ্যসমূহৰ ভিতৰত অন্যতম দুটি মান হৈছে-  সংগীত, চিত্ৰবিদ্যা আৰু ভাস্কৰ্যবিদ্যাৰ উন্নতিসূচক কাৰ্য্য কৰা , সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় বিনিময় আচঁনি কাৰ্যকৰী কৰা , সংস্কৃতিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত থকা অন্তৰায় দূৰ কৰা  আৰু ভাষা-সাহিত্য-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা  । এই আটাইকেউটা বিষয়তে অসমৰ মানুহে অসম সাহিত্য সভাই চকুত পৰা ধৰণে কিবা অলপ-অচৰপ কাম কৰা দেখিবলৈ পালে নিশ্চিতভা‌ৱে সন্তোষিত হ’ব । সাহিত্য সভাই প্ৰাচীন সাহিত্য আৰু লোক-সাহিত্যৰ অনুসন্ধান, সংগ্ৰহ, প্ৰকাশ আৰু গ‌ৱেষণাৰ হেতু নিৰ্বাচিত কিছু ঠাইত চৰ্চা কেন্দ্ৰ স্থপন কৰি ক্ষুদ্ৰ সংগ্ৰহালয় গঢ়ি তুলিব পাৰিলেও জাতিটো আৰু ভাষাটোৰ বাবে বহুজনে কৰি অহা অশেষ কষ্ট সাৰ্থক হ’ব বুলি ক’ব পাৰিসাহিত্য অকাডেমীয়ে মাজে সময়ে অনুষ্ঠিত কৰাৰদৰে  ভাৰতৰ অন্য ৰাজ্যৰ বা বিদেশৰ সাহিত্যিকৰ সতে স্থানীয় সাহিত্যপ্ৰেমী তথা অনুৰাগীৰ মত-বিনিময়ৰ ব্য‌ৱস্থা এটা ছমাহে-বছৰেকে অনুষ্ঠিত কৰিব পাৰিলে আমাৰ সাহিত্য সভাইও বহু  শুভাকাংক্ষীৰ হৃদয় জয় কৰিবলৈ সমৰ্থবান হ’ব   সেইদৰে সাহিত্যৰ লগতে সংস্কৃতিৰ ক্ষেত্ৰতো অসমীয়াৰ প্ৰতি খোজৰ সতে সভাই নিজকে সংযোজিত আৰু প্ৰসাৰিত কৰিব পাৰিলে অতি শীঘ্ৰেই ই অসমীয়াৰ হেৰু‌ৱা আস্থা ঘুৰাই আনিব পাৰিব বুলি আমি অন্ত:কৰণেৰে বিশ্বাস কৰোঁ।
------------------------------------০০০--------------------------------------